অসমীয়া কাব্য সাহিত্যত চনেট কবিতাৰ চমু আলোকপাত

অসমীয়া কাব্য সাহিত্যত চনেট
কবিতাসমূহ পশ্চিমীয়া সাহিত্যৰ পৰা
আমদানিকৃত অনুপম অৱদান । চনেটৰ
অসমীয়া প্ৰতিশব্দ বহুতেই চতুদৰ্শপদী
কবিতা বুলি অভিহিত কৰিলেও ই
প্ৰকৃততে শুদ্ধ নহয় । কাৰণ অসমীয়া চনেটৰ
ক্ষেত্ৰত পদৰ সংখ্যা দৰাচলতে
আঠাইশটাকৈ থাকে । পয়াৰৰ আধাৰত
ৰচিত প্ৰতিটো চৰণবন্ধত দুটাকৈ পদ
থাকে আঠ আৰু ছয়মাত্ৰাৰ বিন্যাসত ।
গতিকে চনেটক চতুদৰ্শ পংক্তিক
কবিতা বুলিলেহে শুদ্ধ হ’ব । গুৰুত্বপূৰ্ণ
এইটো যে চনেটৰ এনেকুৱা কাব্যৰূপ য’ত
সকলোবোৰেই গৌণ ছন্দৰূপটোৱে মূখ্য ।
অসমীয়া সাহিত্যত দুই ধৰণৰ চনেট পোৱা
যায় – প্ৰেট্ৰাকীয় অথবা ইটালীয়
ধ্ৰুপদী আৰু ছেক্সপীয়েৰ
বা ইংৰাজী ৰমন্যাসিক । চনেটৰ সন্দৰ্ভত
এজন ইংৰাজ সাহিত্যিক D.G.Rosseti য়ে
কৈছে
” A sonet is moment’s monument
Memorial from the soul`s eternity
To one dead deathless hour.”
অৰ্থাৎ কবিৰ কাৰণে চনেট হ’ল কবিতাৰ
সেই উৎকৃষ্টতম মাধ্যম যাৰ জৰিয়তে
কবিয়ে তেওঁৰ অন্তলীন উপলব্ধি, বেদনা
আৰু গৰিমা, উচ্ছলতা আৰু ব্যথৰ্তা ,
অভ্ৰভেদী উচ্ছাস আৰু গভীৰতম উপলব্ধি
সকলোখিনি সুতীব্ৰ ৰূপত ব্যক্ত কৰিব
পাৰে । ই হ’ল ক্ষণিকৰ স্তম্ভ ।
অসমীয়া প্ৰথম চনেট কবিতাটো হ’ল
হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা
প্ৰেট্ৰাকীয় আৰ্হিৰ ‘প্ৰিয়তমাৰ
চিঠি’। গোস্বামীৰ আন চনেট সমূহ হ’ল
‘কাকো আৰু হিয়া নিবিলাও’,
‘কাকূতি’, ‘ধৰা পৰা’, আদিত ইটালীয়
আৰ্হিৰ প্ৰভাৱ দেখা যায় । ‘প্ৰিয়তমাৰ
চিঠি’ত কেনেদৰে প্ৰাকৃতিক চিত্ৰৰ
সহায়ত ভাৱ প্ৰকাশ কৰিছে মন কৰক ।
‘সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই প্ৰকৃতিৰ
চোঁ-ঘৰ চালো পিত পিত কুকুৰঠেঙীয়া
এই আখৰকিটিত যি অমিয়া গঢ়া আছে
ক’তো আৰু নাই কবি নিকুঞ্জত ফুলি ক’ত
কবিতাই মলয়াত উটি উটি ফুৰে
পৃথিৱীত তোমাৰ চিঠিয়ে কিন্তু
জানে যিটি গীত কবিতাৰ কাব্যে
তাৰ গোন্ধকে নাপায় ।’ ইয়াৰ পাছত
পদ্মনাথ গোহাঁঞি বৰুৱাদেৱেও চনেট
ৰচনা হাত দিয়ে । তেঁওৰ ‘জুৰণি’
কবিতা পুথিৰ প্ৰথম বাইশটা কবিতাই
চনেট । ‘কবি’, ‘কবিতা’, ‘কল্পনা’ আদি
চনেট সমূহত স্তৰ বিভাগ নাই যদিও
ক্ৰমবিকাশ, সংযত কল্পনা আৰু
প্ৰকাশভংগীৰ গাম্ভীৰ্য্য বিদ্যমান ।
ইয়াৰ কিছুমান চনেটৰ লঘু কল্পনা বা
টুলুঙা ভাৱৰ প্ৰকাশ ঘটিলেও চনেটৰ
মৰ্য্যাদা লাঘৱ হোৱা নাই ।
ইয়াৰ পাছত পাঁও আমি অন্যতম চনেট কবি
হিতেশ্বৰ বৰবৰুৱা দেৱক । ১৯১৮ চনত সৰ্বমুঠ
১২৮ টা চনেট
কবিতাৰে অসমীয়া সাহিত্যৰ প্ৰথম খন
চনেট কবিতা পুথি প্ৰকাশ পাই ‘মালচ’
নামেৰে । সকলোবোৰ চনেট কবিতা
ৰসঘন নহ’লেও বেছিভাগতে গাম্ভীৰ্য্য,
ভাৱৰ ঐক্য আৰু অনুভূতিৰ সংযম সংৰক্ষিত
হৈছে । বৰবৰুৱাই পুনৰ নিজ পুত্ৰশোকত
১৯২১ চনত আন এখন চনেট কবিতাৰ পুথি
‘চকুলো’ । ‘মালচ’ৰ চনেট সমূহ যিদৰে
জীৱনৰ বিচিত্ৰ উপলব্ধি, সংবেদন আৰু
সংযত গম্ভীৰ প্ৰকাশ তেনেদৰে চকুলোত
শোকাকুল হৃদয়ক চেপি ৰখাৰ বেদনাৰ
নিগৰিত অশ্ৰু । কবিৰ দুখবোৰ আছে কিন্তু
নিৰাশাবাদী নহয় ।ইয়াৰ উপৰিও
বৰবৰুৱাৰ কিছুমান চনেট ‘ঢোপাকলি’
নামৰ
পুথিতো ওলাইছিল । ছনেট ৰচনা আৰু
পৈণত অমিত্ৰাক্ষৰ ছন্দৰ ব্যৱহাৰত
বৰবৰুৱাৰ স্থান অদ্বিতীয় ।
হেম বৰুৱা দেৱৰ ‘মমতাৰ চিঠি’ এখন
চিঠি সুন্দৰ চনেটৰ উদাহৰণ । মুঠতে ছনেট
কবিতা সমূহে অসমীয়া সাহিত্যলৈ এক
নতুন ধাৰা আনিলে । আধুনিক কবিসকলৰ
দুবোৰ্ধ্য কবিতাৰ বিপৰীতে ছনেট সমূহ
ভাৱ গধুৰ হ’লেও বুজাত সহজ ।
পৰৱৰ্তী লেখাত সুযোগ
পালে বিতংভাৱে আলোচনা কৰা হ’ব
ইয়াৰ ওপৰত ।
[ প্ৰসংগ পুথি-
ক) অসমীয়া সাহিত্যৰ
ৰূপৰেখা
খ) অসমীয়া সাহিত্যৰ ইতিবৃত্ত
গ) সাহিত্য উপক্ৰপমণিকা ]

No comments:

Post a Comment