হেম সৰস্বতী (প্ৰাক শংকৰী যুগ)

প্ৰহ্লাদ চৰিত আৰু হৰ-গৌৰী
সংবাদ নামৰ দুখন কাব্য
পুথি ৰচনা কৰা হেম
সৰস্বতীয়ে কমতাধপিতি দুৰ্লভনাৰ
পৃষ্ঠপোষকতা লাভ কৰিছিল। এওঁৰ
সময়সীমা সম্পৰ্কে সাহিত্যৰ
বুৰঞ্জীকাৰসকলৰ মজত মতভেদ
থকা পৰিলক্ষিত হয়।
খেনোৱে এওঁক ত্ৰয়োদশ শতিকাৰ
শেষ নাইবা চতুৰ্দশশতিকাৰ
প্ৰথমাৰ্ধ (কালিৰাম মেধি ড০
সত্যেন্দ্ৰ নাথ শৰ্মা),
খেনোৱে চৈধ্য শতিকাৰ মাজভাগৰ
(কনকলাল বৰুৱা, দেৱানন্দ
ভঁৰালি আদি) বুলি ঠাৱৰ কৰিব
বিচাৰে। কবিৰ দুয়োখন
কাব্যতে অৱশ্যে নিজৰ পৰিচয়
সম্পৰ্কে ভিন্ন মত প্ৰকাশ
পাইছে। প্ৰহ্লাদ চৰিতত উল্লেখ
থকা মতে-
কমতামণ্ডল দুৰ্লভনাৰায়ণ নপৃবৰ
অনপুাম।
তাহান ৰাজ্যত
ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম।।
তাহান তনয় হেম সৰস্বতী ধ্ৰৱৰ
অনুজ ভাই।
পদবন্ধে তেহো প্ৰচাৰ
কৰিলা বামণ পুৰাণ চাই।।
ইয়াৰ মতে হেম
সৰস্বতী দুৰ্লভনাৰায়ণৰ ৰাজ্য
কমতাপুৰত থকা ৰুদ্ৰ সৰস্বতীৰ
কন্যা দেৱযানীৰ পুত্ৰ আৰু ধ্ৰৱৰ
অনুজ ভাই। সেই হিচাপে ৰুদ্ৰ
সৰস্বতী এওঁৰ ককাক। কিন্তু হৰ-
গৌৰী সম্বাদত
কবিয়ে নিজে উল্লেখ কৰিছে।
ভপূ দুৰ্লভনাৰায়ণ
পাত্ৰপশুপতিসুত
সৰ্ব্বশাস্ত্ৰে পণ্ডিত সুজান।
তাহাৰ তনয় চাৰি ধনঞ্জয়
আদি কৰি ধ্ৰৱ ভৈল কুলত প্ৰধান।
অপৰ হেমনত কবি হৰগৌৰী পদ
সেৱি হেম সৰস্বতী ভৈল নাম।।
এই কবিতা ফাঁকিত
কবিয়ে কৈছে যে পশুপতি পাত্ৰৰ
নাতি চাৰিজন, ধ্ৰৱ তাৰে প্ৰধান
আৰু হেম সৰস্বতীৰ আন এটা নাম
হেমন্ত। দুয়োখন কাব্যৰ
কবি পৰিচয় ফঁহিয়াই
চালে দেখা যায় যে ৰুদ্ৰ
সৰস্বতী আৰু পশুপতি সুতৰ
অৱস্থান সম। সেই বিচাৰত হেম
সৰস্বতীক ৰুদ্ৰ
সৰস্বতী বা পশুপতি পুত্ৰৰ পুত্ৰ
বুলি ধৰি লোৱাত
আপত্তি নাথাকে। মহেশ্বৰ
নেওগে হৰিবৰ বিপ্ৰতকৈ এক পুৰুষৰ
পাছৰ বুলি ক’ব খোজে যদিও আন
পণ্ডিতসকলে এওঁক প্ৰাক্-
শংকৰী যুগৰ আটাইতকৈ প্ৰাচীন
কবি বুলি ক’ব খোজে।
হেম সৰস্বতীয়ে লিখা ‘এশ
চৰণযুক্ত’ সৰু পুথি প্ৰহ্লাদ
চৰিত্ৰ (প্ৰহ্ৰাদ চৰিত্ৰ)
অসমীয়া সাহিত্যৰ এখন
আপুৰুগীয়া গ্ৰন্থ।
অধুনালুপ্ত বামন পুৰাণৰ আধাৰত
এই কাব্যখন কবিজনাই ৰচনা কৰিছিল।
হিৰণ্যকশিপু আৰু ভক্ত প্ৰহ্লাদৰ
তৰ্ক-বিতৰ্কৰ পৰা আৰম্ভ
কৰি হিৰণ্যকশিপু
বধলৈকে বৰ্ণনা থকা এই কাব্যখনত
ঘটনা আৰু পৰিস্থিতিৰ সৰল আৰু
সহজবোধ্য বিৱৰণ আছে; কিন্তু সূ-
কলাবোধ, সুদূৰ প্ৰসাৰী কল্পনা,
চিত্তাকৰ্ষক বৰ্ণনা, ছন্দৰ
ব্যাপকতা ইয়াত প্ৰকাশ
পোৱা নাই। ভাষা আৰু ৰচনাশৈলীও
বৰ উচ্চ খাপৰ আৰু নিমজ নহয়
বুলি সমালোচকসকলে মত পোষণ কৰে।
কথক ৰূপেও কবি বৰ সফল নহয়।
অৱশ্যে ঘৰুৱা জতুৱা ঠাঁচৰ
প্ৰয়োগ, যেনে- আচাৰত ভিন
হৰি বিচাৰত এক; অলংকাৰত
প্ৰয়োগ, যেনে- তালুত
লাগিলা যেন প্ৰচণ্ড অগনি (উপমা),
গিৰিক ভেদিয়া যেন বহি জাই জল।/
হিৰণ্যৰ তেজে বসুমতী গৈলা তল।
(উৎপ্ৰেক্ষা) আদিয়ে কবিৰ
বৰ্ণনাত ঘৰুৱা পৰিৱেশৰ
সষ্টি কৰিছে। উল্লেখযোগ্য
যে তেওঁ অসুৰৰ শাস্ত্ৰক
‘বামনায়’ আখ্যা দিছে আৰু
হস্তী সাধামন্ত্ৰৰ
উল্লেখো কৰিছে। এইখন পুথিত
বৈষ্ণৱ ধৰ্ম আৰু বিষ্ণু ভক্তিৰ
মাহাত্ম্য প্ৰকাশ হোৱালৈ চাই
কালিৰাম মেধি ডাঙৰীয়াই
বৈষ্ণৱ ধৰ্মৰ প্ৰথম
অসমীয়া পুথি বুলি আখ্যা দিছে।
কাব্যখনত বামনায় শাস্ত্ৰৰ
উপাসকসকলৰ বিৰুদ্ধে বৈষ্ণৱ
প্ৰহ্লাদৰ বিজয় কীৰ্তন
কৰা হৈছে।
৮৯৯টা পদ সম্বলিত আৰু
ছটা অধ্যায়ত বিভক্ত হৰ-গৌৰী
সংবাদ কাব্যখন কবি হেম সৰস্বতীৰ
দ্বিতীয় পুথি। কাব্যখনৰ প্ৰথম
অধ্যায়টিত নৃসিংহ পুৰাণৰ
পৰা আহৰিত আৰু নৰসিংহ বিষ্ণুৰ
হাতত হিৰণ্যকশিপু বধৰ
কথা বৰ্ণনা কৰা হৈছে। দ্বিতীয়ৰ
পৰা পঞ্চম অধ্যায়লৈ তাৰকাসুৰৰ
যুদ্ধ, হৰৰ কোপত মদন ভষ্ম, হৰ-গৌৰীৰ
বিবাহ, কাৰ্তিক কুমাৰৰ জন্ম, আৰু
তাড়ক বধৰ কাহিনী বৰ্ণিত হৈছে।
এই অধ্যায় কেইটাৰ বিষয়বস্তু হৰ-
গৌৰী সম্বাদৰ পৰা আহৰণ
কৰা হৈছে বুলি কৈছে যদিও সেইখন
পুথি আজিলৈকে আৱিষ্কৃত
হোৱা নাই। কিন্তু
কালিকা পুৰাণৰ সৈতে আৰু কুমৰ
সম্ভৱত এনে কাহিনী বৰ্ণিত
হোৱাৰ পৰা অনুমান কৰা হয়
যে কবিয়ে হয়তো এইকেইখনৰ পৰাই
বিষয়বস্তু চয়ন কৰিছিল। ষষ্ঠ
অধ্যায়টিত যোগ সাধনাৰ, অৰ্থাৎ
যোগ-কথনম অধ্যায়টিত যোগ
প্ৰক্ৰিয়াৰ
কথা বৰ্ণনা কৰা হৈছে। এই
অধ্যায়টিত বৰ্ণনা কৰিছে-
বায়ু মণ্ডলত বায়ু
কৰিবা স্তম্ভন।
বায়ুৰ আহাৰ বিন্দু
কৰিবা ভোজন।।
বায়ুক ৰাখয় বিন্দুক ৰাখয়
বায়ু।
দুই সমে নৰ হয় চিৰন্তন আয়ু।।
প্ৰণিধানযোগ্য যে হৰ-গৌৰী
সংবাদ পুথিখন এতিয়ালৈকে পাঠ
সমীক্ষিত হৈ প্ৰকাশ হোৱা নাই।
তথাপিও ক’ব লাগিব হেম
সৰস্বতী উচ্চ খাপৰ কবি নহ’লেও ভাব
ভাষাৰ উপস্থাপনত বৈষ্ণৱ
যুগলৈ তেওঁ এক
আৰ্হি দাঙি থৈ গ’ল।

No comments:

Post a Comment