প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ভিতৰত
স্পষ্টভাৱে নিজৰ পৃষ্ঠপোষক ৰজাৰ
লগতে নিজৰ বংশ পৰিচয়
সম্পৰ্কে কাব্যৰ মাজেদি প্ৰকাশ
কৰি গৈছে কবিৰত্ন সৰস্বতীয়ে। এওঁ
দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ
পৃষ্ঠপোষকতা লাভ কৰিছিল।
এতিয়ালৈ এখন মাত্ৰ কাব্য উদ্ধাৰ
হোৱা এই জনা কবিয়ে কাব্য (জয়দ্ৰথ
বধ) খনত নিজৰ পৰিচয় দিছে এনেদৰে-
নপৃ শিৰোমণি দেৱ
মহামানী দুৰ্লভনাৰায়ণ ৰাজা।
নিতে পুত্ৰৱতে পালিলা সততে পৃথিৱ
যত প্ৰজা।।
তাহান তনয় ভৈল ধৰ্মময় ইন্দ্ৰনাৰায়ণ
ৰাজা।
মহাবীৰ ধীৰ স্বভাৱে গম্ভীৰ
নিতে কৃত হৰি সেৱা।।
নিজ বাহুবলে পাইলা অবিকলে অখণ্ড
মহীমণ্ডলে।
যাত
খাটে নমি সততে প্ৰণামি বপিক্ষ
নপৃসকলে।।
যাত সৰ্বক্ষণ ইন্দ্ৰনাৰায়ণ বৰ দেনত
সদাশিৱ।
হৌক নৰেশ্বৰ পাঞ্চ গৌৰেশ্বৰ
পিতাপুত্ৰ চিৰঞ্জীৱ।।
ছোট শিলা নাম আছে এক গ্ৰাম য’ত
গ্ৰাম মধ্যে সাৰ।
আছিল তথাত জগত প্ৰখ্যাত
চক্ৰপাণি শিকদাৰ।।
পটু নৰবৰ কায়স্থ প্ৰবৰ ধৰ্মবনত মহাযশী।
পণ্ডিত তিলক কুল প্ৰকাশক নিষ্কলংক
যেন শশী।
তাহান তনয় অতি শুভনয় কবিৰত্ন
সৰস্বতী।
দ্ৰোণপৰ্ব পদ জয়দথ বধ
কৌতুহলে নিগদতি।।
কবি গৰাকীৰ ঘৰ বৰপেটা অঞ্চলৰ
ছোটাশিলা গ্ৰামত।
চক্ৰপাণি শিকদাৰ নামৰ এজন
কায়স্থকুলৰ লোক আছিল তেওঁৰ পিতৃ।
ৰাজবিষয়া আৰু চন্দ্ৰমাৰ দৰে নিষ্কলুষ
চক্ৰপাণি শিকদাৰ আছিল বংশৰ মুখ
উজ্বল কৰোঁতা পণ্ডিত। এনে হেন
ব্যক্তিৰ পুত্ৰ কবিৰত্ন
সৰস্বতীয়ে ইন্দ্ৰনাৰায়ণ ৰজাৰ
পৃষ্ঠপোষকতাত মহাভাৰতৰ দ্ৰোণ পৰ্বৰ
অন্তৰ্গত জয়দ্ৰথ বধৰ কাহিনীভাগ
অসমীয়ালৈ অনুবাদ কৰে।
উল্লেখযোগ্য যে এইজন কবিৰত্ন
সৰস্বতীৰে বংশধৰ হ’ল মাধৱদেৱৰ
ভাগিনীয়েক ৰামচৰণ ঠাকুৰ। কবিৰত্ন
সৰস্বতীৰ জয়দ্ৰথ বধ কাব্যখন
সম্পূৰ্ণৰূপে এতিয়ালৈকে উদ্ধাৰ
হোৱা নাই। অসমীয়া সাহিত্যৰ
চানেকিত সন্নিবিষ্ট
হৈছে কবিজনাই ৰচনা কৰা ‘কৈলাশ
বৰ্ণনা’ অংশহে। দুলড়ী ছন্দত ৰচিত
কৈলাশ বৰ্ণনা মুঠ ১৯x২=৩৮
টা ছন্দতে সীমাবদ্ধ। এই কেইটিমান
পদৰ পৰাই কবিজনাৰ কাব্য প্ৰতিভাৰ
উমান পাব পাৰি। কৈলাশৰ ফল-ফুলৰ
শোভা, শিৱৰ অনুচৰবোৰৰ বিকৃত শৰীৰ,
নাগৰিকসকলৰ ৰূপযৌৱন, মদন-চঞ্চল ভাব
আদি বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়
সপোনতে কৈলাশ ভ্ৰমণ কৰাই এই
চিত্ৰবোৰ অংকন কৰি নিজৰ কবিত্ব
শক্তিৰ পৰিচয় দাঙি ধৰিছে।
উল্লেখযোগ্য যে এই বৰ্ণনাত অসমৰ ২০
বিধ ফলৰ গছ ২৪ বিধ ফুল আৰু ৪ প্ৰকাৰৰ
চৰাইৰ নাম সন্নিবিষ্ট হৈছে। কবিৰ
এইবোৰ বৰ্ণনাই আমাৰ
মনলৈ আনে শ্ৰীমন্ত শংকৰদেৱৰ
‘হৰমোহনৰ’ উপবন বৰ্ণনা অংশলৈ।
অৱশ্যে এটা কথা ঠিক যে কবিৰত্ন
সৰস্বতীৰ বৰ্ণনা স্বকল্পিত, সৰল, সৰস।
কবিৰ ‘ফুল ভৰে ভাগে ডাল’, ‘উন্নত
কঠিন ঘন পীন স্তন’, ‘কোকিলে তেজয়
ৰাৱ’ আদি চিত্ৰকল্পময়ী বৰ্ণনাই
পাঠকক এক মনোৰম ৰাজ্যলৈ লৈ যায়।
কবিৰ ৰচনাত জতুৱা ঠাঁচৰ প্ৰয়োগ
সীমিত, ঘৰুৱা উপমাৰ চিত্ৰ সংখ্যাত
তাকৰ যদিও গভীৰ অৰ্থব্যঞ্জক।
কবিজনাই এইখন কাব্যৰ
পূৰ্বতে মহাভাৰতৰে আদি পৰ্বৰ অন্তৰ্গত
শকুন্তলা-উপাখ্যান আৰু যযাতিৰ চৰিত্ৰ
ৰচনা কৰিছিল বুলি উল্লেখ
কৰিছে (ভণিতাত) যদিও
বৰ্তমানলৈকে সেয়া উদ্ধাৰ
হোৱা নাই।
No comments:
Post a Comment