প্ৰাক্-শংকৰী যুগৰ কবিকুলৰ ভিতৰত
মাধৱ কন্দলিৰ পিছতে হৰিবৰ
বিপ্ৰক ঠাই দিয়া হয়। কাব্যকৃতিৰ
পৰিসৰ, গুৰুত্ব বিচাৰ
কৰি সমালোচকসকলে যুদ্ধ কাব্যৰ
কবি হৰিবৰ বিপ্ৰক এই স্থান দিছে। এওঁৰ
জন্মস্থান, জন্মৰ সময়, বংশ পৰিচয়
পোৱা নাযায় যদিও তেওঁ যে জাতত
ব্ৰাহ্মণ আছিল আৰু কমতাপুৰৰ
ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ
কৰিছিল সেই বিষয়ে তেওঁৰ কাব্যত
ভণিতা হিচাপে উল্লেখ কৰিছে।
‘বব্ৰুবাহনৰ যুদ্ধ’ত তেওঁ
লিখি থৈ গৈছে-
জয় জয় নৃপবৰ দুৰ্লভনাৰায়ণ ৰাজা
কমতাপুৰে ভৈলা বীৰবৰ।
সপুত্ৰবান্ধবে যেবে সুখে ৰাজ্য
কৰতেনাক
জীৱতেনাক সহস্ৰ বৎসৰ।।
তাহান ৰাজ্যত থিত সবৰ্জন মনোনীত
অশ্বমেধ পৰ্ব মধ্যে সাৰ।
বিপ্ৰ হৰিবৰ কবি হৰিৰ (গৌৰীৰ?) চৰণ
সেৱি
পদবন্ধে কৰিলো প্ৰচাৰ।।
বিভিন্ন ইতিহাসবিদ আৰু সাহিত্যৰ
বুৰঞ্জীকাৰসকলৰ মাজত এওঁৰ পৃষ্ঠপোষক
ৰজা দুৰ্লভনাৰায়ণৰ
সময়সীমা সম্পৰ্কে মতবিৰোধ আছে।
তথাপিতো সকলো দিশ চালি-
জাৰি চাই এওঁক চতুৰ্দশ শতিকাৰ
প্ৰথমাৰ্ধত থাপন কৰিব পাৰি।
হৰিবৰ বিপ্ৰই জৈমিনীয় মহাভাৰতৰ
অশ্বমেধ পৰ্বৰ দ্বাদশ অধ্যায়ৰ
পৰা ষটচত্বাবিংশ (১২শ-৪৬শ)
অধ্যায়লৈ বৰ্ণিত
কাহিনীকে বিষয়বস্তু
হিচাপে লৈ তিনিখন কাব্য
ৰচনা কৰিছে। সেইকেইখন হ’ল- ‘লৱ-কুশৰ
যুদ্ধ’, ‘বব্ৰুবাহনৰ যুদ্ধ’ আৰু ‘তাম্ৰধ্বজৰ যুদ্ধ’।
মূল গ্ৰন্থখনত অশ্বমেধ পৰ্বত যজ্ঞৰ
ঘোঁৰা অনুসৰণ কৰি যোৱা অজুৰ্নৰ লগত
বব্ৰুবাহনৰ যুদ্ধৰ বৰ্ণনাৰ মাজতে লৱ কুশৰ
লগত ৰামচন্দ্ৰৰ যুদ্ধৰ কথা তুলনাৰ
ছলেৰে বৰ্ণনা কৰা হৈছে।
জন্মেজয়ে সেই বিষয়ে বহল প্ৰশ্ন কৰাত
জৈমিনী ঋষিয়ে সেই ছলতে ৰাৱণ
বধৰ পিছৰে পৰা ৰামকথা চমুকৈ আৰম্ভ
কৰি ৰাম আৰু কুশৰ যুদ্ধ
কথা বিস্তৃতভাৱে বৰ্ণনা কৰিছে।
হৰিবৰ বিপ্ৰৰ ‘লৱ-কুশৰ যুদ্ধ’ কাব্যত
কবিয়ে ব্যক্ত কৰিছে-
দুয়ো কথা শুনিবাৰ মোৰ মনে লাগে।
তথাপিতো ৰাম-কথা কহিয়োক
আগে।।
আকৌ এঠাইত কৈছে-
অজুৰ্নৰ যুদ্ধ আছোক এখনে
পাছে কহোঁ সিটো কথা।
ইয়াৰ পৰাই প্ৰমাণ হয় যে এইখন
কবিজনাৰ প্ৰথম কাব্য। এইখন কাব্যৰ
বৰ্ণনাত কবিয়ে মূলৰ পৰা বৰ বিশেষ
আঁতৰি যোৱা নাই যদিও ঠাই
বিশেষে বহু কথা সংক্ষেপ কৰিছে।
স্মৰণযোগ্য যে-
কাহাৰো হৰিষ পদে শ্লোক এক গৈল।
কাহাৰো হৰিষ বিশ্ৰিত লম্ভা থৈল।।
সৱাৰো আনিয়া সাৰ বিপ্ৰ হৰিবৰ।
বোলে অশ্বমেধ-যজ্ঞ পদ ৰুচিকৰ।।
জৈমিনীয় মহাভাৰতৰ অশ্বমেধ পৰ্বত
২৫শ-৩৬শ অধ্যায়ত বৰ্ণিত এই
কাহিনী ভাগক আধাৰ
হিচাপে লৈ ৰচনা কৰা ‘লৱ-কুশৰ যুদ্ধ’
কাব্যতো প্ৰায়খিনি কথা মূলৰ
সৈতে একেই ৰাখিছে। ৰামৰ
লংকা বিজয়ৰ পৰা অযোধ্যালৈ গমন,
সীতাৰ অগ্নি পৰীক্ষা, ৰামৰ সপোন,
সীতাৰ পুংসৱন সংস্কাৰ, সীতাক
পৰিত্যাগ, বাল্মীকিৰ আগমন
আশ্ৰমলৈ গমন, লৱ-কুশৰ জন্ম, বাল্মীকিৰ
দ্বাৰা শিক্ষাদান, ৰামৰ অশ্বমেধ
যজ্ঞৰ ঘোঁৰা আশ্ৰমত প্ৰৱেশ, শেষত কুশৰ
সৈতে ৰামৰ যুদ্ধ আৰু পতন, লৱৰ
দ্বাৰা হনুমান আদিক সীতাৰ
ওচৰলৈ আনয়ন, সীতাৰ
দ্বাৰা তেওঁলোকৰ মুক্তি, বাল্মীকিৰ
আগমন আৰু অমৃতময়
জলেৰে সকলোৰে জীৱন দান, ৰাম
আদিৰ অযোধ্যালৈ প্ৰত্যাগমন
আদি কাহিনী এই কাব্যখনত
বৰ্ণনা কৰা হৈছে। অৱশ্যে মূলত
থকা সীতা আৰু লৱ-কুশৰ অযোধ্যাগমন
আৰু ৰামৰ অশ্বমেধ যজ্ঞ সম্পন্ন
কৰাটো কবিয়ে উল্লেখ কৰা নাই।
কবিজনাই এই কাহিনীভাগ
বৰ্ণনা কৰোঁতে সৰু সুৰা কথাৰ সামান্য
সালসলনি ঘটাইছে। যেনে- লৱ-কুশৰ
হাতত ৰাম আদিৰ পতনৰ পাছত
সিহঁতে ৰাম-লক্ষণৰ আ-অলংকাৰ
পৰিধান কৰা কথাটো মূলত নাই। ঠিক
সেইদৰে সীতাৰ পুংসৱন উৎসৱত ‘সুৱণৰ্ৰ
থালে সীতা গভৰ্ক ঢাকিলা।’
আদি কবিৰ নিজস্ব সৃষ্টি।
মুঠতে কবিয়ে অসমীয়া পাঠক-
শ্ৰোতাৰ উপযোগীকৈ কাহিনীভাগ
তুলি ধৰাত সাৰ্থক হৈছে।
একেখন মূল পুথিৰ ১২-১৫শ অধ্যায় আৰু
৩৭-৪০শ অধ্যায়ৰ কথাবস্তুৰে হৰিবৰ
বিপ্ৰই ৰচনা কৰে ‘বব্ৰুবাহনৰ যুদ্ধ’
কাব্যখনি। অৱশ্যে মূলত
নামটো ‘বভ্ৰবাহন’ বুলিহে আছে।
কাহিনী বৰ্ণনা কৰাৰ স্বাৰ্থত গ্ৰহণ
বৰ্জন সংক্ষিপ্তকৰণ আৰু
বিস্তৃতকৰণেৰে কবিয়ে মূল কাহিনীৰ
পৰা সাৰভাগ গ্ৰহণ কৰি এই কাব্যখন
ৰচনা কৰিছে। মুঠ ৬০৫টা পদত ৰচিত এই
কাব্যখনিত যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ
ঘোঁৰা অনুসৰণ কৰি অৰ্জুনৰ মণিপুৰত
প্ৰৱেশ, বব্ৰুবাহনৰ সৈতে যুদ্ধ, যুদ্ধত
অৰ্জুনৰ পৰাজয় আৰু মৃত্যু, মাতৃৰ
কথা মতে পাতালৰ
পৰা সঞ্জীৱনী মণি সংগ্ৰহ
কৰি আনি অৰ্জুন-বৃষকেতুক জীৱন দান-
দিয়া এই প্ৰধান ঘটনাবোৰৰ লগত
বিভিন্ন আনুষংগিক কথা সংযোগ
কৰি গোটেই কাহিনীভাগ
বৰ্ণনা কৰিছে। হৰিবৰ বিপ্ৰৰ কাব্যত
অৰ্জুনে শোকত কাতৰ হোৱা মণিপুৰৰ
বিজয়োৎসৱৰ বৰ্ণনা আদিত কবিজনাৰ
মৌলিক প্ৰতিভাৰ স্বাক্ষৰ
জিলিকি আছে। সেই বাবেই ড°
মহেশ্বৰ নেওগে মন্তব্য কৰিছে যে-
‘অৰ্জুনৰ শোক গাথা ৰচনাত
কবি কৃতকাৰ্য হৈছে।’
কবিজনাৰ তৃতীয়খন কাব্যও একে মূলৰ
পৰা আহৰণ কৰা বিষয়বস্তুৰে ৰচিত এখন
যুদ্ধ কাব্য। মণিপুৰৰ পৰা যজ্ঞৰ
ঘোঁৰা লৈ মাধৱ আৰু অজুৰ্ন ময়ূৰধ্বজ
ৰজাৰ ৰাজ্য বাণপুৰত প্ৰৱেশ কৰে।
তাতে ময়ূৰধ্বজৰ পুত্ৰ
তাম্ৰধ্বজে ঘোঁৰা ধৰে।
ময়ূৰধ্বজে ইতিমধ্যে ছটা অশ্বমেধ যজ্ঞ
শেষ কৰি সপ্তমটোৰ
বাবে ঘোঁৰা মেলিছিল।
ইয়াতে তাম্ৰধ্বজৰ লগত অনিৰুদ্ধ,
বৃষকেতু, সাত্যকি, বব্ৰুবাহন আৰু কৃষ্ণ-
অৰ্জুনৰ যুদ্ধ হয়। যুদ্ধত সকলো পৰাস্ত হয় আৰু
মূৰ্ছা যায়। শেষত কৃষ্ণ অৰ্জুনে ব্ৰাহ্মণ-
শিষ্যৰ বেশ ধৰি ময়ূৰধ্বজ ৰজাৰ পৰা যুদ্ধৰ
ঘোঁৰা মুকলি কৰে।
হৰিবৰ বিপ্ৰৰ তিনিওখন
কাব্যতে তেওঁৰ কবি প্ৰতিভাৰ
স্বাক্ষৰ প্ৰতিভাত হৈ উঠিছে। এওঁৰ
ভাষা আৰু ৰচনাশৈলী সৰস আৰু
প্ৰাঞ্জল তথা সাৱলীল।
কবিয়ে য’তেই সুৰুঙা পাইছে তাতেই
নিজা কথা সংযোগ
কৰি কাব্যকেইখনৰ
ৰমণীয়তা তথা আকৰ্ষণীয়তা বৃদ্ধি
কৰিছ
লিখনি তথা বিষয়বস্তু অধিক প্ৰাঞ্জল
আৰু মনোগ্ৰাহী কৰাৰ
উদ্দেশ্যে বিভিন্ন অলংকাৰ প্ৰয়োগ
কৰিছে। যেনে-
হৃদয়ত পৰি বীৰে দুই হাতে আটে।
বলৱনত নাৰী যেন বেসুৱাৰ বাটে।।
(বব্ৰুবাহনৰ যুদ্ধ)
হস্তীৰ আগত যেন কদলীৰ পখা।
(তাম্রধবজৰ যুদ্ধ)
লোণ নাৱ তল গৈল আঙ্গুলিক চাখা।
(লৱ-কুশৰ যুদ্ধ)
ঠিক
সেইদৰে অসমীয়া ঘৰুৱা জতুৱা ঠাঁচৰ
ব্যৱহাৰে এওঁৰ ভাষা অধিক প্ৰাঞ্জল
কৰি তুলিছে, যেনে-
‘হস্তীৰো পিছলে পাৱ
সুজানে বুডাবে নাৱ।'(বব্ৰুবাহনৰ যুদ্ধ,)
‘উগাৰ চাৰস’ (লৱ-কুশৰ যুদ্ধ), ‘কটকটায়
ঘাৰ’ (বব্ৰুবাহনৰ যুদ্ধ)। অসমীয়া সমাজৰ
লোকাচাৰ, লোকবিশ্বাস
আদিৰো প্ৰয়োগ এই কাব্যকেইখনত
বিদ্যমান। পদ, দুলড়ী, ঝুমুৰী আৰু ছবি ছন্দৰ
সুব্যৱহাৰেৰে এওঁ প্ৰাক্-শংকৰী যুগৰ
এজন শ্ৰেষ্ঠ কবি হিচাপে চিহ্নিত
হৈছে। প্ৰণিধানযোগ্য যে এই
তিনিওখন কাব্যতে তৰুণ তেজৰ
বিজয়ী গাথা ঘোষিত হৈছে।
সেইবাবেই সত্যেন্দ্ৰনাথ শৰ্মাই এই
কাব্য তিনিওখনক ‘তৰুণ প্ৰশস্তিমূলক
কাব্য’ বুলি অভিহিত কৰিছে।
আনহাতে বধ কাব্য শ্ৰেণীৰ পথ প্ৰদৰ্শক
বুলিও এওঁক চিহ্নিত কৰিব পাৰি।
No comments:
Post a Comment