Showing posts with label অন্তৰ্গত বিষয়সমূহ. Show all posts
Showing posts with label অন্তৰ্গত বিষয়সমূহ. Show all posts

কেতেকী কাব্য আৰু ইয়াৰ বিষয়বস্তু

জোনাকী যুগত যি কেইজন প্ৰথিতযশা কবিয়ে নিজ নিজ ৰচনাৰে অসমীয়া ৰোমাণ্টিক সাহিত্যিক সমৃদ্ধ কৰিছিল , সেইসকলৰ ভিতৰত ৰঘুনাথ চৌধাৰী অন্যতম ।  বিশ্বসাহিত্যলৈ লক্ষ্য কৰিলে দেখা যায় যে কবি-সাহিত্যিকসকলক তেওঁলোকৰ ৰচনাৰ বৈশিষ্ট্য অনুসৰিহে কোনো এটা বিশেষ উপাধিৰে বিভূষিত কৰা হয় । যিদৰে কালিদাস প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি , ৱৰ্ডছৱৰ্থ প্ৰকৃতিৰ কবি ,ক'লেৰিজ অলৌকিকতাৰ কবি , তেনেদৰে অসমীয়া সাহিত্যত ৰঘুনাথ চৌধাৰী হৈছে বিহগী কবি ।
                    ৰঘুনাথ চৌধাৰীৰ কবিতাত বিভিন্ন ভাৱ আৰু বিষয়বস্তু থাকিলেও চৰাই বিষয়ক কবিতা কেইটিয়েহে পাঠকক বিশেষভাৱে আকৃষ্ট কৰে , সেইবাবে তেওঁ বিহগী কবি ।
   '' কেতেকী '' ৰঘুনাথ চৌধাৰীৰ এখনি অনুপম কাব্য গ্ৰন্থ । পাঁচটি তৰংগ বা খণ্ডত ৰচিত এই কাব্যখনিৰ প্ৰথম খণ্ডৰ বিষয়বস্তু হ'ল অচিন অজান দেশৰপৰা আহি আকুল সুৰেৰে গীত গাই থকা কেতেকী নামৰ চৰাইজনী । কবিৰ বাবে কেতেকী চৰাইটি এটি ৰহস্য । এটি যেন সাঁথৰ । এই চৰাইটি ক'ৰ পৰা আহিল আৰু কলৈ যাব সেই কথা কবিয়ে নেজানে । অবুজ ভাষাৰে কি মাত মাতিছে , কিহৰ আশাত এই সংসাৰত ভ্ৰমি ফুৰিছে , সেইবোৰ কথাও কবিৰ অজ্ঞাত । সেইবাবে সুধিছে -----
"ক'ৰপৰা তই আহিলি সোণাই
কোন দিশে যাৱ উৰি ,
কিয় বা ফুৰিছ দূৰ দূৰণিত
অকল'ই ঘুৰি ঘুৰি । "
                          কেতেকীৰ সম্বন্ধে কবিৰ কল্পনাৰ অন্ত নাই । একো একোটা স্তৱকত বিশেষ একোটা কবি-কল্পনা মূৰ্ত্ত হৈ উঠিছে । কবিৰ ভাৱ  যে কেতেকী চৰাইজনী এনে এখন সুন্দৰ ঠাইত জন্ম লৈছে য'ত শ্ৰদ্ধা , শান্তি , আৰু দয়া বিৰাজমান । সেই দেশত প্ৰলোভন , বিভেষিকাৰ আশংকা নাই । তেনে এখন ঠাই এৰি চৰাইটি কিয়নো এই পৃথিবীলৈ আহিল সেই কথা কবিৰ বাবে এক পৰম বিস্ময় । সেয়েহে আবেগ জৰ্জৰিত কন্ঠৰে প্ৰশ্ন কৰিছে-----
"বাপ মাৱ ভাই সৱাকে এৰিলি
এৰিলি ওপজা ঠাই
গছ-পাতে সজা ঘৰটি এৰিলি
কাৰ কি আহুদি পায় । "
                        কবিয়ে চৰাইজনীক সাৱধান কৰি দি কৈছে যে , যিখন পৃথিৱীলৈ সি আহিছে , সেইখন পৃথিৱীৰ নন্দন কানন বা অমৰাৱতী নহয় , ই মায়া কাননহে । ইয়াত নিঃস্বাৰ্থ মৰম-চেনেহ আৰু অমিয়া সুখ নাই ।  তাৰ পিছত কবিয়ে তাৰ একান্ত লগৰী , সুখ-দুখৰ সমভাগী কোনোবা আছে নে নাই সেই কথা চিন্তা কৰি ব্যথিত হৈছে । ভোক-পিয়াহত আহাৰ যোগাবলৈ , দুখ -ভাগৰত বিচনাত নিকাবলৈ কোনোবা আছে নে নাই কবিয়ে প্ৰশ্ন কৰিছে । এইবোৰ ভাৱ প্ৰকাশ কৰোঁতে কেতেকীৰ লগত কবিৰ এক আত্মীয়তাৰ ভাৱ ফুটি উঠিছে । কবিতাটিৰ আৰাম্ভণি শাৰীটোৰ "সোণাই" সম্বোধনতে এই এই আত্মীয়তা স্পষ্ট হৈ পৰিছে । সেয়ে কবি কেতেকীৰ সমব্যথী ।
                       কবিয়ে চৰাইজনীক সকলো শুভ আৰু মঙ্গলৰ প্ৰতীকৰূপে আদৰি লৈছে । দেখাত যদিও কেতেকী ক্ষুদ্ৰ জীৱ , তথাপি তাৰ মাজেৰেই বিশ্ব-প্ৰেম নিৰৱচ্ছিন্নভাৱে বৈ আছে । বিশ্বৰ মঙ্গল সাধনৰ বাবেই যেন কেতেকীয়ে বিহগী জনম লৈছে আৰু পবিত্র প্ৰেমৰ ডোলেৰে গোটেই জগতখন মেৰাই থৈছে । কবিৰ মতে চৰাইজনীয়ে মিলন বাতৰিকেই কাঢ়িয়াই আনিছে আৰু সেই বাতৰিকেই সুমধুৰ সুৰত গাৱলৈ আহ্বান জনাইছে । তাৰ পিছত কবিয়ে কেতেকীৰ ভুৱন ভুলোৱা মোহিনী কন্ঠৰ মাধুৰ্য্য কীৰ্তন কৰি তাৰ অমৃত বৰষা মাতত কেনেকৈ গোটেই সংসাৰখন ভোল গৈছে সেই কথা বৰ্ণনা কৰিছে । কেতেকীয়ে মৰ্তলৈ আহিয়েই সাগৰ , গছ-গছনি , পৰ্বত-পাহাৰ সকলোকে ভুলাইছে আৰু মৰুভূমি সদৃশ সংসাৰখন অপৰূপ মৰুদ্যান ৰূপে সজাই তুলিছে । সামৰণিৰ চাৰিটা স্তৱকত কবিয়ে কেতেকীক প্ৰেমৰ প্ৰতীক বুলি কল্পনা কৰিছে । কবিৰ ভাষাত -"প্ৰেমৰ সোৱাদ বিলাব আহিছ , দেৱদূত ৰূপ ধৰি । "  কেতেকী চৰাইজনীৰ প্ৰসংগাত পঞ্চমুখ হৈ পৰা এনে বৰ্ণনাৰপৰা কবিতাটিক এটি "বিহগী প্ৰশস্তি কবিতা বুলিও ক'ব পাৰি ।
                 প্ৰকৃতিৰ প্ৰশস্তি , নৈসৰ্গিক প্ৰকৃতিৰ প্ৰতি আকৰ্ষণ , প্ৰকৃতিৰ শোভাত তন্ময় ভাৱ ৰোমাণ্টিক যুগৰ কবিতাৰ অন্যতম বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ ভেটিত ৰঘুনাথ চৌধাৰীৰ "কেতেকী" এটি ৰোমাণ্টিক বৈশিষ্ট্যপূৰ্ণ কবিতা ।
প্ৰসংগ পুথি : অসমীয়া কবিতাৰ বিচাৰ ( ড. বিমল মজুমদাৰ )

ৰঘুনাথ চৌধাৰী 

কৃপাবৰ বৰুৱাৰ দৃষ্টিত কবি আৰু কবিতা

সাহিত্যৰ সকলো বিভাগৰ ভিতৰত কাব্য-
সাহিত্যই এক বিশাল ঠাই আগুৰি আছে ৷
সাহিত্য সৃষ্টিৰো আৰম্ভণি হৈছিল কাব্য
বা কবিতাৰ মাধ্যমেৰেহে ৷ কবিতা হৈছে
এক স্বতঃস্ফূত অনুভূতি৷ কবিৰ অন্তৰৰ পৰা
সেই অনুভূতি শব্দৰ ৰূপত আত্মপ্ৰকাশ লাভ
কৰে৷ কবিয়ে নিজৰ সমস্ত মন, আত্মা আৰু
অনুভৱক কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে ৷
এই প্ৰকাশত কেতিয়াবা স্পষ্টতা নাথাকে ৷
থাকে ছাঁ-পোহৰৰ এখন খেল৷ কেতিয়াবা
আকৌ বহুতে মনৰ কথাবোৰ সহজে আনৰ
বোধগম্য নোহোৱাকৈ প্ৰকাশ কৰিবলৈ
প্ৰকাশৰ এটা পথ বিচাৰে ৷ সেই মনৰ
কথাবোৰ কিছুমান শব্দ, বাক্য, প্ৰতীক,
চিত্ৰকল্পৰ সহায়ত উপস্থাপন কৰাৰ চেষ্টা
কৰে ৷ এই অনুভৱবোৰেও বহুসময়ত কবিতা
হিচাপে সাহিত্যত আত্মপ্ৰকাশ কৰে ৷
প্ৰকৃততে প্ৰত্যেকজন অনুভূতিশীল মানুহৰ
মনতে এজন কবি লুকাই থাকে আৰু সাহিত্যৰ
লগত জড়িত প্ৰত্যেকজন মানুহেই জীৱনত
এটা হ’লেও কবিতা লিখিবলৈ চেষ্টা
কৰে৷ কিন্তু এই সকলো অনুভৱ, অনুভূতি আৰু
শব্দৰ ছাঁ-পোহৰৰ খেলকে ‘কবিতা’ বুলিব
পাৰিনে? সময়ে সময়ে কবিতাৰো ৰূপ,
লক্ষণ সলনি হৈ আহিছে ৷ ছন্দোবদ্ধ
ৰোমাণ্টিক কবিতাৰ ঠাই আধুনিক কবিতাই
দখল কৰিলে ৷ আধুনিক কবিতাই উত্তৰ
আধুনিকতালৈ গতি কৰিলে ৷ কবিতাক লৈ
নানা পৰীক্ষা-নিৰীক্ষা হ’বলৈ ধৰিলে ৷
কিন্তু সময় আৰু কবিতাৰ আঙ্গিকৰ
পৰিৱৰ্তনে কেতিয়াও কবিতা সৃষ্টিত
প্ৰভাৱ পেলাব পৰা নাই ৷ বৰঞ্চ ক’ব পাৰি
ৰোমাণ্টিক যুগৰ কবিতাৰ ছন্দৰ বান্ধোন যি
দিনাই কবিতাৰ পৰা আঁতৰি গ’ল সেই দিনাৰ
পৰাই কবিতাই অসমীয়া সাহিত্যত অধিক
বিস্তাৰ ৰূপতহে প্ৰকাশ লাভ কৰিলে ৷ আজি
সাহিত্যৰ অন্যান্য দিশত একো নিলিখা
এজন ব্যক্তিয়েও জীৱনত এটা কবিতা
লিখিবলৈ চেষ্টা কৰে বা লিখি তাক
প্ৰকাশ কৰে ৷ মনৰ সকলো অনুভৱ কবিতাৰ
মাধ্যমেৰেই প্ৰকাশৰ চেষ্টা কৰে ৷ কিন্তু
বাস্তৱিকতে প্ৰকৃত কবিতা লিখা ইমান
সহজনে? আমি ওপৰত কোৱাৰ দৰে মনৰ
কথাবোৰ প্ৰকাশ কৰিলেই কবিতা সৃষ্টি হ’ব
পাৰেনে? সাহিত্যৰ আন আন মাধ্যমৰে
দৰে চেষ্টা কৰি, অধ্যয়ন কৰি কবিতা
লিখিব পাৰিনে? নে প্ৰকৃততে
স্বতঃস্ফূতভাৱেই এজন মানুহৰ মনত এটা
কবিতাৰ জন্ম হয়? এই সকলো প্ৰশ্নৰ উত্তৰ
সময়ে সময়ে বিভিন্ন ব্যক্তিয়ে দি
আহিছে যদিও কোনো অনুভূতিশীল
মানুহকে কোনো যুক্তি আৰু সংজ্ঞাই
কবিতা লিখাৰ পৰা আঁতৰাই ৰাখিব পৰা
নাই৷ যি সময়তে মানুহে মনৰ তাগিদা অনুভৱ
কৰিছে তেতিয়াই কবিতাৰ আশ্ৰয় লৈছে
আৰু শব্দৰ মাধ্যমেৰে তাক প্ৰকাশ কৰিছে ৷
এনে বহু কবিতাক প্ৰকৃত কবিতাৰ গুণগত
মানদণ্ডৰে জুখিব নোৱাৰিলেও কবিৰ
আত্মপ্ৰকাশৰ এই তাগিদাক কোনেও বাধা
দিব পৰা নাই বা নোৱাৰে ৷ কিন্তু পানীৰ
বুৰবুৰণিৰ দৰে খন্তেকতে জন্ম হৈ
খন্তেকতে মাৰ যোৱা এনে বহু কবিতাই
অসমীয়া সাহিত্যক প্ৰত্যক্ষভাৱে একো
ক্ষতি নকৰিলেও পৰোক্ষভাৱে বহু ব্যক্তিৰ
শ্ৰম, শক্তি, সামৰ্থ আৰু অৰ্থৰ ক্ষতি নকৰাকৈ
থকা নাই ৷ কাৰণ আৱেগৰ তাগিদাত জন্ম
হোৱা এনে কিমান কবি, কবিতা আৰু
কবিতা-পুথি সময়ৰ অটল গহ্বৰত নিমজ্জিত
হৈছে তাৰ খবৰ সম্ভৱ সাহিত্যৰ
ইতিহাসতো লিপিবদ্ধ হৈ থকা নাই ৷
আধুনিক অসমীয়া কবিতাৰ অন্যতম কবি
হীৰেন ভট্টাচাৰ্যই কৈছিল “কবিতা
স্বতঃস্ফূত নহয় ৷ কবিতা নিৰ্মান কৰিব
লাগে ৷ এই নিৰ্মানৰ আঁৰত হয়তো আছে
একধৰণৰ সংৰচিত স্বতঃস্ফূৰ্ততা (Cultivated
Spontaneity)৷” এই বাবেই হয়তো হীৰেন
ভট্টাচাৰ্যৰ কবিতাই শত-সহস্ৰ পাঠকৰ মনত
সাঁচ বহুৱাব পাৰিছিল ৷ একেখিনি কথাকে
১৯২৪ চনত অসম সাহিত্য সভাৰ অভিভাষণত
অসমীয়া সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী
বেজবৰুৱাই অলপ বহলভাৱে কৈছিল “কবি
প্ৰতিভাৰ ঘাই কথা মৌলিকতা ৷ প্ৰকৃত কবি
গতানুগতিকগামী নহয়৷ সাধাৰণ সোঁতত
তেওঁ উটি নেযায় ৷ বুদ্ধি-কৌশল আৰু
‘কাৰিকৰি’ৰ তেওঁ অপেক্ষা নেৰাখে৷
তেওঁৰ উত্স অন্তৰাত্মাই সহজে অভিনৱতাৰ
সৃষ্টি কৰে৷ তেওঁৰ অন্তৰৰ ভুমুকৰ পৰা একো
একোটি মূল idea উঠে ৷ তাকে তেওঁ সাকাৰ
কৰি জগতত আগত ধৰে ৷ কবি-প্ৰতিভাৰ
ভিতৰত ঐশ্বৰিক শক্তিৰেই খেলা ৷ তেওঁৰ
এই শক্তি কষ্টসাধ্য নহয় ৷ অনায়াসলব্ধ ঈশ্বৰ-
প্ৰসাদত তেওঁ নিত্য সিদ্ধ ৷ সেইদেখি কয়, “A
poet is born and not made” অৰ্থাৎ মেহনত
কৰি কোনো কবি হ’ব নোৱাৰে৷, কবিৰ জন্ম
হয়৷ চেষ্টা কৰি কোনোবাই কোনো কালত
কোনো দেশত নতুন ব্যাস, বাল্মীকি,
ছেক্সপীয়েৰ, কালিদাস নাইবা ছ্যেলি,
কীটছ, ৱৰ্ডছৱৰ্থ, ছাদি, খচৰু, ওমৰখৈয়াম
হোৱাটো কোনোবাই দেখিছে নে
(বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৫)
?” বাস্তৱিকতে কবিতা সম্পৰ্কে
বেজবৰুৱাৰ যুক্তি-যুক্ততা আৰু হীৰেন
ভট্টাচাৰ্যৰ দৃষ্টিত কবিতাৰ ‘সংৰচিত
স্বতঃস্ফূৰ্ততা (Cultivated Spontaneity)’ই
একেই অৰ্থ প্ৰকাশ কৰিছে ৷ কবিতা সৃষ্টিৰ
মূল বস্তু হৈছে কবিৰ স্বতঃস্ফূৰ্ততা ৷ মাথো
কবিয়ে স্বতঃস্ফূৰ্ত নিৰ্মাণৰ পিছত শব্দচয়ন,
প্ৰতীক, চিত্ৰকল্প আদিৰ নতুন সমাহেৰে
কবিতাত বহু সময়ত নিৰ্মাণৰ শাৰীলৈ লৈ
গৈছে আৰু এই ‘সংৰচিত স্বতঃস্ফূৰ্ততা’ই
যি কবিতাত প্ৰকাশিত হৈছে সেই
কবিতাই পাঠকৰ মনত সাঁচ বহুৱাব পাৰিছে ৷
কবি হিচাপে বেজবৰুৱাই নিজকে নিজে
কেতিয়াও স্বীকৃতি নিদিলেও বেজবৰুৱা
আছিল এজন প্ৰকৃত কবি ৷ জেনেৰেল
এছেমব্লি কলেজৰ তৃতীয় বাৰ্ষিকত পঢ়ি
থকাৰ সময়তে বেজবৰুৱাই ‘কবিতাৰ বৰষুণ’ত
পৰাৰ কথা নিজেই উল্লেখ কৰিছে ৷ ‘মোৰ
জীৱন সোঁৱৰণ’ত উল্লেখ কৰিছে, “মোৰ
মনৰ বহল পথাৰখন বাইৰনৰ কবিতাই
কোমলালে, শ্যেলিৰ কবিতাই হাল বালে,
কীটছৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰ
কবিতাই এনে কৰিলে যে তাত লাহী
ধানৰ কঠীয়াৰটো কথাই নাই, বিহমনা,
কোটকোৰা, পথৰুৱা বিহলঙনি আৰু
চোৰাতকে আদি কৰি যিহৰে গুটি হওক
পৰিলেই, সিয়েই ভৰভৰ কৰি গজি ‘মোক চা’
কৈ উঠিব (পৃ.-৯৭)৷” পঢ়ি থকা সময়ৰ পৰাই
বেজবৰুৱাই ‘কবিতা হয় যদি হওক, নহয় যদি
নহওক’ বুলি অনেক কবিতা সৃষ্টি কৰিছিল ৷
শেষত ‘নিজৰ ৰচনাবোৰ মোৰ নিজৰে ভাল
লাগে’ বুলি একেলগ কৰি কবিতাকেইটা
‘কদমকলি’ (১৯১৩ চন) নাম দি প্ৰকাশ কৰে ৷
কদমকলিত মুঠ আঠচল্লিশতা চুটি-দীঘল
কবিতা আছে ৷ ইয়াৰ পিছত ১৯৬৮ চনত
বেজবৰুৱা শতবাৰ্ষিকী উপলক্ষে ‘পদুমকলি’
নামেৰে বেজবৰুৱাৰ অ’ত-ত’ত সিঁচৰতি হৈ
থকা সাতাইশটা কবিতাৰ সংগ্ৰহেৰে
দ্বিতীয়খন কবিতা পুথি ছপা কৰা হয় ৷
বেজবৰুৱাৰ সকলো কবিতাই উচ্চ মানদণ্ডৰ
নহ’লেও ‘বীণ-বৰাগী, ‘কবিতা’, ‘ধনবৰ আৰু
ৰতনী’, ‘ৰতনীৰ বেজাৰ’ আদি মনোৰম
কবিতা অসমীয়া কাব্য সাহিত্যত বিৰল ৷
তেওঁৰ ‘মোৰ দেশ’ আৰু ‘অসম সঙ্গীত’ নামৰ
কবিতা দুটাৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম
সুন্দৰভাৱে প্ৰতিফলিত হৈ উঠিছে ৷
লক্ষ্মীনাথ বেজবৰুৱা আৰু কৃপাবৰ বৰুৱা
একেজন ব্যক্তিৰ এটা সত্তা হ’লেও বহু সময়ত
আমি কৃপাবৰ বৰুৱাক এটা ভিন্ন সত্তাৰ ৰূপত
আৱিষ্কাৰ কৰোঁ ৷ ইয়াৰ কাৰণ হৈছে
কৃপাবৰৰ ৰূপত থকা মুক্ত চিন্তা আৰু প্ৰকাশৰ
অদম্য সাহসিকতাই বেজবৰুৱা মূল
মানুহজনকো কেতিয়াবা অতিক্ৰম কৰি
আগবাঢ়ি গৈছিল ৷ যাৰ কাৰণেই কৃপাবৰৰ
ৰূপত থাকি তেওঁ নিজৰ সাহিত্যকো
সমালোচনা কৰাৰ সাহস দেখুৱাব
পাৰিছিল ৷ অসমীয়া সমাজ জীৱন আৰু মানুহৰ
বিভিন্ন দিশৰ নিৰ্মোহ সমালোচনা আমি
কৃপাবৰী ৰচনাৰ মাজত দেখা পাওঁ ৷
বাস্তৱিকতে ‘কৃপাবৰ বৰুৱা’ৰ ৰূপত
আত্মপ্ৰকাশ কৰা ব্যক্তিজনেই আছিল
বেজবৰুৱাৰ ভিতৰৰ প্ৰকৃত মানুহজন ৷ সেয়ে
তেওঁ কৃপাবৰ বৰুৱাৰ ৰূপতে অসমীয়া সমাজ
জীৱনৰ লগত জড়িত প্ৰত্যেক বিষয়ৰে
নিৰপেক্ষ সমালোচনা আগবঢ়াইছিল ৷ এই
সমালোচনাৰ পৰা অসমীয়া ‘কবি আৰু
কবিতা’ও বাদ পৰা নাছিল ৷ বেজবৰুৱাৰ সময়
আছিল ৰোমাণ্টিক কবিতাৰ সময় আৰু তেওঁ
নিজে আছিল ‘বাঁহী’ কাকতৰ সম্পাদক ৷ সেই
সময়ত ‘বাঁহী’ কাকতলৈ কবিতাৰ নামত অহা
ৰোমাণ্টিক পদ্যৰ অত্যাচাৰৰ প্ৰসঙ্গত তেওঁ
কৈছিল যে “লেখাৰু সকলৰ পৰা কবিতাৰ
নামত চলাব খোজা ইমান পদ্য প্ৰবন্ধ বা
অপ্ৰবন্ধ আহে যে তাক কি কম৷ পুৱা তেওঁ
তেওঁৰ ডাক মেলিলেই এবুৰি-আদবুৰি
তেনে বস্তুক তেওঁ মুলাকাত দিবলগীয়াত
পৰে৷ একো একো দিনা এনে কাৰ্য্যৰ
বঢ়াবঢ়ি ইমান হয় যে বেজাইৰ কথা হৈ
উঠেগৈ (বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়,
পৃ. ১৮৬৪)৷” বেজবৰুৱাই এই কবি আৰু কবিতাৰ
কথাকে কৃপাবৰ বৰুৱাৰ নামত তিনিখন ৰচনাৰ
মাধ্যমেৰে প্ৰকাশ কৰিছে ৷ আমাৰ
আলোচনাৰ বাবে তিনিওখন ৰচনা
বেজবৰুৱা-গ্ৰন্থাৱলীৰ দ্বিতীয় খণ্ডৰ পৰা
লোৱা হৈছে ৷
কৃপাবৰ বৰুৱাই তেওঁৰ ‘কবিতা’ (পৃ. ১২৫৩-৫৬)
নামৰ ৰচনাখনত কবি আৰু কবিতাৰ এক
ব্যঙ্গাত্মক সমালোচনা আগবঢ়াইছে ৷
প্ৰথমেই তেওঁ ভাৰতীয় কাব্য-চিন্তাৰে
‘কাব্যং ৰসাত্মকং বাক্যং অৰ্থাৎ ৰসাত্মকং
বাক্যং কাব্যং’ বুলি কৈ তেওঁৰ নিজৰ
বাক্যও ৰসেৰে পৰিপূৰ্ণ বুলি কৈছে ৷
তেওঁৰ মতে কাব্যৰ ৰস ৯টা নহয় ৷ ১৮টা ৷ মূল
৯টা ৰসৰ উপৰিও ‘পাণৰ ৰস, মাটিকাঁদুৰীৰ ৰস,
নেমুটেঙাৰ ৰস, মৌ ৰস প্ৰভৃতি অন্য ৯টা ৰস
আছে৷ বেজবৰুৱাই এই নতুন ৰসৰ উদাহৰণ দি
কৈছে “কোনো লোকৰ গাত, কোনো
সমাজৰ গাত বা কোনো জাতিৰ গাত যদি
তুমি ঘা দেখিলা, তেন্তে ততালিকে
নেমুটেঙাৰ ৰসত বিদ্ৰূপাত্মক বা ব্যঙ্গসূচক
কবিতা খৰাই তাত চটীয়াই দিব পাৰা ৷”
তেওঁৰ মতে এনে কবিতাৰ ফলত
‘ৰোগীয়ে বৰকৈ চেঙালুটি’ পাৰিব
পাৰে৷ কিন্তু “মৌ-ৰসত মাৰি সকলো ৰকমৰ
কবিতা সকলোকে সেৱন কৰাব পাৰি ৷ ই
সৰ্বঢাক ৷ বাতৰি-কাকত৷ মাহেকীয়া কাকত
যতে ততেই প্ৰাপ্তব্য ৷” অৱশ্যে মৌ
নাপালে গুৰেৰেও কাম চলাব পাৰি বুলি
কৈছে ৷ ইয়াৰ পিছতে বেজবৰুৱাই কবিৰ
প্ৰকাৰৰ কথা কৈছে৷ তেওঁৰ মতে কবি শাক
যত প্ৰকাৰৰ কবিও সিমান প্ৰকাৰৰ৷ এবিধ
বন্ধা-কবি, এবিধ ফুল-কবি আৰু আনবিধ ওল-
কবি৷ বন্ধা-কবিৰ উদাহৰণ দিবলৈ গৈ তেওঁ
বঘাসূৰ বধ, কুলাচলবধ ৰচোঁতা কবিৰ তুলনা
কৰিছে ৷ এই কবিৰ ভিতৰে পাতহে পাত,
মেৰহে মেৰ, তাৰ অন্ত নাই৷ আনহাতে
‘ফুল-কবি’ৰ “আজি এপাহি, কাইলৈ দুপাহি,
অত এপাহি তত দুপাহি, আজি এটি কবিতা,
কাইলৈ দুটি কবিতা, আজি বাতৰি কাকতত
চাৰি ফাকি, কাইলৈ মাহেকীয়া কাকতত
বাৰ ফাকি ৷ গুৰিৰ ফালে যেই কিবা নহওক
ফুলৰ ফালে ঠিকে আছে ৷ ইয়ালৈ ভাবিব
নেলাগে, চিন্তিব নেলাগে, মুঠেই
লেখিবা আৰু ছপাবা৷ বৰবৰুৱাৰ মতে ওল-
কবিৰ শ্ৰেণীৰ কবিৰ “ওপৰফালে চোৱা
যদি একোটোৱেই নাই ৷ কেৱল জুটুলা-
পুতুলা; কিন্তু তল মন কৰাঁ গোট কৰি তাৰ
লাৰুটো ৷ এই বিধৰ বিষয়ে কাকতে-পত্ৰই
এফাঁকি কবিতা লেখা দেখা নেযায়;
কিন্তু ভিতৰি তেওঁ কবিতাৰ কোঁহটো ৷ মস্ত
কবি ৷ ভইব কবি ৷ আকোঁৱালী নোপোৱা
কবি ৷” শেষত এই শ্ৰেণীৰ কবিৰ প্ৰতি
বৰবৰুৱাৰ ‘বৰ ভক্তি, বৰ প্ৰীতি’ থকাৰ কথা
কৈ আওপকীয়াকৈ তেওঁ ওল-কবিৰ দৰে
কবিৰ কবিতাৰ প্ৰশংসা কৰিছে ৷ কৃপাবৰ
বৰুৱাৰ নামত আমি তেওঁৰ ৰচনাৱলীৰ মাজত
বহুকেইটা কবিতা বিচাৰি পাওঁ ৷ এই
কবিতাসমূহ মূল কাব্যৰসৰ ভিতৰত নপৰিলেও
তেওঁ উল্লেখ কৰা ‘মাটিকাঁদুৰীৰ ৰস,
নেমুটেঙাৰ ৰস, মৌ ৰস’ৰ দৰে ৰসাল ৷ যাৰ
গাতেই সেই কবিতাৰ ৰস পৰিছিল
সেইজনেই ‘চেঙালুটি’ নপৰাকৈ থকা
নাছিল ৷ তেওঁ অসমীয়া জাতীৰ মনত
আত্মশুদ্ধিৰ ভাৱ জাগ্ৰত কৰিবলৈ বৰগীত
আৰু কীৰ্ত্তনৰ পদৰ আৰ্হিত এনে বহু কবিতা
ৰচনা কৰিছিল ৷ উদাহৰণ স্বৰূপে-
“উঠা উঠা বাপু কানীয়া হে
ৰাতি পৰভাত ভৈল ৷
উখহা-নয়ন বুলি ঘনে ঘনে
বৰ আয়ে মাতিবে লৈল ৷৷”
(বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১১৮২)৷
এনে ধৰণৰ কবিতা আৰু নতুন ৰসৰ মাধ্যমেৰে
বেজবৰুৱাই খুব সম্ভৱ কবিতাক কেৱল
আৱেগ-অনুভূতি আৰু কাব্যৰসৰ মাজতে আৱদ্ধ
নাৰাখি বাস্তৱ সমাজখনক জাগ্ৰত কৰি
তোলাৰ এক সৱল আৰু সঠিক পদক্ষেপ
হিচাপে ব্যৱহাৰ কৰাৰো ইঙ্গিত দিছিল ৷
বৰবৰুৱাই বিষয়-বস্তুৰ মাজলৈ নগৈ আপোনা
ইচ্ছাৰে নিজকে কবি হিচাপে দম্ভালি
মৰা ব্যক্তিসকলৰ কাম-কাজ দেখি নিজকে
প্ৰশ্ন কৰিছে যে, ‘আজিকালিৰ কবি
আপোনগুণে কবি হয় নে বিষয় গুণে কবি
হয়?’ সেয়ে তেওঁ কৈছে “অসমত এণ্ট্ৰেন্স
পৰীক্ষাৰ লগতে বছৰি বছৰি কবিতাৰ
পৰীক্ষা হওক ৷ ….. এই পৰীক্ষাত যি যি
উত্তীৰ্ণ হয়, তেওঁলোকক যোগ্যতানুসাৰে,
কবি-ঢেঁকী, কবি-চুঙা, কবি-টেমা…
উপাধি দি চিহ্নিত বা ছাব-মৰা কবি পতা
হওক৷ এনে উপাই অৱলম্বন নকৰিলে
ধানপুৰীয়া প্ৰকৃত কবি পাতৰ তলতে লুকাব
আৰু ফুতে-উৰা মেমেৰা কবি ভোটাতৰা
জ্বলাদি জ্বলিব ৷” শেষত বজাৰত কবি আৰু
কবিতা-পুথিৰ ব্যাপক প্ৰচাৰ দেখি তেওঁ
ক’বলৈ বাধ্য হৈছে যে “ বিশেষ সাহিত্য-
বজাৰত যদি কিবা সস্তা শাক-পাচলি আছে,
তেন্তে সি কবিতাৰ বৰবেঙেনা ৷ ভাবিব
নেলাগে, চিন্তিব নেলাগে,
শ্ৰীদামচন্দ্ৰ বৰুৱাৰ পৰা ভোকেন্দ চন্দ্ৰ
কলিতালৈকে সকলো কবিয়ে এপইচা
পেলাই দিলেই এজোকা পাবা ৷”
কৃপাবৰ বৰুৱাৰ কবিতা-চিন্তাৰ আন এক ৰচনা
হ’ল ‘বৰবৰুৱাৰ কবিতা-বেদনা’ (পৃ. ১৩৪১-৪৩)৷
গোটেই ৰচনাখন বৰবৰুৱাৰ কবিতা লিখা
আৰু এটা সপোনক কেন্দ্ৰ কৰি আগবাঢ়িছে ৷
“পুঠি, খলিহা, পোনা, দৰিকণা সকলোৱে
কবিতা লিখে৷’ সেয়ে বৰবৰুৱাইও কবিতা
লিখিবলৈ আৰম্ভ কৰিলে ৷ সেই দিনা
ফুটগধুলিৰে পৰা তেওঁ সকলোৰে সৈতে
কথা বন্ধ কৰি কবিতা ভাবিবলৈ ধৰিলে ৷
ভাবোঁতে ভাবোঁতে বৰবৰুৱাৰ জ্বৰঘামে
ঘামিলে ৷ কিন্তু কবিতা সৃষ্টি নহ’ল ৷ শেষত
ভাত-পানি খাই তেওঁ পুনৰ কবিতাৰ কথা
ভাবি চিন্তিত হ’ল, কিন্তু কবিতাৰ সলনি
তেওঁক টোপনিয়ে হেঁচা মাৰি ধৰিলে ৷
তথাপি তেওঁ টোপনি আহিবলৈ নিদি
শেষত ‘টোপনি’ৰ বিষয়তে এটা কবিতা
লিখিলে ৷ কিন্তু কবিতা লিখি থাকোঁতেই
তেওঁৰ সঁচাকৈয়ে টোপনি আহিল ৷ এবাৰ
সাৰ পাই তেওঁ চকু দুটা মোহাৰি আকৌ
‘কবিতাৰ মাকো’ চলাবলৈ ধৰিলে ৷
কবিতাৰ পিছৰ কেইশাৰীমান লিখাৰ পিছত
আকৌ বৰবৰুৱাৰ চকুত তন্দ্ৰা আহিল আৰু তেওঁ
একেবাৰে শুই পৰিল আৰু সপোন দেখিবলৈ
ধৰিলে ৷ বৰবৰুৱাৰ এই কবিতা-বেদনাৰ পৰা
এটা কথা অনুধাৱন কৰিব পাৰি যে আনে
কবিতা লিখিছে বুলিয়েই চেষ্টা কৰি,
জোৰ কৰি, আনে কবি বোলক এই ভাৱত
কবিতা লিখিব নোৱাৰি ৷ তেনেদৰে
চেষ্টাৰ মাজেৰে লিখা কবিতা বৰবৰুৱাৰ
টোপনিৰ তন্দ্ৰাত হোৱা কবিতাৰ দৰে
আগ-গুৰি নথকা কবিতাৰ সৃষ্টি হ’ব পাৰে ৷
কিন্তু প্ৰকৃত কবিতা হ’ব নোৱাৰে ৷
আনহাতে কবিতা কেৱল অচেতন মনৰ পৰাই
যে সৃষ্টি নহয়, তাৰ বাবে যে এটা সচেতন,
মুক্ত মনৰ প্ৰয়োজন সেই কথাও টোপনিৰ
মাধ্যমেৰে বুজাবৰ চেষ্টা কৰিছে যেন
লাগে ৷
কবি আৰু কবিতাৰ বিষয়ে মানুহৰ মনত প্ৰশ্নৰ
সীমা সংখ্যা নাই ৷ প্ৰকৃত কবিতা আৰু কবিৰ
পৰিচয়ক লৈও সময়ে সময়ে নানান মত-
বিৰোধ হৈ আহিছে ৷ আনহাতে বহু সময়ত
অনেক নতুন কবিৰ অত্যাধিক কবিতা
প্ৰীতিয়ে পাঠকৰ মনত অত্যাচাৰৰো সৃষ্টি
নকৰাকৈ থকা নাই ৷ এনে কিছু কথাকে
খুহুটীয়া ৰূপত বৰবৰুৱাই তেওঁৰ শিষ্য লম্বাই
শৰ্মাৰ লগত কথোপকথন ভঙ্গিত ‘কবি-
বিভ্ৰাটৰ ফুৰফুৰণি’ (পৃ. ১৪৭৮-৮১) নামৰ
ৰচনাখনত উপস্থাপন কৰিছে ৷ আৱগাৰী
দাৰোগা মৌলবী দিলৱাৰ ৱালি
ছাহাবে কবিতা লিখি আপদ ছপালে,
তাতেই কবি-বিভ্ৰাট ঘটিল ৷ এই কথা লম্বাই
শৰ্মাই আহি বৰবৰুৱাক ক’লেহি ৷ বৰবৰুৱাৰ
মতে তেওঁ এজন মাতঃবৰ কবি, ডাঙৰ কবি ৷
গতিকে তেওঁ দাৰোগা আৰু কবি হৈ থকাত
ব্যাঘাট নঘটে ৷ কিন্তু লম্বাই শৰ্মাৰ মতে
“কবিতা লেখাটো তেওঁৰ বায়ু বেমাৰৰ
নিচিনা, … বোলে লেখে লেখক, তাত
কাৰো হানি-বিঘিনি নাই ৷ কিন্তু তেওঁৰ
সেই নৰিয়া নে খোচৰা ব্যাধিটো লোকৰ
গাত তেওঁ লগাবলৈ যায় কিয়? বাটৰ
বাটৰুৱাক ধৰি তেওঁ তেওঁৰ কবিতা
শুনাবলৈ যায় কিয়? এইটো ন্যায়তঃ,
ধৰ্ম্মতঃ লোকৰ ওপৰত বলাত্কাৰ নহয় নে?”
লম্বাই আকৌ বৰবৰুৱাক কৈছে “ডাঙৰীয়াই
জানে দেখি কওঁ যে আজিকালি আমাৰ
দেশত মাহেকীয়া কাকত বঢ়াৰ লগে লগে
কবিতাৰ এপিডেমিকও বাঢ়ি আহিছে ৷
এঙে বোলে মই কবি, বেঙে বোলে মই
কবি, আৰু দেখাক দেখি চেঙেও বোলে
মই বা কবি নহম কেলৈ?” লম্বাইৰ মতে
“কিছুমান কবিৰ কবিতা Still-born হয় অৰ্থাৎ
গৰ্ভতে মৰি ওপজে ৷ কিছুমানৰ আমাৰ
কীৰ্ত্তনত লেখাৰ দৰে দ্বাৰকাত
বিপ্ৰপুত্ৰৰ নিচিনাকৈ “ভূমিক ছুইলেক মাত্ৰ
প্ৰাণ গৈল টুটি” হয় ৷ কিছুমানৰ “যথা পূৰ্ব্বং
তথা পৰং”ৰূপে সেই বিপ্ৰৰ পুত্ৰ বোৰৰ দৰে
৯ বাৰ মৰে আৰু বামুণে তাৰ বাবে কৃষ্ণক
দায়ী কৰাৰ দৰে, তেওঁলোকে সম্পাদকক
দায়ী কৰে৷” অৱশ্যে লম্বাইয়ে এইটো
নমনাকৈ থকা নাই যে “কংসই দৈৱকীৰ
পুত্ৰবোৰৰ ওপৰত কংসাগিৰি কৰাৰ দৰে
কিছুমান সম্পাদকে দুখীয়া কবিৰ কবিতাৰ
ওপৰত সম্পাদকগিৰি কৰে ৷” লম্বাইৰ
দীঘলীয়া কথা শুনাৰ পিছতে আৰু
লম্বাইয়ে ‘কবিতা লেখি লোকক ধৰি
কবিতা শুনোৱাটো এটা ৰোগ’ বুলি
কোৱাত বৰবৰুৱাই কিছু নৰমভাৱে সকলো
প্ৰশ্নৰে উত্তৰ দিছে ৷ বৰবৰুৱাৰ মতে “ৰোগ
নহয়, স্বাভাৱিক-কাণ্ড৷ ফুলগছত ফুল ফুলিলে,
গছে সেই ফুলৰ গোন্ধ নিজেও যেনেকৈ
উপভোগ কৰে, লোককো শুঙাই সুখী হয়৷
ফুলগছৰ কথাকে নকওঁ, ভেদাইলতাও তাৰ
পাতৰ ‘সৌৰভ’ তাৰ কাষেৰে-পাজেৰে
অহা যোৱা কৰাজনক নিদি নেৰে৷ ….
সেইটো স্বভাৱ কবিৰ নিজস্ব ।  … সি
তোমাৰ অনুমতি বা চিৰকতিৰ মুখলৈ চাই
বহি থাকিব নোৱাৰে ৷” বৰবৰুৱাৰ এই
ৰচনাখনত লম্বাই আৰু বৰবৰুৱাৰ মতৰ মাজত
স্ববিৰোধৰ চিন ফূটি উঠিছে ৷ এই স্ববিৰোধ
বৰবৰুৱাৰ স্বাভাৱিক আৰু ইয়াৰ মাজেৰে
বৰবৰুৱাৰ কবি আৰু কবিতাৰ প্ৰতি থকা সন্মান
আৰু শ্ৰদ্ধা ফূটি উঠিছে ৷ বৰবৰুৱাই
যেনেকৈ আগৰ ৰচনাকেইখনত অযথা,
গাম্ভীৰ্যতাহীন কবি আৰু কবিতাক আসৈ
দিয়া নাছিল ৷ তেনেকৈ কোনোবাই কবি
আৰু কবিতাৰ বিৰুদ্ধে অনাহকত আঙুলি
উঠালে বা লেই লেই চেই চেই কৰিলেও
তেওঁ হাত সাৱতি বহি থকা নাছিল ৷ তেওঁ
প্ৰয়োজন হ’লে কবিৰ সমৰ্থনতো থিয়
দিছিল ৷ সেয়ে ৰচনাখনৰ শেষত তেওঁ
কৈছে “কবি কল্কিৰ বৰ ককায়েক (Big
Brother )৷ তোমালোকে এনে কবিক
আজিকালি যে সন্মান নকৰাহঁকেই তাৰ
ওপৰত মকৰ্দমা?” বেজবৰুৱাৰ কবি আৰু
কবিতাৰ প্ৰতি আছিল অসীম শ্ৰদ্ধা ৷ সেয়ে
তেওঁ নিজকো কবিতা সৃষ্টিৰ পৰা আঁতৰাই
ৰাখিব পৰা নাছিল ৷ তেওঁৰ ‘পুথি
সমালোচনা’ বিষয়ক লেখাসমূহৰ মাজত
সমসাময়িক কবিসকলৰ বিভিন্ন কবিতা পুথিৰ
উৎকৃষ্টতম সমালোচনা আগবঢ়াইছে ৷ ভাল
কবিতাৰ প্ৰশংসাৰে তেওঁ কবিসকলক
যেনেদৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ
দিছে সেইদৰে কবিতাৰ শাৰীত নপৰা
ৰচনাবোৰক জ্বলাই দি কাঠ-সংস্কাৰ
কৰিবলৈও আদেশ নিদিয়াকৈ থকা নাই ৷
ওপৰৰ ৰচনা তিনিখনত বেজবৰুৱাই ‘কৃপাবৰ
বৰুৱাৰ’ নামত কবি আৰু কবিতাক সমালোচনা
আৰু ব্যংগৰে ঠকাসৰকা কৰিলেও
কলেজীয়া জীৱনত প্ৰেমৰ কবিতা লিখা
ভূতে যে বেজবৰুৱাকো লম্ভা নাছিল
এনে নহয় ৷ জেনেৰেল এছেমব্লি কলেজত
পঢ়ি থকাৰ সময়ত কবিতাৰ ভূতে বেজবৰুৱাক
এনেকৈ লম্ভিছিল যে তেওঁ ‘শ্ৰীৰঙ্গলাল
চট্টোপাধ্যায়’ ছদ্মনামত দুটা প্ৰেমৰ কবিতা
লিখি এখন বাংলা কাকতলৈ প্ৰেৰণ
কৰিছিল৷ কিন্তু সম্পাদকে ছপা নকৰি
পৰামৰ্শ দিছিল যে “… আপুনি নিশ্চয় স্কুল
কি কলেজৰ ছাত্ৰ ।  কবিতা লিখিবাৰ বৃথা
প্ৰয়াস পৰিত্যাগ কৰিয়া পাঠ্য পুস্তকে
মনোযোগ দিলে বাধিক হ’ব (মোৰ জীৱন
সোঁৱৰণ, পৃ. ১০১)৷’ সম্পাদকৰ চিঠি পাই
বেজবৰুৱা মৰ্মাহত হৈ কবিতা লিখা বাদ
দিলেও স্বীকাৰ কৰিবই লাগিব যে
পিছলৈ তেওঁ বহুকেইটা কবিতাই অসমীয়া
কাব্য-সাহিত্যক চহকী কৰিব পাৰিছিল ৷ এই
অভিজ্ঞতাৰেই বেজবৰুৱাই পিছত তেওঁৰ
‘বাঁহী’ কাকতলৈ অহা ডেকাল’ৰাবিলাকৰ
‘প্ৰেম কবিতা’বিলাকৰ বিষয়ত কৈছিল
“উঠি অহা ‘মন্দকবি যশঃ প্ৰাথী’
ডেকাসকলে কবিতা লিখিবলৈ হেপাহ
কৰিছে লেখক ৷… কিন্তু এনে অনেক বিষয়
আছে, যিবোৰ বিষয়ে তেওঁলোকে
লেখিবলৈ চেষ্টা কৰিলে কিছু দূৰ
কৃতকাৰ্য্য কিজানি হ’বও পাৰে৷ যেনে (১)
অসমৰ অতীত গৌৰৱ কাহিনী, (২) পৰ্ব্বত, বন,
উপত্যকা, ঝৰণা, প্ৰকৃতিৰ সৌন্দৰ্য্য, গাঁও-ভূঁই,
গাঁৱলীয়া উজু জীৱনৰ কাৰ্য্যকলাপ, সূৰ্য্যৰ
উদয়-অস্তৰ অনিৰ্ব্বচনীয় সৌন্দৰ্য্য ইত্যাদি ৷
তাকে নকৰি যদি তেওঁলোকে কাৰ আৰ্হি
লৈ কব নোৱাৰোঁ কোন গাভৰুৱে
তেওঁলোকক নঙলামুখত দেখি বেকাকৈ
চাই গ’ল, কোনে তেওঁলোকৰ জলপানত গুৰ
অকণমান পেলাই দিওঁতে মিচিকিয়াই হাঁহি
মাৰি তেওঁলোকক আধামৰা কৰি থৈ গ’ল,
এইবোৰ বখানি কবিতা বুলি পদ্য লেখি
নিজৰ সময় আৰু শক্তিৰ অপব্যয় কৰি থাকে,
তেন্তে ঠিক কৈছোঁ-ডেকা কালৰ এই
শ্ৰেণীৰ কবিতা মই কাঠ-সংস্কাৰ কৰিলোঁ
(বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৪)৷”
এজন নিৰ্ভীক, স্পষ্টবাদী সমালোচক
হিচাপে বেজবৰুৱাই ‘কৃপাবৰ বৰুৱা’ৰ
ছদ্মনামত কবি আৰু কবিতাৰ বিষয়ে যি কথা
উল্লেখ কৰিছে সেই সকলো কথা সময়ৰ
লেখেৰে আজি বহু বছৰ পাৰ কৰিলে ৷
কিন্তু আজিও প্ৰতি শাৰী কথাই যেন
আখৰে আখৰে প্ৰাসঙ্গিক হৈ আছে ৷
এইয়াই আছিল বেজবৰুৱাৰ সাহিত্যিক
দূৰদৰ্শিতা ৷ বেজবৰুৱাই সদায় বাস্তৱ
সমাজখনক সংস্কাৰ কৰাৰ মানসেৰেই হাতত
কলম তুলি লৈছিল ৷ নিজৰ সকলো সৃষ্টি ঘঁহি-
মাজি ঠিক কৰিবলৈ সময় নাপালেও
সাহিত্যৰ সকলো দিশৰ ক্ষেত্ৰত তেওঁৰ
আছিল অগাধ অধ্যয়ন ৷ সেয়ে তেওঁ নিজে
ভাল কবি নহ’লেও কবিতাৰ সমালোচনা
কৰা প্ৰসঙ্গত স্পষ্টভাৱে ক’ব পাৰিছিল
“লেখিব নেজানিলেও কবিতাৰ সোৱাদ
পোৱাৰ ক্ষমতাফেৰি অলপ অচৰপ মোৰ গাত
আছে বুলি স্বীকাৰ কৰিবলৈ মোৰ সাহ
আছে (বেজবৰুৱা-গ্ৰন্থাৱলী, পৃ. ১৮৬৪)৷
সাহিত্যৰ ক্ষেত্ৰত থকা এই স্পষ্টবাদিতা,
দক্ষতা আৰু নিৰ্ভীকতাই বেজবৰুৱাক
অদ্বিতীয় ৰূপত অসমীয়া সাহিত্যৰ
‘সাহিত্যৰথী’ হিচাপে সৰ্বকালৰ বাবে
সাহিত্যৰ সু-উচ্চ কলচীত অধিস্থিত কৰি
ৰাখিছে৷ এতিয়া আমাৰ কাম মাথো সেই
কলচীটোৰ মান ৰক্ষা কৰি তেওঁৰ চিন্তা-
চেতনাৰ বাটেৰে নিজক আগবঢ়াই নিয়া ৷

প্ৰসঙ্গ পুথি :
(১) বেজবৰুৱা, লক্ষ্মীনাথ (২০০৫), মোৰ
জীৱন সোঁৱৰণ, বাণী মন্দিৰ, হেদায়েৎপুৰ,
গুৱাহাটী-৩
(২) হাজৰিকা, অতুল চন্দ্ৰ (সম্পা) (১৯৭০),
বেজবৰুৱাৰ গ্ৰন্থাৱলী (দ্বিতীয় খণ্ড),
সাহিত্য প্ৰকাশ, গুৱাহাটী-৩

কবিতাৰ সংজ্ঞা আৰু আধুনিক কবিতা

কবিতাৰ যথার্থ সংজ্ঞা কি — এই
অন্তহীন প্রশ্নৰ উত্তৰ বিচাৰি
প্রাচ্য আৰু পাশ্চাত্যৰ
পণ্ডিতসকলে বিভিন্ন দৃষ্টি তথা
বিভিন্ন ৰূপত কবিতাৰ সংজ্ঞা
আগবঢ়াই আহিছে।

সমালোচক ছেমুৱেল
জনছনৰ মতে, “ছন্দোবদ্ধ ৰচনাই
কবিতা”, তেওঁ আৰু এখোজ আগুৱাই
গৈ কৈছে যে, কবিতা হ’ল আনন্দ আৰু
সত্য, কল্পনা আৰু যুক্তিৰ
উপকৰণেৰে নির্মাণ কৰা এবিধ কলা।
কবি ওর্ৱডছৱর্থৰ মতে, “নিৰলে
সোঁৱৰা হিয়াৰ আবেগেই কবিতা,
কবিতা সকলো প্রকাৰ জ্ঞান বা
বোধৰ আত্মা আৰু সর্বোত্তম
শক্তি”। সমালোচক জেইমচ হেনৰী লী
হান্টৰ মতে, “সৌন্দর্যৰ প্রতি
অনুৰাগেই কবিতা, ইয়াৰ মুখ্য কাম
হ ’ ল আনন্দ সৃষ্টি কৰি মন উন্নত আৰু
পৰিশোধন কৰা”। কবিতাৰ সংজ্ঞা
নিৰূপনত প্রাচ্যৰ পণ্ডিত সকলেও
কেইবা শ বছৰ ধৰি কাব্যৰ আত্মাৰ
সন্ধান কৰি নানান মত পোষণ কৰি
আহিছে। খৃষ্টীয় ষষ্ঠ শতিকাত
আচার্য ভামহে “কাব্যালংকাৰ”
পুথিত “শব্দার্থৌ সহিতৌ কাব্যম”
অর্থাৎ শব্দ আৰু অর্থৰ মিলনেই
কাব্য বুলি মত পোষণ কৰিছে।
আচার্য কুন্তকে দশম শতিকাৰ
মাজভাগত কাব্যৰ আত্মাৰ
অনুসন্ধানত আৰু এখোজ আগবাঢ়ি
ক’লে যে, শব্দার্থৰ মিলনেৰে
বক্রতা সৃষ্টি কৰি আনন্দদান কৰিব
পৰা কার্যই কাব্য। সপ্তদশ শতিকাত
বিশ্বনাথ কবিৰাজে সর্বকালৰ
বাবে গ্রহণযোগ্য সিদ্ধান্ত
আগবঢ়াই ক’লে – “বাক্যম ৰসাত্মকম
কাব্যম ” অর্থাৎ ৰসাত্মক বাক্যই
কাব্য অর্থাৎ কাব্য ৰসযুক্ত হ’বই
লাগিব আৰু কাব্য ৰসযুক্ত হ’বলৈ
হ’লে গুণযুক্ত শব্দসম্ভাৰ,
অর্থযুক্ত শব্দৰ ঐশ্বর্য, অলংকাৰৰ
সহযোগিতা এইসকলোবোৰেই লাগিব।
এইদৰেই পূব আৰু পশ্চিম উভয়তে
কাব্যাত্মা জিজ্ঞাসা বহু শ
বছৰজুৰি চলি আছিল।
কবিতাক প্ৰকৃততে কোনো
সংজ্ঞাৰে বান্ধি পেলোৱা সহজ
নহয়। কাৰণ “কবিতা” বুলিলেই মনলৈ
আহে এক ছাঁ-পোহৰৰ মায়াভৰা
ৰূপছবি, কোনো ৰীতি অথবা
সীমাৰদ্বাৰা সি আবদ্ধ নহয়। এই
ৰূপছবিত সপোন আৰু দিঠকৰ, কল্পনা
আৰু অভিজ্ঞতাৰ মিশ্রিত
জিলিকনি থাকে। এই গোটেইখিনিৰ
প্রভা একেটি মাথোন সংজ্ঞাৰে
দাঙি ধৰিব নোৱাৰি। কবিতা
সম্পর্কে থকা এই মতবাদসমূহৰ আধাৰত
এটি স্বয়ংসম্পূর্ণ ধাৰণাৰে
পাঠকে নিজেই কবিতা সম্পর্কে এখন
মানস-ছবি আঁকি ল’ব পাৰে।
আধুনিক অসমীয়া কবিতা:
কবিতাৰ ৰং-ৰূপ বিচিত্র। দিনে
দিনে কবিতাই ৰহণ সলায়। কবিতা আৰু
আধুনিকতা—ইয়াৰ সংজ্ঞা বৰ বহল।
আধুনিকতাৰ স্বৰূপ ফুটাই তুলিব
পৰা একেটি সংজ্ঞা পাবলৈ নাই।
তদুপৰি “আধুনিকতা” হ’ল এটা
আপেক্ষিক শব্দ। এটা সময়ত যিটো
আধুনিক, আনসময়ত সেয়াই হৈ পৰে
প্রাচীন। গতিকে আধুনিকতাৰ
ধাৰণা সদায় গতিশীল।

ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ
শতিকাৰ প্ৰথম চাৰিটা দশকৰ ভিতৰত
অসমীয়া কবিতাত ৰোমাণ্টিক
বন্যাই ব্যাপক ৰূপ লোৱাৰ পিছত
হঠাৎ ১৯৪০ চন মানৰ পৰা অসমীয়া
কবিতাৰ গতি আৰু প্ৰকৃতি সলনি
হ’বলৈ লয়। অসমীয়া কবিতাৰ এই
আকস্মিক পৰিৱৰ্তনৰ আঁৰত
বিচিত্ৰধৰণৰ সেইসময়ৰ ঐতিহাসিক
ঘটনা কিছুমান সাঙোৰ খাই আছিল
আৰু এই ঘটনাবোৰৰ প্ৰত্যক্ষ আৰু
পৰোক্ষ প্ৰভাৱৰ ফলতে অসমীয়া
কবিতাই ৰোমাণ্টিক আবেষ্টনীৰ
পৰা ওলাই আহি আধুনিক ৰূপত
আত্মপ্ৰকাশ কৰিছিল।
সাম্প্ৰতিক সময়ৰ আধুনিক কবিতা
যেন এক বিতৰ্কিত বিষয়। আধুনিক
কবিতাৰ সমৰ্থনত আৰু বিৰোধত দুই
শ্ৰেণীৰ পাঠকে নিজৰ নিজৰ মত
আগবঢ়ায়। এটা শ্ৰেণীয়ে নতুন
কবিতাক ব্যঞ্জনাময় সৌন্দৰ্যৰ
প্ৰতীকৰূপে গ্ৰহণ কৰে। তেওঁলোকৰ
মতে কবিতা হ’ল বুদ্ধি আৰু চিন্তা
শক্তিৰ সম্পদ আৰু আনটো শ্ৰেণীৰ
মতে আধুনিক কবিতা দুৰূহ,
বুজিবলৈ টান, গতিকে কবিতাৰ
আমেজ পোৱা নাযায়; তেওঁলোকৰ
মতে কবিতা কেৱল হৃদয়ৰ অনুভৱ।
অসমীয়া আধুনিক কবিতাক দুটা
ভাগত ভগাব পাৰি – এবিধ হ’ল হৃদয় চুই
গুণগুণাই যোৱা আৰু আনবিধ হ’ল
মগজুৰ দুৱাৰত টুকুৰিয়াই সোমাই
অহা—এই শ্ৰেণীৰ কবিতাই পাঠকৰ পৰা
অধিক সচেতনতা আৰু অধ্যয়ন দাবী
কৰে। আধুনিক কবিতা জটিল বুলি
কোৱাৰ এটা কাৰণ এয়ে যে এইবোৰ
কবিতাত বুদ্ধিৰ দুৱাৰেদি গৈ
হৃদয়ক বিচাৰিব লগা হয়–শামুকৰ
বুকুত যেন মুকুতাহে সন্ধান কৰা
হয়!!
কবি অমূল্য বৰুৱা, হেম বৰুৱাক
আধুনিক কবিতাৰ অগ্ৰদূত বুলি
কোৱা হয়। কবিতাৰ জগতত হৰি
বৰকাকতি, নৱকান্ত বৰুৱা, নীলমণি
ফুকন, অজিত বৰুৱা, মহেন্দ্ৰ বৰা
আদি কবিসকলৰ আগমনৰ লগে লগে
অসমীয়া কবিতাই এক নতুন ৰূপ গ্ৰহণ
কৰে। এই ৰূপত বুদ্ধিদীপ্ত মনৰ
প্ৰতিফলন বেছি দেখা যায়।
সেয়েহে কবিসকলৰ অধ্যয়ন আৰু
অভিজ্ঞতাৰ চানেকি থকা
কবিতাবোৰ বুজি পাবলৈ পাঠকৰো
অধ্যয়নলব্ধ জ্ঞানৰ প্ৰয়োজন বাঢ়ি
আহিল।
আধুনিক কবিতাত বিষয়বস্তুৰ
অভিনৱত্ব, বিবিধ দৰ্শনৰ প্ৰভাৱ,
ঔদ্যোগিক বিকাশৰ প্ৰভাৱ,
প্ৰাচীন ঐতিহ্য আৰু মূল্যবোধৰ
অপসাৰণ, প্ৰেমৰ নতুন সংজ্ঞা, নতুন
ছন্দৰীতিৰ প্ৰয়োগ, চিত্ৰকল্পৰ
প্ৰয়োগ আদি লক্ষণেৰে ভৰপূৰ।
আধুনিক কবিতাই ছন্দৰ কোনো
বান্ধোনকেই মানি ল’বলৈ নিবিচৰা
দেখা যায়। নতুন কবিতাৰ আদি
কালছোৱাত যেতিয়া সম্পূৰ্ণ নতুন
ধৰণৰ ভাৱধাৰাই কবিতা জগতত আলোড়ন
তুলিছিল, সেইসময়ত অসমীয়া
কবিসকলেও হাতত লয় স্পন্দিত গদ্যৰ
অনুৰূপ এক গদ্যছন্দ। ফলত গদ্যগন্ধী
ছন্দৰ লগত ললিত-লাৱণ্যৰ মিশ্ৰণত
নতুন কবিসকলে কবিতাক দিছিল এক
নতুন ৰূপ।
কবি, পাঠক আৰু সমালোচক :
কবিতা সৃষ্টি হয় একোজন কবিৰ
হৃদয়ত। কবিতাৰে কবিয়ে অন্তৰৰ
বাণী পাঠকলৈ বিলাই দিয়ে।
কবিতাৰ ব্যঞ্জনাময় ভাষা হৃদয়ংগম
কৰিবলৈ এখন অনুভূতিশীল অন্তৰৰ
প্ৰয়োজন। কিন্তু আধুনিক কবিতাত
খেলা কৰা ইংৰাজী কবিতাৰ
প্ৰতীকবাদ, ফৰাছী কবিতাৰ দৰ্শন,
জাপানী কবিতাৰ ছন্দসজ্জা আদি
গুণসমূহ সাধাৰণ পাঠকৰ বোধগম্যৰ
বাহিৰত হোৱা বাবে এইবোৰৰ বিষয়ে
সম্যক জ্ঞান নাথাকিলে কবিতাৰ
ৰস গ্ৰহণো সম্ভৱপৰ নহয়। এইক্ষেত্ৰত
কবিতা পাঠকৰো এক গভীৰ দায়িত্ব
থাকে। কবিতাৰ এক বিশিষ্ট গুণ হ’ল
ভাষাৰ ওৰণি লোৱা স্বভাৱ। এই গুণৰ
বাবেও কবিতাই কেতিয়াবা
দ্ব্যৰ্থকতা লাভ কৰে। গতিকে
কবিতাৰ ভিতৰৰ তাৎপৰ্য উপলব্ধি
কৰিবলৈ পাঠকেও সচেতনভাৱে
নিজকে সাজু কৰিব লাগে। আধুনিক
কবিতাই অনুভূতিতকৈ বেছি দাবী
কৰে বুদ্ধিমত্তা আৰু অধ্যয়নৰ
প্ৰয়োজনীয়তা। প্ৰতীক আৰু
চিত্ৰকল্পৰ সহযোগত আধুনিক
কবিতাৰ যি ধূসৰ ভাষা, তাৰ
সিপাৰে থকা আবেদনে হৃদয় চুব
পৰাকৈ আজিৰ কবিতা পাঠকে
নিজকে সাজু কৰিব লাগিব।
সেইক্ষেত্ৰত সবাতোকৈ ডাঙৰ
দায়িত্ব থাকে কবিতা সমালোচকৰ।
সমালোচকেহে নিৰ্ণয় কৰিব পাৰিব
ঠিক কোনটো বিন্দুত মুখামুখি হ’ব
কবি আৰু তেওঁৰ পাঠক।

সহায়ক গ্ৰন্থসমূহ:
(১) বৰুৱা, প্ৰহ্লাদ কুমাৰ (১৯৯৬);
কবিতাৰ সৌৰভ, ডিব্ৰুগড়: বনলতা।

(২) ডেকা হাজৰিকা, কৰবী (১৯৯২);
অসমীয়া কবিতা, ডিব্ৰুগড়: বনলতা।

(৩)ডেকা হাজৰিকা, কৰবী (১৯৯১);
কবিতাৰ ৰূপছায়া, ডিব্ৰুগড়: বনলতা।

(৪) বৰুৱা, প্ৰহ্লাদ কুমাৰ; আধুনিক
অসমীয়া কবিতাৰ গতি বৈচিত্ৰ্য,
ডিব্ৰুগড় বনলতা।

ভট্টদেৱ ( অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা )

(১৫৫৮-১৬৩৮ ) অসমৰ শঙ্কৰোত্তৰ কালৰ
কবিসকলৰ ভিতৰত অন্যতম৷ ভট্টদেৱে
সমসাময়িক সাহিত্যৰ প্ৰচলিত
মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম
এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট
সাহসৰ পৰিচয় দিছিল৷ সেয়ে এওঁক
অসমীয়া গদ্য সাহিত্যৰ জনক আখ্যা
দিয়া হয  ।
ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠ
ভাগৱত ভট্টাচাৰ্য বা চমুকৈ
বৈকুণ্ঠনাথ ভট্টাচাৰ্য  ৷
খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ
মাজভাগত কামৰূপ ৰ (বৰ্তমান বৰপেটা
জিলাৰ অন্তৰ্গত_ বৰনগৰ অঞ্চলৰ
ভেৰাগ্ৰামত জন্ম হয়৷ এওঁৰ পিতৃৰ
নাম চন্দ্ৰ ভাৰতী৷ যথাৰীতি
শিক্ষা লাভ কৰাৰ পিছত এজন
অদ্বিতীয় পণ্ডিত ৰূপে পৰিচয়
দিয়ে আৰু দেউতাকৰ কথা মতে
দেৱদামোদৰ ত শৰণ লয়৷ দামোদৰদেৱে
কোচবিহাৰলৈ যাওঁতে তেওঁক নিজ
পাটবাউসী সত্ৰ ত ভাগৱতী পাতি
যায়৷ পাটবাউসী সত্ৰতে ধৰ্ম
প্ৰচাৰ কৰাৰ উপৰিও শ শ ছাত্ৰ পঢ়াই
শিক্ষা প্ৰচাৰো কৰিছিল ৷ সেই
কালৰ মানুহে তেওঁক ব্যাসৰ অৱতাৰ
হেন জ্ঞান কৰিছিল৷ তেওঁ
পাটবাউসী সত্ৰৰ বাহিৰেও
ব্যাসকুছি সত্ৰ স্থাপন কৰে ৷
ইয়াতেই ১৫৬০ শক ইং ১৬৩৮
খ্ৰীষ্টাব্দত ভট্টদেৱে ইহলীলা
সম্বৰণ কৰে ৷
সাহিত্যিক অৱদান
দামোদৰদেৱে পৰীক্ষিতনাৰায়ণ ৰ
ৰাজৰোষত পৰি কামৰূপ ৰাজ্য এৰি
কোচবিহাৰলৈ যোৱাৰ সময়ত
ভট্টদেৱেক আন আন উপদেশৰ লগতে কথা
ৰূপে এখন ভাগৱত ৰচনা কৰিবলৈ কয়৷
সেইমতেই ভট্টদেৱে টীকাভাষ্য
অনুসৰণ কৰি প্ৰথম স্কন্ধ ৰচনা কৰি
দামোদৰদেৱ ক দেখুওৱাত
দামোদৰদেৱে বিশদ আৰু ব্যাপক
আলোচনাৰে নিলিখি চমু আৰু সৰল
কথাৰূপে দিবলৈ কয়৷ এই মৰ্মে
ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম ' কথা-
ভাগৱত ' ৰচনা কৰে৷ ইয়াৰ পিছত
ভট্টদেৱে ' কথা গীতা ', ' কথা-
ৰত্নাৱলী' আদি গ্ৰন্থ ৰচনা কৰে৷
বিভিন্ন গ্ৰন্থসমূহ
1. কথা গীতা
2. কথা-ভাগৱত
3. কথা ৰত্নাৱলী
4. শৰণমালিকা
5. গুৰুবংশাৱলী
6. প্ৰসঙ্গমালা
7. ভক্তিসাৰ (সংস্কৃত ভাষাত
ৰচিত)
8. ভক্তিবিবেক (সংস্কৃত ভাষাত
ৰচিত)
উপাধি, সন্মান
ভট্টদেৱক ভাগৱতত ব্যুত্পত্তি
আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা
দেখি পণ্ডিতসমাজে তেওঁক
কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য এই
দুটা উপাধিৰে বিভূষিত কৰিছিল৷
ভট্টদেৱৰ গদ্যৰীতি
তিনিখন (কথা-ভাগৱত, কথা গীতা,
কথা-ৰত্নাৱলী) অতি প্ৰসিদ্ধ আৰু
তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ
অসমীয়া গদ্যলৈ ৰূপান্তৰ
কৰিলেও ভট্টদেৱে দৈনন্দিন
কথ্যভাষাক গ্ৰহণ কৰা নাছিল৷
কথ্যভাষাৰে এটা সাধু আৰু
গম্ভীৰ ৰূপ গ্ৰহণ কৰিছিল৷ কিন্তু
কথা ভাগৱত ৰ ঠায়ে ঠায়ে তেওঁৰ
ৰীতি ছন্দবন্ধী হৈ পৰিছে৷
বাক্যবোৰ অন্ত্যনুপ্ৰাসযুক্ত
আৰু শব্দাবিন্যাস ৰীতি সমযুক্ত
হৈছে৷ ভট্টদেৱৰ বাক্যত
শব্দবিন্যাসৰ প্ৰণালী নিখুঁত
আৰু ব্যাকৰণ প্ৰয়োগত বিশুদ্ধ৷
বাক্যবোৰ চুটি চুটি আৰু
সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত৷
তত্সম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ
সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ
ৰচনা কৰিছে৷
অসমীয়া গদ্যক গধুৰ ভাৱ-প্ৰকাশৰ
বাহক ৰূপে ব্যৱহাৰ কৰি ভট্টদেৱে
অসমীয়া ভাষা ক যি মৰ্যদা প্ৰদান
কৰিলে সেই কাৰণে অসমীয়া
সাহিত্যৰ বুৰঞ্জীত ভট্টদেৱৰ
বিশেষ স্থান আছে। ( ৱিকিপিডিয়া'ৰ পৰা )

চৰিত্ৰ সাহিত্য , বুৰঞ্জী সাহিত্য আৰু গদ্যৰ উদ্ভৱ ( শঙ্কৰোত্তৰ যুগ )

[ ড. সত্যেন্দ্ৰনাথ শৰ্মা ]
পটভূমি:
শঙ্কৰ-মাধৱৰ তিৰোধানৰ পিছৰ এশ বছৰ
অৰ্থাৎ খৃষ্টীয় ষোড়শ শতিকাৰ শেষ দশকৰ
পৰা অষ্টাদশ শতিকাৰ প্ৰাৰম্ভলৈকে
বিস্তৃত যুগটোক আমি চৰিত পুথি আৰু গদ্য
সাহিত্যৰ উদ্ভৱৰ যুগ বুলিব পাৰোঁ।
মহাভাৰত, ৰামায়ণ, ভাগৱত আৰু অন্যান্য
দুই-চাৰিখন পুৰাণৰ আংশিক অনুবাদ,
অঙ্কীয়া নাট আৰু গীত ৰচনাৰ ধাৰা
অব্যাহত থকাৰ উপৰিও এই যুগৰ বিশিষ্ট
লক্ষণ হ’ল চৰিত পুথিৰ উদ্ভৱ, ভকতীয়া
গদ্যৰ বিকাশ আৰু বুৰঞ্জী গদ্যৰ
আৱিৰ্ভাৱ। চৰিত সাহিত্যৰ উদ্ভৱৰ প্ৰায়
২০২৫ বছৰ মানৰ আগতে গদ্য সাহিত্যৰ
উদ্ভৱ হয়। চৰিত সাহিত্যৰ উদ্ভৱ সপ্তদশ
শতিকাৰ দ্বিতীয়-তৃতীয় দশক মানত বুলি
ধৰি ল’ব পাৰো আৰু গদ্যৰ উদ্ভৱ সেই
হিচাপে ষোড়শ শতিকাৰ শেষ দশকত
নাইবা সপ্তদশ শতিকাৰ প্ৰাৰম্ভত।
মহাপুৰুষৰ অঙ্কীয়া নাটত গদ্যৰ প্ৰথম
নিদৰ্শন পালেও সেই গদ্যক প্ৰকৃত
অসমীয়া গদ্যৰ চানেকি বুলি কোৱা
টান। প্ৰথম কথা, সেই গদ্যত মৈথেলীৰ
আধিপত্য পোৱা যায় আৰু দ্বিতীয়তে
গদ্য ৰচনাৰ বাক্য বিন্যাস-প্ৰণালী তাত
ৰক্ষা কৰা নাই। ভট্টদেৱৰ হাতত প্ৰকৃত
অসমীয়া গদ্যৰ সৃষ্টি হয়। এই গদ্যৰ উৎপত্তিৰ
মূলতে কেইটামান কাৰণ নিৰ্দেশ কৰিব
পাৰি। প্ৰথমটো হ’ল এই যে জনসাধাৰণে
গদ্য ভঙ্গীতহে কথা কয়, ছন্দত নহয়।
গতিকে কথা কোৱাৰ ভঙ্গীত যদি
সাহিত্য ৰচনা কৰা যায় তেতিয়া সেই
সাহিত্য বুজাত সহজ হ’ব। দামোদৰদেৱে
এই কাৰণেই ভট্টদেৱক ‘স্ত্ৰী-শূদ্ৰে’
বুজিব পৰাকৈ কথাবন্ধে ভাগৱত ৰচনা
কৰিবলৈ কৈছিল। এওঁ অসমীয়া গদ্য
সাহিত্যৰ জন্মদাতা। ভট্টদেৱৰ
কীৰ্তিস্তম্ভ হ’ল ‘কথা ভাগৱত’ আৰু
‘কথাগীতা’। কথা ভাগৱত, পণ্ডিত
হেমচন্দ্ৰ গোস্বামীৰ যুক্তি মতে, ১৫৯৬
খৃষ্টাব্দ মানত সম্পূৰ্ণ হয়। দুখন অতি প্ৰসিদ্ধ,
পৱিত্ৰ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ
অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰি ভট্টদেৱে
অসমীয়া ভাষাক উচ্চ মৰ্যাদা দান
কৰাৰ লগে লগে তত্ত্ব গধুৰ ভাব প্ৰকাশৰ
সহজ বাহন ৰূপে অসমীয়া ভাষাক থিয়
কৰায়। গীতা আৰু ভাগৱত দুয়োখনেই
ভাৱগধুৰগ্ৰন্থ, অসমীয়া গদ্যত দুয়োখন
অনুবাদ কৰি ভট্টদেৱে অসমীয়া গদ্য
ভাষাৰ প্ৰকাশিকা শক্তিৰ পৰিচয়
দিয়ে।
দৈনন্দিন কথ্য ভাষাক ভট্টদেৱে গ্ৰহণ
কৰা নাই। কথ্য ভাষাৰে এটা সাধু আৰু
গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে। পদ পুথিত
ব্যৱহাৰ কৰা শব্দাৱলী আৰু বৈয়াকৰণিক
গঢ়সমূহ তেওঁ গ্ৰহণ কৰি কথিত ভাষাৰ
বাক্য ৰচনাৰ প্ৰণালীত সেইবোৰ প্ৰয়োগ
কৰিছে। গদ্য বা কথাৰীতিক প্ৰকাশৰ
মাধ্যম ৰূপে গ্ৰহণ কৰিলেও ‘পদবন্ধ’ৰ মোহ
একেবাৰে এৰিব পৰা নাছিল।
বিশেষকৈ ‘কথাভাগৱত’ৰ ঠায়ে ঠায়ে
তেওঁৰ ৰীতি লয় প্ৰসাৰী হৈছে।
বিশেষকৈ কোনো ধৰ্ম সমাজত শাস্ত্ৰ
ব্যাখ্যা কৰোঁতে যি ৰীতিত প্ৰশ্ন
উত্থাপন কৰি তাৰ উত্তৰ দি যায় সেই
ৰীতিতে গীতা আৰু ভাগৱত ৰচনা
কৰিছে।
ভট্টদেৱৰ বাক্যত শব্দ বিন্যাসৰ প্ৰণালী
নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগ বিশুদ্ধ।
বাক্যবোৰ সাধাৰণতে চুটি চুটি, কিন্তু
স্থান বিশেষে সংস্কৃতীয়া প্ৰভাৱৰ
পৰা মুক্ত হ’ব নোৱাৰি সমাসবদ্ধ বাক্য
প্ৰয়োগ কৰা দেখা যায়। তৎসম আৰু তদ্ভৱ
শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ
বাক্যবোৰ ৰচনা কৰিছে। ছন্দোবদ্ধ
ৰচনাত প্ৰয়োগ নোহোৱা উত্তম পুৰুষৰ
ভৱিষ্যৎ কালৰ প্ৰত্যয় ‘ম’ (কৰিম) আৰু তৃতীয়
পুৰুষৰ ‘ব’ প্ৰত্যয়ৰ প্ৰয়োগ ভট্টদেৱৰ গদ্যৰ
বিশেষত্ব। তদপুৰি কাৰক বিভক্তিৰ
‘পৰা’ প্ৰত্যয়ৰো ব্যৱহাৰ দুই-এঠাইত লক্ষ্য
কৰা যায়। মাজে মাজে ঘৰুৱা উপমা
বা চিত্ৰ প্ৰয়োগ কৰি বক্তব্য বিষয়
পৰিস্ফুট কৰাৰ এটি ক্ষীণ চেষ্টা দেখা
যায়। একোটি চুটি চুটি বাক্যত
ভালেখিনি কথা সুমুৱাই ৰাখিব পৰা
ক্ষমতা ভট্টদেৱৰ দেখা যায়। ভট্টদেৱৰ
ভাষাৰ প্ৰকাশিকা শক্তি এই
নিদৰ্শনটোৱে দাঙি ধৰিব— “যদ্যপি
তুমি সকলো পাপীত কৰি অত্যন্ত
পাপকাৰী হোৱা তথাপি পাপ সমুদ্ৰক
জ্ঞান নাৱে অনায়াসে তৰিবা।
যেনে কাষ্ঠসমূহক প্ৰজ্বলিত অগ্নিয়ে
ভষ্ম কৰে তেমনে জ্ঞানাগ্নিয়ে
প্ৰাৰব্ধ বিনে সকল কষ্টকে ভষ্ম
কৰে।” (কথাগীতা, ৪ৰ্থ অধ্যায়)।
অসমীয়া গদ্যক গধুৰ ভাৱ প্ৰকাশৰ
বাহনৰূপে প্ৰয়োগ কৰি ভট্টদেৱে
অসমীয়া ভাষাক যি মৰ্যাদা দান
কৰিলে তাৰ কাৰণে অসমীয়া
সাহিত্যৰ বুৰঞ্জীত তেওঁৰ বিশেষ স্থান
থাকিব। পূৰ্বতে উল্লেখ কৰা হৈছে যে
অসমীয়া গদ্যই ষোড়শ শতাব্দীৰ শেষ
ভাগত জন্ম লাভ কৰি সপ্তদশ শতিকাত
বিস্তৃতি লভে। ষোড়শ শতাব্দীৰ শেষ
দশকত কথা ভাগৱত আৰু কথাগীতা ৰচিত
হয়। সপ্তদশ শতিকাৰে শেষৰ ফালে
বুৰঞ্জী আৰু চৰিত্ৰ পুথিৰ ৰচনা আৰম্ভ হয়।
অষ্টাদশ শতিকাত বুৰঞ্জী, চৰিত পুথি,
বংশাৱলী, ৰজাঘৰীয়া পেৰাকাকত,
ভূমিদান লিপি আৰু নানা বিষয়ক গদ্য
পুথিৰ ৰচনা হয়। সপ্তদশ শতিকাৰ
শেষলৈকে ছন্দোবদ্ধ সাহিত্যৰ
প্ৰাধান্য আছিল, গদ্যৰ প্ৰয়োগ
তুলনামূলকভাৱে সামান্য বুলি ক’ব
লাগিব। অষ্টাদশ শতিকাত কিন্তু গদ্যই
পদ্যৰ সমান স্থান অধিকাৰ কৰি ললে। এই
যুগত যিমান সাহিত্যৰ সৃষ্টি হৈছিল,
তাৰ প্ৰায় আধা গদ্যত ৰচিত। এই যুগৰ গদ্য
আলোচনাৰ সুবিধাৰ অৰ্থে তলত উল্লেখ
কৰা ধৰণে শ্ৰেণী বিভাগ কৰি ল’ব
পাৰোঁ—
১. ঐতিহাসিক গদ্য (বুৰঞ্জী,
পেৰাকাকত আদি)
২. চৰিত পুথি আৰু বংশাৱলীৰ গদ্য
৩. ধৰ্মপুথিৰ গদ্য
৪. বিবিধ বিষয়ক গদ্য
বুৰঞ্জীৰ গদ্য:
বুৰঞ্জী সাহিত্য আহোমসকলৰ অৱদান আৰু
ইয়াৰ সৃষ্টি হয় সপ্তদশ শতিকাৰ
মাজভাগত। অষ্টাদশ শতিকাত এই
সাহিত্যই বিস্তৃতি লাভ কৰে।
বুৰঞ্জীসমূহ কথিত ভাষাত ৰচিত। ঐহিক
জীৱনৰ বাস্তৱধৰ্মী ঘটনা প্ৰকাশৰ
উপযোগী মাধ্যম কথিত ভাষা। গতিকে
ধৰ্ম বিষয়ক পুথিৰ গদ্যৰ ভাষাৰ দৰে ইয়াৰ
ভাষাত কৃত্ৰিমতা নাই; অপ্ৰচলিত শব্দ
বা ক্ৰিয়াৰ ৰূপ দিবলৈ যাওঁতে বুৰঞ্জী
লেখকসকলে ভাষাৰ ব্যৱহাৰিক
ৰূপটোহে গ্ৰহণ কৰি লৈছিল, কিন্তু
সেইবুলি বুৰঞ্জীসমূহ ঐতিহাসিক ঘটনাৰ
নীৰস ধাৰাবাহিক বিৱৰণৰ সমষ্টি নহয়।
ড. সূৰ্যকুমাৰ ভূঞাদেৱৰ ভাষাত, বুৰঞ্জীৰ
কথা শুকান হাৰ-ছাল নহয়, তাত ভাবৰ
সমাৱেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব
পাৰি। সেই দেখি এই বুৰঞ্জীসমূহক
বুৰঞ্জীৰ শাৰীৰ পৰা আনি বিশুদ্ধ
সাহিত্যৰ অঙ্গীভূত কৰা হৈছে। বুৰঞ্জী
আৰু সাহিত্যৰ এনে অপূৰ্ব সঙ্গম বৃটিছৰ পূৰ্ব
যুগৰ কোনো ভাৰতীয় সাহিত্যতে
দেখিবলৈ পোৱা নাযায় বুলি কলেও
সত্যৰ অপলাপ নহয়।
বুৰঞ্জী লেখকৰ দৃষ্টিভঙ্গী আৰু ৰচনা
ভঙ্গী ব্যক্তি নিৰপেক্ষ (objectivity) এটি
মন কৰিবলগীয়া বিশেষত্ব। ব্যক্তিগত
ৰুচি-অভিৰুচি, বিৰাগ-আসক্তি বিসৰ্জন
দি নিৰপেক্ষ দৃষ্টিৰে ৰাজনৈতিক
সকলো কথা বৰ্ণনা কৰি গৈছে। এই
নিৰপেক্ষতাৰ লগতে আন এটি বিশেষত্ব
হ’ল বৰ্ণনাৰ পুঙ্খানুপুঙ্খতা। কোনো
বিশেষ ঘটনাৰ শক, তাৰিখ, দণ্ড-পল পৰ্যন্ত
সন্নিবেশ কৰা হৈছে। বুৰঞ্জীবোৰৰ
ভাষাত আৰবী-ফাৰ্চী শব্দৰ প্ৰয়োগ
যথেষ্ট দেখা যায়। বিশেষকৈ চিঠি-
পত্ৰাদিত নবাব বাদচাহৰ বিৱৰণ দিয়াত
আৰু কিছুমান বস্তুৰ নামত ফাৰ্চী-আৰবী
শব্দ প্ৰচুৰভাৱে প্ৰয়োগ কৰিছে।
ৰাজনৈতিক ঘটনাৰ লগত সংশ্লিষ্ট
ব্যক্তিসমূহৰ উক্তি-প্ৰত্যুক্তিবোৰো
যথাযথভাৱে উদ্ধৃত কৰি বৰ্ণনীয় বিষয়ক
নাটকীয় গুণ বিশিষ্ট কৰি তোলা
হৈছে। গৌণ বা পৰোক্ষ উক্তিৰ (indirect
narration) ব্যৱহাৰ নাছিল। কোনো
ব্যক্তিয়ে কোৱা কথা দিব লগা হ’লে
হুবহু যেনেভাৱে কৈছিল, সেই ভাৱেই
উদ্ধৃত কৰি দিয়া হয়।
বৰ্ণনীয় বিষয়ৰ প্ৰকৃতি আৰু চৰিত্ৰৰ
মানসিক অৱস্থাৰ বা অনুভূতিৰ
তীব্ৰতাৰ মাত্ৰা অনুসৰি ভাষাক গঢ়
দিয়া হৈছে। তলৰ চমু উদ্ধৃতিকেইটাই
বুৰঞ্জীৰ ভাষাৰ স্বাভাৱিক ৰীতি আৰু
অনুভূতি প্ৰকাশ ক্ষমতাৰ ইঙ্গিত দিব:
১. “মই মাটিৰ গড় বান্ধিম খহিব, কাঠৰ গড়
বান্ধিম পছিব, মই কথাৰ গড় বান্ধি
দিছো প্ৰাণ পৰিভুগী হ’ব।” (দেওধাই
অসম বুৰঞ্জী)
২. “নাও তল যাব, শিল ওপঙিব, কোৱা
বগা হ’ব, লুইত উজাই ব’ব তেবে কি আমাৰ
কবুল ছাৰিবেক।” (দেওধাই অসম বুৰঞ্জী)
চৰিত পুথিৰ গদ্য:
অষ্টাদশ শতিকাত গদ্যত ৰচনা কৰা চৰিত-
পুথিৰ বিশেষ বিকাশ দেখা যায়। তাৰ
ভিতৰত উপেন্দ্ৰ চন্দ্ৰ লেখাৰু সম্পাদিত
‘কথা গুৰু চৰিত’, গোবিন্দ দাসৰ ‘সন্ত-
সম্প্ৰদা’, ভট্টদেৱৰ নামত প্ৰচলিত ‘সৎ
সম্প্ৰদায় কথা’ বিশেষভাৱে
উল্লেখযোগ্য। ‘কথা গুৰু চৰিত’ আৰু
‘বৰদোৱা গুৰু চৰিত’ আকাৰত যেনেকৈ
ডাঙৰ, তেনেকৈ গদ্যৰ চানেকি ৰূপেও
উৎকৃষ্ট নিদৰ্শন।
গদ্য চৰিত-পুথিৰ ভাষা ভট্টদেৱৰ বা
ৰঘুনাথ মহন্তৰ পুথিৰ ভাষাৰ পৰা পৃথক
যদিও বুৰঞ্জীৰ লগতো এক নহয়। কথিত
ভাষাৰে এটি অতিশয় পৰিমাৰ্জিত ৰূপ
ইয়াত পোৱা যায়। এই গদ্য সত্ৰীয়া ভকত
সমাজত প্ৰচলিত ভাষাৰ ঠাচৰ ওপৰত
প্ৰতিষ্ঠিত। এই হিচাপে ভট্টদেৱৰ
সাহিত্যিক গদ্য আৰু বুৰঞ্জীৰ দৈনন্দিন
কথিত গদ্যৰ মাজতে এই গদ্যৰীতিক
স্থাপন কৰিব পাৰি। ইয়াত হুবহু কথিত ৰূপ
যেনেকৈ আছে তেনেকৈ ঠাই
বিশেষে পদ পুথিৰ ভাষাৰ ব্যৱহাৰো
আছে। উপমা, দৃষ্টান্ত, পদ-পুথিৰ উদ্ধৃতি
আৰু প্ৰত্যক্ষ বৰ্ণনা (direct narration)ৰ সঘন
প্ৰয়োগৰ দ্বাৰা বৰ্ণনা ৰসাল কৰি
তোলা হয়। গোবিন্দ দাসৰ ‘সন্ত সম্প্ৰদা’
গ্ৰন্থৰ গদ্যত বৰ্ণনাৰ সংযম, ভাষাৰ
মিতব্যয়িতা আৰু ৰচনা ভঙ্গীৰ
নিৰপেক্ষতা (objectivity) প্ৰশংসনীয়।
ধৰ্ম বিষয়ক গদ্য:
ধৰ্ম বিষয়ক গ্ৰন্থৰ ভিতৰত কথা ৰামায়ণ
উল্লেখযোগ্য। এইখন ৰঘুনাথ মহন্তৰ শ্ৰেষ্ঠ
গ্ৰন্থ। অসম্পূৰ্ণ হ’লেও বৰ্ণনাৰ সংযম আৰু
গাম্ভীৰ্য, ভক্তিভাবৰ গাঢ়তা আৰু সৰস
গদ্যভঙ্গীয়ে এই গ্ৰন্থক অসমীয়া
সাহিত্যৰ ইতিহাসত এক বিশেষ স্থান
দিছে। ‘কথা ৰামায়ণ’ৰ প্ৰথম তিনিটা
কাণ্ডৰ ভাষাত ব্ৰজাৱলী শব্দৰূপ আৰু
ক্ৰিয়াৰূপৰ সঘন প্ৰয়োগ ঘটিছে। গদ্যৰ
ঠাচ ভট্টদেৱৰ গদ্যঠাচৰ অনুৰূপ, কিন্তু
ভট্টদেৱতকৈ কিছু সৰল। ‘কথা ৰামায়ণ’ৰ
ভাষাৰ নিদৰ্শন— “জনকনন্দিনী স্বামী
আসিবাৰ দেখি আগবাঢ়ি স্বামীক
নমিলা। শ্ৰীৰামৰ ভাৱ দেখি বুলিলা—
হে প্ৰাণনাথ কেনে তোমাৰ মুখপঙ্কজ
ম্লান ভৈল ৰাজচিহ্ণ কেনে নাহি?
শ্ৰীৰামে বোলন্ত— হে প্ৰিয়ে হামাৰ
ৰাজ্য পদ গুচি বনপদ ভৈল।”
‘কথা ৰামায়ণ’ৰ বাহিৰে আৰু দুই-
চাৰিখন গদ্য পুথি পোৱা যায়।
সেইবোৰৰ ভিতৰত পৰশুৰামৰ কথা ঘোষা,
পদ্ম পুৰাণৰ অংশ বিশেষৰ কথানুবাদ আৰু
সাত্বত তন্ত্ৰৰ অনুবাদ বিশেষভাবে
লেখত ল’বলগীয়া। ‘সাত্বত তন্ত্ৰ’ৰ গদ্য
ভট্টদেৱৰ গদ্যৰ অনুৰূপ। তদপুৰি বুৰঞ্জী আৰু
পুৰাতত্ব বিভাগে ‘তীৰ্থ কৌমুদী’
নামে এখন সচিত্ৰ গদ্য পুথি মঙ্গলদৈৰ
পৰা উদ্ধাৰ কৰি আনিছে। এই গ্ৰন্থ
অষ্টাদশ শতিকাৰ এখন মূল্যবান গ্ৰন্থ।
ইয়াৰ গদ্য কথিত গদ্যৰ অনুৰূপ আৰু সৰল।
লেখকৰ নাম অজ্ঞাত।
ব্যৱহাৰিক জ্ঞানৰ পুথিৰ গদ্য:
মহাৰাজ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ
ৰাজত্ব কালত অসমীয়া গদ্যত
কেইবাখনো ব্যৱহাৰিক জ্ঞানৰ পুথি
ৰচনা কৰা হৈছিল। সেইবোৰৰ ভিতৰত
সুকুমাৰ বৰকাথৰ সচিত্ৰ ‘হস্তী
বিদ্যাৰ্ণৱ’ (১৭৩৪ খৃঃ), ‘ঘোঁৰা
নিদান’ (১৭৪০ খৃঃ), কবিৰাজ চক্ৰৱৰ্তীৰ
জ্যোতিষ সম্পৰ্কীয় ‘কথা গ্ৰন্থ
ভাস্বতী’ উল্লেখযোগ্য। ‘হস্তী
বিদ্যাৰ্ণৱ’ৰ ভাষাৰ লগত বুৰঞ্জীৰ
ভাষা একে। অঙ্কৰ আৰ্যা, নৃত্য আৰু মুদ্ৰাৰ
পুথি ‘শ্ৰীহস্তমুক্তাৱলী’ নামৰ সংস্কৃত
গ্ৰন্থৰ সুচান্দ ওজা কৃত অসমীয়া কথা
ভাঙনি, কামৰত্ম তন্ত্ৰৰ শ্লোকৰ
অসমীয়া কথা ভাঙনি বিশেষভাবে
উল্লেখযোগ্য। ‘নীতি লতাঙ্কুৰ’ গ্ৰন্থৰ মূল
পাঠ্যসমূহ সংস্কৃতত, কিন্তু তাৰ
ভাঙনিসমূহ অসমীয়া গদ্যৰ বিশুদ্ধ
চানেকি।
বত্তৰ্মান সাহিত্যৰ পটভূমি:
ইং ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত
অনুসৰি অসমদেশ ইংৰাজৰ অধীনলৈ যায়।
ইংৰাজে অত্যাচাৰী মানক খেদি
বৃটিছ ৰাজত্ব প্ৰতিষ্ঠা কৰিলে আৰু
অসমীয়া মানুহেও ইংৰাজ শাসনৰ
ভৱিষ্যৎ ফলাফলৰ পিনে দৃষ্টি নকৰি
মানৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাতে
স্বস্তিৰ নিশ্বাস পেলালে। সাধাৰণ
প্ৰজাই ইংৰাজ শাসন মানি লৈছিল
যদিও আগৰ ডা-ডাঙৰীয়া শ্ৰেণীৰ
লোকে সহজে বিদেশী শাসন মানি
লোৱা নাছিল। পিয়লি ফুকন, গমধৰ
কোঁৱৰ আদিৰ বিদ্ৰোহেই তাৰ প্ৰমাণ।
তাৰ উপৰিও দাঁতিকাষৰীয়া পৰ্বতীয়া
জাতিৰ উপদ্ৰৱৰ ফালেও সততে দৃষ্টি
ৰাখিব লগা হৈছিল। গতিকে প্ৰথম দহ
বছৰত ইংৰাজবিলাকে ৰাজ্য
সুপ্ৰতিষ্ঠিত কৰা কাৰ্যত ব্যস্ত থাকিব
লগা হৈছিল, দেশৰ শিক্ষা সমস্যা বা
ভাষাৰ সমস্যা আদিলৈ চকু দিব পৰা
নাছিল। আগৰ পৰা চলি অহা ব্যৱস্থাই
বলবৎ আছিল, কিন্তু পিয়লি ফুকন আদিৰ
বিদ্ৰোহত সম্ভ্ৰান্ত বংশীয় লোকসকল
জড়িত থকা দেখি আৰু উজনি অসমৰ উচ্চ
শ্ৰেণীৰ লোকে ইংৰাজ ৰাজত্বক ভাল
চকুৰে নোচোৱা দেখি আৰু ইংৰাজ
শাসন ব্যৱস্থাৰ লগত তেওঁলোকক
অনিভজ্ঞজ্ঞ দেখি বঙ্গদেশৰ পৰা
বঙালী কেৰাণি-মহৰী আমদানি কৰি
দেশৰ শাসন ব্যৱস্থা চলাবলৈ আৰম্ভ
কৰে। অসমীয়া লোকক নলৈ বঙালীক
অনাৰ হয়তো কাৰণ দুটা আছিল— (১)
অসমীয়া শিক্ষিত সম্প্ৰদায় আৰু
সম্ভ্ৰান্ত শ্ৰেণীক বিশ্বাস কৰিবলৈ
টান পাইছিল। (২) তেওঁলোক ইংৰাজ
শাসন ব্যৱস্থা সম্পৰ্কে অনিভজ্ঞ আছিল।
বঙালী কেৰাণি-মহৰীবোৰে
আত্মস্বাৰ্থ সংৰক্ষণ কৰিবৰ কাৰণে আৰু
ভৱিষ্যতেও তেওঁলোকৰ স্থান অব্যাহত
ৰাখিবৰ উদ্দেশ্যে ইংৰাজ বিষয়াসকলক
বুজাই দিলে যে অসমীয়া এটা
স্বতন্তৰীয়া ভাষা নহয়, বঙালীৰ এটা
গ্ৰাম্য অপভ্ৰংশ মাত্ৰ। তেওঁলোকৰ কথাত
বিশ্বাস কৰি ১৮৩৬ খৃষ্টাব্দত স্কুল-
কাছাৰী আদিত অসমীয়া ভাষাৰ
পৰিৱৰ্তে বঙালী ভাষাক ইংৰাজে
প্ৰতিষ্ঠা কৰিলে।
এনেয়ে মান-মৰাণৰ উপদ্ৰৱত থান-থিত
নোহোৱা অসমীয়াই শিক্ষা আৰু
সাহিত্যলৈ পিঠি দি কোনোমতে
জীৱন নিৰ্বাহ কৰিব পৰাটোৱেই
ভাগ্যৰ কথা বুলি ধৰি লৈছিল তাতে
আকৌ যেতিয়া অসমীয়া ভাষাক
বহিষ্কাৰ কৰি বঙালীক পঢ়াশালি আৰু
আদালতত ঠাই দিলে, তেতিয়া
শিক্ষা আৰু সাহিত্য চৰ্চাৰ সামান্য
সম্ভাৱনাকণো নষ্ট পালে। ১৮৩৬
খৃষ্টাব্দৰ পৰা ১৮৭৩ খৃষ্টাব্দলৈকে প্ৰায়
দুকুৰি বছৰ বঙালীয়ে অসমৰ পঢ়াশালি
আৰু আদালতত আধিপত্য লাভ কৰাৰ ফলত
অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত
অশেষ ক্ষতি সাধিত হ’ল আৰু ফলস্বৰূপে
অসমীয়া মানুহ পঞ্চাশ বছৰ কালৰ
পশ্চাদগামী হ’ব লগাত পৰিল। ১৮৩৭ চনত
স্থানীয় ভাষা আদালত আৰু
পঢ়াশালিত চলাব পাৰে বুলি যি আইন
হ’ল, অসমৰ ক্ষেত্ৰত কিন্তু সি প্ৰযোজ্য
নহ’ল।
কিন্তু ‘ঘনান্ধকাৰেষু ইব দীপদৰ্শনম’ৰ দৰে
১৮৩৬ চনতে আমেৰিকান বেপ্তিষ্ট
মিছনে হাতত খৃষ্টধৰ্মৰ জোৰ লৈ অসমত
ভৰি দিলেহি। সেই চনৰ মাৰ্চ মাহত
পোন প্ৰথমে ৰেভাৰেণ্ড নাথান ব্ৰাউন
আৰু টি কট্টৰ সপৰিয়ালে শদিয়া
পায়হি। কেইমাহমানৰ পিছতে ডক্টৰ
মাইলচ ব্ৰন্সন আৰু জেকব থমাচ অসম
পায়হি, কিন্তু দুৰ্ভাগ্যক্ৰমে ব্ৰহ্মপুত্ৰত
নাও বুৰি জেকব থমাচৰ মৃত্যু হয়। শদিয়াত
ব্ৰাউন, কট্টৰ আৰু ব্ৰন্সনে ধৰ্ম প্ৰচাৰত
আত্মনিয়োগ কৰে, কিন্তু চিংফৌ আৰু
খামতিবোৰৰ অত্যাচাৰত কাম কৰিবলৈ
টান পাই লক্ষীমপুৰ জিলাৰ জয়পুৰলৈ
গুচি আহে। পৰ্বতীয়া জাতিৰ মাজত ধৰ্ম
প্ৰচাৰ কৰা সহজ নহ’ব বুলি ভাবি
ভৈয়ামৰ লোকৰ মাজত খৃষ্ট ধৰ্ম প্ৰচাৰ
কৰিবলৈ ব্ৰাউন, ব্ৰন্সন, বাৰ্কাৰ আদি
মিছনেৰীসকলে শিৱসাগৰ, নগাওঁ আৰু
গুৱাহাটীত সত্ৰ পাতে। এইদৰে
তেওঁলোকে বিভিন্ন ঠাইত পঢ়াশালি
আৰু অনাথ আশ্ৰম পাতি ধৰ্ম প্ৰচাৰ
কৰিবলৈ আৰম্ভ কৰে। কিন্তু প্ৰচাৰ আৰম্ভ
কৰোঁতেই দেখা দিলে ভাষা সমস্যাই।
তেওঁলোকে বঢ়িয়াকৈ বুজিছিল,
থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি-পাঁজী
প্ৰকাশ নকৰি বিদেশী বঙলা ভাষাৰ
সহায় ল’লে উদ্দেশ্য সিদ্ধি নহয়। অথচ
দেখা পালে যে মাতৃভাষাৰ সলনি
তেতিয়া পঢ়াশালি, আইন-আদালত আৰু
শাসন-ব্যৱস্থা সকলোতে বঙালীৰহে
প্ৰচলন। বিদেশী আচহুৱা ভাষাৰ
যোগেদি যে এটা জাতিক শিক্ষিত
আৰু জ্ঞানী কৰি তুলিব যে নোৱাৰি
সেই কথা মিছনেৰীসকলে বুজি
পাইছিল। কিন্তু শাসকসকলেহে সেই
সাধাৰণ কথাটো বুজিও নুবুজাৰ দৰে
বঙালী প্ৰৱৰ্তন কৰিবলৈ লৈছিল। ইয়াৰ
বহুত আগতেই ১৮১৩ চনত নগাঁৱৰ আত্মাৰাম
শৰ্মাৰ হতুৱাই বঙ্গদেশৰ শ্ৰীৰামপুৰৰ
মিছনেৰী ৰেভাৰেণ্ড উইলিয়াম
কেৰিয়ে ‘বাইবেল’ পুথি অসমীয়ালৈ
অনুবাদ কৰাইছিল আৰু সেই পুথি
শ্ৰীৰামপুৰৰ মিছনেৰী প্ৰেছৰ পৰা ১৮১৩
চনত ছপা হৈয়ো ওলাইছিল। অসমৰ
মিছনেৰীসকলেও ১৮৪০ চনত শিৱসাগৰত
ছপাখানা বহুৱাই দুই-এখনকৈ খৃষ্টানী
ধৰ্মপুস্তক প্ৰকাশ কৰিবলৈ ধৰে। ইয়াৰ
এবছৰ আগতে অৰ্থাৎ ১৮৩৯ চনত ৰবিন্সন
চাহাবৰ ইংৰাজীত ‘অসমীয়া ভাষাৰ
ব্যাকৰণ’ (A Grammar of Assamese Language)
ওলায়।
কেৱল অসমীয়াত পুথি প্ৰণয়ন কৰিয়েই
মিছনেৰীসকল ক্ষান্ত থকা নাছিল।
বঙালী ভাষাক অসমীয়াৰ ওপৰত জাপি
দি তেতিয়াৰ ইংৰাজ চৰকাৰে যি ভুল
ভাষানীতি লৈছিল, তাৰ বিৰুদ্ধে
এওঁলোকে যুদ্ধ দিছিল। কাগজে-পত্ৰই আৰু
পদে-প্ৰমাণে চৰকাৰৰ নীতিৰ ভুল
এওঁলোকে আঙুলিয়াই দিছিল। এওঁলোকৰ
লগতে যোগ দিছিল আনন্দৰাম
ঢেকিয়াল ফুকনকে আদি কৰি
স্বদেশপ্ৰেমিক শিক্ষিত যুৱক
কেইজনমানে। ১৮৫৩ চনৰ মোফাত মিলচৰ
অসম সম্পৰ্কে দিয়া টোকাটোত বঙালী
ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাৰ
প্ৰচলন কৰাৰ সপক্ষে মত দিছিল। এইদৰে
দেশী-বিদেশী অসম প্ৰেমীসকলৰ
আশাশুধীয়া চেষ্টাৰ ফলতে ইংৰাজ
চৰকাৰে অৱশেষত অসমত প্ৰয়োগ কৰা
ভাষানীতি পৰিৱৰ্তন কৰাৰ প্ৰয়োজন
বোধ কৰিলে। ইংৰাজ চৰকাৰে নিজৰ
ভুল বুজি পাই ১৮৭৩ চনত পঢ়াশালি আৰু
আদালতত অসমীয়া ভাষাক পুনৰ
প্ৰতিষ্ঠা কৰি ন্যায্য স্থান ঘূৰাই
দিয়ে। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে
বঙালী ভাষা প্ৰচলন হোৱাৰ কাৰণে
অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত যি
অপূৰণীয় ক্ষতি হ’ল, তাৰ ফলত অসমীয়া
আন প্ৰদেশৰ বাসিন্দাৰ তুলনাত বহুতো
পিছ পৰি ৰ’ল। বৃটিছে ৰাজ্য লোৱাৰ
পৰা অসমীয়া ভাষা পুনৰ পঢ়াশালি আৰু
আদালতৰ ভাষাৰূপে পৰিগণিত
হোৱালৈকে প্ৰায় পঞ্চাশ বছৰ কালৰ
ভিতৰত যি ভাষা আৰু সাহিত্যৰ চৰ্চা
হ’ল, সেয়েই অসমীয়া সাহিত্যৰ
আধুনিকতাৰ ভেটি স্থাপন কৰিলে।
আত্মাৰাম শৰ্মা: প্ৰথম আধুনিক গদ্য লেখক
আত্মাৰাম শৰ্মা অসমীয়া সাহিত্যৰ
ছাত্ৰৰ অপৰিচিত ব্যক্তি নহয়। অৱশ্যে
তেওঁৰ বিষয়ে সবিশেষ জনাৰ উপায়
নাই। মান-মৰাণৰ উপদ্ৰৱত মৃতকল্প অসমীয়া
সাহিত্যৰ তিমিৰাছন্ন অৱস্থাত পোহৰৰ
আগজাননী দিয়া পুৱতি তৰাৰ লগত
আত্মাৰাম শৰ্মাক তুলনা কৰিলে
বোধকৰোঁ বৰ ভুল কৰা নহ’ব। অষ্টাদশ
শতিকাৰ সত্তৰ দশকত সম্ভৱতঃ তেওঁ জন্ম
লাভ কৰে। তেতিয়া আহোম ৰাজপাটত
লক্ষ্মীসিংহ স্বৰ্গদেৱ (১৭৬৯-১৭৮১)।
দেশত এফালে মৰাণৰ উপদ্ৰৱ আৰু
আনফালে মৰাণ সন্দেহত হাজাৰ-
হাজাৰ লোকৰ ৰাজকীয় শাস্তি আৰু
মৃত্যুদণ্ড। এনে এটা দুৰ্যোগৰ সময়তে
আত্মাৰাম শৰ্মাৰ এসময়ৰ বৰফুকনৰ
বাসস্থান আৰু পাছলৈ সলাল গোঁহাইৰ
বাসস্থান, বুৰঞ্জী প্ৰসিদ্ধ কলিয়াবৰৰ
শাকমুঠি গাঁৱৰ এঘৰ ব্ৰাহ্মণ পৰিয়ালত
জন্ম হয়। এতিয়া সেই ঠাইত কোনো
ব্ৰাহ্মণ পৰিয়াল নাথাকে। সম্ভৱতঃ
মানৰ উপদ্ৰৱত তাত বাস কৰা ব্ৰাহ্মণ
পৰিয়ালকেইঘৰ সেই ঠাই এৰি আন ঘন
বসতিপূৰ্ণ অঞ্চললৈ উঠি যায়। এই অভাজন
লেখকৰ পূবৰ্বপুৰুষসকলো শাকমুঠি গাঁৱৰে
আছিল, পাছত ঊনবিংশ শতিকাৰ
প্ৰাৰম্ভত অথবা অষ্টাদশ শতিকাৰ শেষ
দশকত কলিয়াবৰ এৰি উজনিলৈ উজাই
গৈ নামটি দ’লত কিছু বছৰ থাকি ১৯১৬
চনত জাঁজীলৈ উঠি যায়। তেতিয়াৰ
পৰা আমি জাঁজী নিবাসী। আমাৰ
দৰে হয়তো আন কেইঘৰ ব্ৰাহ্মণ
পৰিয়ালো আন ঠাইলৈ গৈ বসতি
কৰেগৈ। এতিয়া শাকমুঠি গাৱঁত১ উত্তৰ
প্ৰদেশৰ কেইঘৰমান সৎনামী পন্থৰ
হৰিজনেহে বাস কৰে। কিন্তু
তেওঁলোকে এজোপা প্ৰকাণ্ড আহঁত গছক
কেন্দ্ৰ কৰি এডোখৰ মুকলি ঠাইক বামুণৰ
ভেটি বুলি নিৰ্দেশ কৰে আৰু
আহঁতজোপাক নিয়মিতভাৱে পূজা-
পাতল দি থাকে। সম্ভৱতঃ এইডোখৰ ঠাই
আত্মাৰামৰ অথবা আমাৰ পূৰ্ব-পুৰুষৰ
নিবাসস্থলী আছিল।
ভৰ ডেকা বয়সতে আত্মাৰামে জগন্নাথ
ক্ষেত্ৰলৈ তীৰ্থ কৰিবলৈ যায়। উভতি
আহোঁতে শ্ৰীৰামপুৰৰ ব্যপ্তিষ্ট মিছনৰ
প্ৰধান অধ্যক্ষ উইলিয়াম কেৰি চাহাবৰ
এজেণ্টে তেওঁক লগ পাই কেৰি চাহাবৰ
লগত পৰিচয় হোৱাৰ সুযোগ কৰি দিয়ে।
কেৰি চাহাবে ইতিমধ্যে ভাৰতৰ
প্ৰধান ভাষাবোৰলৈ বাইবেল অনুবাদ
কৰাত আত্মনিয়োগ কৰি আছিল আৰু
নিজেই বাইবেলখন সংস্কৃত আৰু বঙলা
ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল।
কেৰি চাহাব বহু ভাষাবিদ আছিল।
ভাৰতৰ ভালে কেইটা ভাষা জনাৰ
উপৰিও কেবাটাও ইউৰোপীয় ভাষা
জানিছিল। তেওঁ অসমীয়া ভাষালৈ
বাইবেল অনুবাদ কৰাৰ পৰিকল্পনা
কৰিছিল যদিও উপযুক্ত পণ্ডিত
নোপোৱাত সেই কাম হাতত ল’ব পৰা
নাছিল। আত্মাৰাম শৰ্মাক লগ পাই আৰু
তেওঁৰ পাণ্ডিত্যৰ প্ৰমাণ পাই বাইবেলৰ
অনুবাদৰ দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰে।
১৮০৩ খৃষ্টাব্দত আত্মাৰামে
আনুষ্ঠানিকভাবে খৃষ্ট ধৰ্ম গ্ৰহণ কৰে।
তেওঁ সম্ভৱতঃ তেতিয়া অবিবাহিত
আছিল। সেই কাৰণে খৃষ্ট ধৰ্ম গ্ৰহণ কৰাৰ
পাছত অসমলৈ উভতি নাহি সেই ঠাইৰে
(শ্ৰীৰামপুৰ) স্থানীয় ছোৱালী বিয়া
কৰাই নিগাজীকৈ বাস কৰি বাইবেলৰ
অসমীয়া অনুবাদত আত্মনিয়োগ কৰে।
অনুবাদ কাৰ্য ১৮১০ চন মানত সম্পূৰ্ণ কৰি
কেৰি চাহাবৰ হাতত অৰ্পণ কৰে। কেৰি
চাহাবে সেই অনুবাদ প্ৰয়োজন অনুসৰি
সংশোধন কৰি কেবাজনো অসমীয়া
পণ্ডিতৰ হতুৱাই পৰীক্ষা কৰাই
ছপাশালত দিয়ে ১৮১০ চনত। আত্মাৰামৰ
অনুবাদ প্ৰশংসা কৰি অনুমোদন জনোৱা
অসমীয়া কেইজন আছিল লক্ষ্মীকান্ত
তৰ্কালংকাৰ, পদ্মধৰ বিদ্যাবাগীশ,
বিশ্বনাথ তৰ্কালংকাৰ। এওঁলোকে সেই
সময়ত নবদ্বীপত অধ্যয়ন কৰি আছিল।
তেওঁলোকে অভিমত দাঙি ধৰি কেৰি
চাহাবলৈ লিখিছিল- “We have an eyed
the specimen of Assamese scriptures which you
have send to us. We have read and understood it;
it is excellently done. Whoever of Assam shall
read this book, will understand it.” এওঁলোকৰ
বাহিৰেও আনন্দৰাম ঢেকিয়াল ফুকনৰ
পিতৃ বুৰঞ্জী লেখক হলিৰাম ঢেকিয়াল
ফুকন আৰু গোৱালপাৰাত থকা আহোম
ৰজাৰ প্ৰতিনিধিয়েও অনুবাদত অনুমোদন
জনাইছিল। আত্মাৰামৰ অনুবাদ কেৰি
চাহাবে সংশোধন কৰি ছপাশালত ১৮১২
চনত দিয়ে; কিন্তু দুৰ্ভাগ্যক্ৰমে
ছপাশালত জুই লাগি অসমীয়াকে আদি
কৰি কেইবাটাও ভাৰতীয় ভাষাৰ
অনুবাদ বহু পৰিমাণে নষ্ট হোৱাত বহু
পৰিশ্ৰমেৰে নতুন প্ৰেছ কপি তৈয়াৰ
কৰি ১৮১৩ চনত বাইবেলৰ নিউ
টেষ্টামেন্ট ‘ধমৰ্পুস্তক’ নামত প্ৰকাশ
কৰে। ১৮১৯ চনত ইয়াৰ দ্বিতীয় সংসকৰণ
প্ৰকাশ পায়। Old Testament সহ বাইবেল
১৮৩৩ চনত কেৰি চাহাবৰ তত্ত্বাৱধানত
প্ৰকাশ পায়। ১৮১৩ চনত কেৱল New
Testament-হে প্ৰকাশ কৰা হৈছিল।
তাৰে পুনৰ মুদ্ৰণ হৈছিল ১৮১৯ চনত।
বাইবেলৰ দুয়োটা খণ্ড আত্মাৰামেই
অনুবাদ কৰিছিল বুলি ধাৰণা হয়, কাৰণ
ঊনবিংশ শতিকাৰ চতুৰ্থ দশকলৈকে
আত্মাৰাম জীয়াই থকাৰ যথেষ্ট প্ৰমাণ
পোৱা যায়।
কেৰি চাহাবৰ তত্ত্বাৱধানত
আত্মাৰাম শৰ্মাই অনুবাদ কৰা
বাইবেলখনৰ ভাষাৰ বিশুদ্ধতা সম্পৰ্কে
মতভেদ দেখা যায়। সমসাময়িক
কেইবাজনো পণ্ডিতে ইয়াৰ ভাষা
সম্পৰ্কে অনুকুল মত দাঙি ধৰিছিল যদিও
পৰৱৰ্তী আমেৰিকাৰ ব্যাপ্তিষ্ট মিছনৰ
নাথান ব্ৰাউন আৰু মাইলছ ব্ৰন্সন আদি
মিছনেৰী প্ৰচাৰকসকলে আত্মাৰামৰ
বাইবেলৰ ভাষা সম্পৰ্কে বিৰূপ মন্তব্য
নকৰাকৈ থকা নাই। এই প্ৰসঙ্গত নাথান
ব্ৰাউনৰ অভিমত উদ্ধৃত কৰা হ’ল— “He soon
found that the translation of the Bible produced
by Carey through interpreters, was so full of
Bengali and Sanskrit words that it was a
practically useless. The ordinary Indian could not
read it and its revision was practically
impossible.” সেই কাৰণে আমেৰিকান
ব্যাপ্তিষ্ট মিছনেৰীসকলে ১৮৩৮ চনত
New Testament নতুনকৈ অনুবাদ কৰিবলৈ
আৰম্ভ কৰে। AK. Guruny-এ ১৮৭৪ চনত
আত্মাৰামৰ বাইবেল সম্পৰ্কে একে ধৰণৰ
বিৰূপ মন্তব্য নকৰাকৈ থকা নাই। তেওঁৰ
মন্তব্য উদ্ধৃত কৰা হ’ল— “This translation is not
a good one. Dr. Carey had no acquaintance with
Assamese. The whole work was entrusted to an
Assamese pundit (Atmaram Sarma). Hence the
work contains so many Sanskrit terms as to
make it unintelligible to the people.”
আত্মাৰামৰ ভাষা সম্পৰ্কে বিৰূপ মন্তব্য
দিও আমি এই কথা মানি ল’ব লাগিব
যে আত্মাৰামে আধুনিক গদ্য ৰচনাৰ প্ৰথম
প্ৰচেষ্টা চলায়। সেই সময়ত কোনো
ব্যাকৰণ বা অভিধান অসমীয়া ভাষাত
নাছিল। তদপুৰি তেওঁ নিজে সংস্কৃত
পণ্ডিত হোৱা কাৰণে আৰু কেৰি
চাহাবো সংস্কৃতত বিদগ্ধ পণ্ডিত
হোৱা কাৰণে স্বাভাৱিকতে সংস্কৃত
শব্দৰ বাহুল্য ৰচনাত লক্ষ্য কৰা যায়। তলত
আত্মাৰামৰ ১৮১৩ চনত প্ৰকাশ হোৱা New
Testament-ৰ ভাঙনিৰ এটা নমুনা দাঙি
ধৰা হ’ল।
“যিশুখৃষ্টৰ জন্ম এনে আছিল। তেওঁৰ মাক
মাৰীয়া য়ুচুফ লৈ বাগদত্তা হ’লত সি
বিলাকৰ সংসৰ্গৰ আগেই তেওঁক
ধৰ্মাত্মাৰ পৰা গভৰ্ৱতী বুলি
জানিলে। তেওঁৰ স্বামী য়ুচুফে
পৰমাৰ্থিক মানুহ হৈ আৰু সদৰি কৰি
তেওঁক অপযশী কৰিব নুখুজি তেওঁক গুপুতে
তিয়াগীবলৈ মন কৰিলে। কিন্তু দেখা
ইয়াতে চিন্তা কৰোঁতেই ইশ্বৰৰ দূতে
সপোনত দৰিষন দিলে আৰু বুলিলে
হেৰা দাৱদৰ সন্ততি য়ুচুফ তোমাৰ
ভাৰ্য্যা মাৰীয়াক গ্ৰহন কৰিবলৈ দৰুক
নহুবা কিয়নো যেয়ে তাইৰ গভৰ্ত আছে
সেয়ে ধমাৰ্ত্মাৰ পৰা। তাই ও পুত্ৰ প্ৰসৱ
হ’ব আৰু তেওঁৰ নাম তুমি যিশু থবা
কিয়নো তেওঁৰ মনুষ্যহতঁক সিহঁতৰ পাপৰ
পৰা তেওঁ উদ্ধাৰ কৰিব।”
ওপৰত দিয়া বাক্যলৈ মন কৰিলে দেখা
যায় যে বাক্যবোৰত যতি চিন ব্যৱহাৰ
নকৰা কাৰণে সবৰ্সাধাৰণ পাঠকৰ পক্ষে
কিছু অসুবিধা নোহোৱাকৈ থকা নাই।
কেৱল দাৰি চিনহে ব্যৱহাৰ কৰা দেখা
গৈছে। বাক্যবোৰ অলপ দীঘলীয়া
হোৱাত সাধাৰণ পাঠকৰ পক্ষে সহজে
অনুসৰণ কৰিবলৈ অসুবিধা হৈছে। কিন্তু
সংস্কৃত শব্দৰ বাহুল্য প্ৰয়োগ হৈছে বুলি
ক’ব নোৱাৰি। তৎসম শব্দৰ বৰ বেছি
প্ৰয়োগ হোৱা নাই। তদ্ভৱৰহে প্ৰয়োগ
বেছি। বানান সম্পৰ্কে ক’ব পাৰি যে
আত্মাৰামে দুয়োটা চ (চ, ছ) আৰু
তিনিটা শ (শ, ষ, স) ব্যৱহাৰ কৰা দেখা
যায়। অৱশ্যে মূৰ্ধণ্য ‘ট’ বগৰ্ৰ বৰ বেছি
ব্যৱহাৰ দেখা নাযায়। নিষেধাৰ্থক ‘ন’
ক্ৰিয়াৰ লগত সংযোজিত হৈছে।
অৱশ্যে সৰ্বনামৰ ক্ষেত্ৰত কিছু খেলি-
মেলি দেখা যায়। ঠায়ে ঠায়ে
ইংৰাজী বাক্য বিন্যাসৰ প্ৰভাৱ তেওঁৰ
ভাষাত দেখা যায়। এই দোষৰ পৰা
পৰৱৰ্তী এমেৰিকান ব্যাপ্তিষ্ট
মিছনেৰীসকলো মুক্ত নহয়। আত্মাৰামে
অসমীয়াৰ ‘ৰ’ আৰু ‘ৱ’ তেওঁৰ বাইবেলত
ব্যৱহাৰ কৰিছে। যদিও পৰৱৰ্তী
মিছনেৰীসকলে ‘ৱ’ আখৰটো পৰিত্যাগ
কৰিছে। ১৮৩৩ চনত প্ৰকাশ হোৱা
আত্মাৰামৰ Old Testament-ৰ ভাঙনিৰ পৰা
অলপ দাঙি ধৰা হ’ল—
“প্ৰথমতে ইশ্বৰে স্বৰ্গক্ আৰু পৃথিবিক্
স্ৰজিলে। পৃথিবি অথিৰ্ আকাৰ্ আৰু শূন্য
আৰু গম্ভীৰ স্থলৰ্ ওপৰত্ অন্ধকাৰ্ আছিল আৰু
ইশ্বৰৰ আত্মা পানিৰ্ ওপৰত দোলায়মান্
হ’ল। পাচে ঈশ্বৰে বুলিলে বোলে পহৰ্
হোক তাতে পহৰ্ হ’ল। তেতিয়া ইশ্বৰে
দেখিলে পহৰ্ উত্তম্ তাৰ পাচে ইশ্বৰে
পহৰকে আন্ধাৰকে বেলেগ কৰিলে।
ইশ্বৰে পহৰৰ নাম দিন্ আৰু অন্ধকাৰৰ নাম
ৰাতি থলে। সন্ধ্যা প্ৰাতঃকাল হলত্
প্ৰথম্ দিন্ হল।”
ওপৰৰ উদ্ধৃতিৰ পৰা লক্ষ্য কৰা যায় যে
বিভক্তিবোৰৰ প্ৰয়োগ কোনো কোনো
স্থলত শুদ্ধভাৱে হোৱা নাই।
এমেৰিকান ব্যাপ্তিষ্ট মিছনেৰীসকলৰ
ৰচনাতো বিভক্তিৰ অপপ্ৰয়োগ
নোহোৱাকৈ থকা নাই। গতিকে প্ৰথম
আধুনিক গদ্য প্ৰৱৰ্তন কৰা আত্মাৰামৰ
ৰচনাত ব্যাকৰণগত বিশুদ্ধতা
বিচাৰিলে আমাৰ পক্ষে বেছি
বিচৰা হ’ব। আত্মাৰামে ঘৰুৱা অসমীয়া
শব্দ, যেন ‘ঘৰণি’, ‘দৰুক’, ‘সদৰি’, ‘মনকৰ’,
‘উধাৰক’ ইত্যাদি শব্দ আৰু খণ্ড বাক্যৰ
প্ৰয়োগ নকৰাকৈ থকা নাই। আৰু এটা
কথা এইখিনিতে মনত ৰাখিব লাগিব
যে আমি সম্পূৰ্ণ ৰূপে আত্মাৰামৰ স্বকীয়
ভাষা বাইবেলত পোৱা নাই। তেওঁৰ
ভাষাৰ ওপৰত কেৰি চাহাবে যথেষ্ট
হাত ফুৰাইছিল। সংস্কৃত শব্দৰ অধিক
প্ৰয়োগ হয়তো সেই কাৰণেই ঘটিছিল
বুলি অনুমান কৰিলেও ভুল নহ’ব। কেৰি
চাহাবৰ হাতৰ স্পৰ্শ নথকা হ’লে আমি
আত্মাৰামৰ প্ৰকৃত গদ্যৰ নমুনা
পালোহেঁতেন। এতিয়া যি গদ্য
পাইছোঁ, সি কেৰিৰ দ্বাৰা
সংশোধিত গদ্য। গতিকে ১৮১৩ চনৰ বা
১৮৩৩ চনৰ বাইবেলৰ ভাষা পূৰ্ণমাত্ৰাই
আত্মাৰামৰ গদ্য বুলি মানি ল’বলৈ টান।
কিন্তু এই গদ্যৰ মোটামোটি স্বৰূপটো যে
আত্মাৰামৰ, এই বিষয়ে সন্দেহ নাই। আৰু
এটা কথা এই খিনিতে মনত ৰাখিব
লাগিব যে ১৮১৩ চনৰ বাইবেলত পুৰণি
অসমীয়া সাঁচিপতীয়া আখৰ বহু
পৰিমাণে সংৰক্ষিত হৈছে, কিন্তু
পৰৱৰ্তী কালত বঙলা হৰফৰ প্ৰাধান্য
ঘটিল। অৱশ্যে দুয়োটা হৰফৰ মাজত
প্ৰভেদ যৎসামান্য। আত্মাৰামৰ ভাষাত
হসন্ত চিনৰ বহুল প্ৰয়োগ কৰিছে। এইটো
তেওঁ উচ্চাৰণৰ সুবিধাৰ কাৰণে
কৰিছিল।
যদিও সকলোৱে নাথান ব্ৰাউন আৰু
মাইলচ ব্ৰনছনক আধুনিক গদ্যৰ প্ৰৱৰ্তক আৰু
পাশ্চাত্য ভাৱধাৰাৰ আমদানি
কৰোঁতা বুলি স্বীকৃতি দিছোঁ, তথাপি
আত্মাৰামৰ প্ৰথম বাইবেলৰ অনুবাদত
দুয়োটা বৈশিষ্ট্যৰ উন্মেষ হয় বুলি ক’লে
ভুল নহ’ব। সেই ফালৰ পৰা চালে
আত্মাৰামৰ প্ৰচেষ্টা প্ৰসংশনীয় আৰু
স্মৰণীয়।
১. প্ৰকৃততে এই ঠাইডোখৰ দলগাঁৱৰ বামুণৰ
ভেটিহে, শাকমুঠি নহয়।— সম্পাদক।
কলিয়াবৰ সাহিত্য কাননৰ উদ্যোগত
১৯৯০ চনত আত্মাৰাম শৰ্মা স্মাৰক বক্তৃতা
হিচাপে প্ৰদান কৰা ড. সত্যেন্দ্ৰ নাথ
শৰ্মাৰ ভাষণটি ‘নীলা চৰাই’ত প্ৰকাশ
কৰাৰ অনুমতি দিয়াৰ বাবে কলিয়াবৰ
সাহিত্য কাননলৈ কৃতজ্ঞতা জ্ঞাপন
কৰিছোঁ।—