শ্ৰী শ্ৰী কৃষ্ণায় নমঃ |
কাণখোৱা
শ্ৰী কৃষ্ণায় যাদৱেন্দ্ৰায়
জ্ঞানমুদ্ৰায় যোগিনে |
নাথায় ৰুক্মিণীশায়
নমো বেদান্তবেদিনে ||
ঘোষা
ঘুমটি যায়োৰে , অৰে কানাই ,
হুৰে কাণখোৱা আসে |
সকল শিশুৰ কাণখাই খাই , আসয়
তোমাৰ পাশে ||
পদ
মাৱৰ বচন শুনি পাশ চাপি
হাসিয়া বোলে কানাই |
কেনেকুৱা গোটে কান খাই ফুৰে
চিনোৱা হাৰলি আই ||
তাৰ নাম শুনি ঘুমটি নাসয়
ডৰে কাম্পে মোৰ বুক |
দেখিলে লৱড়ি পলাইবাক পাৰি
সত্বৰে চিনোৱা মোক ||
অনাদি স্বৰূপে জগত স্ৰজিলো
চৰাচৰ ভেদ কৰি |
সমস্তে জগত প্ৰতিপাল কৰি
আত্মাৰূপে আছো ধৰি ||
ব্ৰহ্মা মহেশ্বৰ আদি কৰি যত
সমস্তে মোৰ স্ৰজনা |
মইস নাজানিলো সিটো কাণখোৱা
স্ৰজিলেক কোন জনা ||
বিষ্ণুৰূপে মইজ বৈকুণ্ঠৰ হন্তে
চড়িয়া গৰুড় স্কন্ধে |
সমস্তে জগত বিচাৰি চাহিলো
ফুৰিয়া আতি প্ৰৱন্ধে ||
স্বৰগী নৰকী দুৰ্জ্জন মহন্ত
বিচাৰি ফুৰিলো পাচে |
সিয়োকালে মই লাগ নপাইলোহো
কাণখোৱা কৈত আছে ||
প্ৰথমতে মই অৱতাৰ ভৈলো
দিব্য মত্স্য ৰূপ ধৰি |
চাৰিয়ো বেদক পাতালৰ হন্তে
আনিলো সঙ্গে উদ্ধাৰি ||
পাচে সেহি ঠাই বঢ়াই মত্স্য কায়
যুড়িলো সাগৰ তীৰ |
সিয়ো কালে মই লাগ নপাইলোহো
কাণখোৱা কেন বীৰ ||
কূৰ্ম্মৰূপে মই মন্দৰ ধৰিলো
সাগৰ মথিবে লাগি |
যত জলচৰ খলকি সাগৰ
সমস্তে পলাইল ভাগি ||
কালকূট বিষ উচ্চৈঃশ্ৰৱা হয়
লক্ষ্মীয়ো বজাইল পাচে |
সিয়ো কালে মই লাগ
নাপাইলোহো
কাণখোৱা কৈত আছে ||
বৰাহ স্বৰূপে পৃথিৱী উদ্ধাৰি
আনিলো দন্তৰ আগে |
হিৰণাক্ষ্য নামে বীৰক বধিলো
যুদ্ধ কৰি বড় ৰাগে ||
মোৰ ভয়ে যত অসুৰ পলাইল
কম্পি গৈলা ত্ৰিজগত |
সিয়ো কালে মই লাগ
নাপাইলোহো
কাণখোৱা কেন মত ||
স্ফটিকৰ স্তম্ভে বাজ ভৈলো পুনু
নৰসিংহ ৰূপ ধৰি |
হিৰণ্যকশিপু বীৰক বধিলো
নখ অগ্ৰে হিয়া ছিড়ি ||
জঁটাৰ ছাটত মেঘ উৰুৱাইলো
মেদিনী কম্পাইলো বলে |
সিয়ো কালে মই লাগ
নাপাইলোহো
কাণখোৱা কাক বোলে ||
বামন স্বৰূপে দেৱ কাৰ্য্য সাধি
বলিক ছলিবে গৈলো |
দান লওঁ বুলি তিনি পদ ভূমি
ত্ৰৈলোক্য যুড়িয়া লৈলো ||
উপায় কৰিয়া বলিক ছলিয়া
পঠাইলো পাচে পাতালে |
কাণখোৱা নামে বীৰগোট আছে
নুশুনিলো সিয়ো কালে ||
পৰ্শুৰাম ৰূপে তিনি সাত বাৰ
পৃথিৱী পৰ্যাট্য ফুৰি |
ক্ষত্ৰিয়ক কাটি নিক্ষত্ৰিয় কৈলো
হাতত কুঠাৰ ধৰি ||
ক্ষত্ৰিয়ৰ নাম নথৈলো সংগ্ৰাম
কাটিলো পেটৰ চৱা |
সিয়ো কালে মইচ লাগ
নাপাইলোহো
কাণখোৱা কেনেকুৱা ||
ৰামৰূপে মইন সীতাৰ নিমিত্তে
সাগৰ ভৈলোহো পাৰ |
সবংশে ৰাৱণ ৰাক্ষস বধিলো
খণ্ডিলো ভূমিৰ ভাৰ ||
দেৱাসুৰ নৰ ভালুক বানৰ
সবে আইল মোৰ কাছে |
লংকা নগৰীত কাণে নুশুনিলো
কাণখোৱা কৈত আছে ||
হলীৰাম ৰূপে লাংগল ধৰিলো
সম কৰি খাল বাম |
সমস্তে পৃথিৱী বাই বাটি থৈলো
লৈলো হলধৰ নাম ||
সিয়ো কালে মই লাগ নপাইলোহো
আবে মনে মনে গুণো |
কাণখোৱা নামে বীৰ গোট আছে
আজি তযু মুখে শুনো ||
আসিয়া ইবাৰ কৃষ্ণ অৱতাৰ
হুয়া আছো তযু ঘৰে |
কাণখোৱা নাম শুনি মোৰ গাৱ
থৰথৰি কাম্পে ডৰে ||
ঘুমটিৰ ছলে নিচুকিয়া মইে
চক্ষু মেলি আছো চাই |
কেনেকুৱা গোটে কাণ খাই ফুৰে
চিনায়োক মোক আই ||
কৃষ্ণৰ বচন শুনিয়ো যশোদা
তয় হুয়া ৰহি আছে |
একোৱে উত্তৰ দিবাক নপাৰি
হাসি মাতিলন্ত পাচে ||
মিছা সে বুলিয়া মুখে স্তন দিয়া
কৃষ্ণক সাৱটি ধৰি |
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি
ডাকি বোলা হৰি হৰি ||
ঘোষা
উঠা উঠা হৰি, এ চান্দবয়ন, অ’
হৰি পদ্মনয়ন |
পুহাইল নিশি, মেলা ধেনুগণ ,
উঠা উঠা হৰি এ’
পদ
একদিনা প্ৰতি ভকত -বত্সল
কৃপাময় দেৱ হৰি |
ৰজনী প্ৰভাতে শুতিয়া আছন্ত
মিছা অপমান কৰি ||
সেহি সময়ত গোপ শিশু যত
আসি বোলে যশোদাক |
খেড়ি খেলাইবাক লাগয় সুন্দৰ
সত্বৰে কৃষ্ণক ডাক ||
শুনিয়া তেখনে নন্দৰ ঘৰিণী
কৃষ্ণক ডাকিবে লৈলা |
এত নিদ্ৰা কৰ কিসৰ ভাগৰ
আদিত্য উদয় ভৈলা ||
উঠিয়ো কৃষ্ণাই হাৰলি বোপাই
ৰোষ-তাপ ত্যাজি মনে |
পুহাইল ৰজনী উঠ যদুমণি
বুলি ডাকে শিশুগণে ||
যশোদাৰ বাণী শুনি চক্ৰপাণি
বোলন্ত নামাতা মাৱ |
তোমাৰ আতাই বোপাই বোলন্তে
নুজুৰাই মোৰ গাৱ ||
দিন চাৰি পাঞ্চ নুঠবো নখাইবো
নযাইবো গোৰক্ষ স্থান |
দুৰ্যশ কলঙ্ক দুঃখ সুমৰন্তে
নসহে মোৰ পৰাণ ||
মইহ নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীয় |
তথাপি তোমাক দেখন্তে ডৰত
উৰি যায় মোৰ জীৱ ||
যত খাও দাওঁ তভো শুখাই যাওঁ
নাহি মোৰ উদগ তি |
হাত মুষ্টি যেন কঙ্কাল খানি যে
বান্ধত ছিণ্ডিল আতি ||
নিজৰূপে মই অনন্ত ব্ৰহ্মাণ্ড
স্ৰজি আছোঁ লীলা কৰি |
সমস্তে জগত প্ৰতিপাল কৰি
আত্মাৰূপে আছোঁ ধৰি ||
ব্ৰহ্মা আদি কৰি যত চৰাচৰ
মোকে সেৱা কৰি যাই |
তোৰ ঘৰে আসি গৰু চাৰি ফুৰো
কৰকৰা ভাত খাই ||
নাৰায়ণ ৰূপে অনন্ত শয্যাত
জলত কৰি শয়ন |
নাভি পদ্ম হন্তে ব্ৰহ্মা ওপজাইলো
স্ৰজিলো তিনি ভুৱন ||
বেদক পঢ়াইলো তত্ত্ব জ্ঞান কৈলো
অজ্ঞান কৰিলো দূৰ |
তোহোৰ ঘৰত যতেক ঐশ্বৰ্য্য
সবে ভৈল মষিমুৰ ||
হংস ৰূপে মই স্বৰ্গক কম্পাইলো
ব্ৰহ্মাৰ সভাত ৰৈলো |
মুনি সমস্তৰ সংশয় ছেদিলো
আত্ম তত্ত্ব জ্ঞান কৈলো ||
মুনি সিদ্ধসবে সাদৰিলে মোক
প্ৰণামিলা সৃষ্টি কৰে |
আবে আসি মই কৰাতৰ কাজী
নভৈলো তোহোৰ ঘৰে ||
ব্যাস ৰূপে মই চাৰিয়ো বেদৰ
কৰিলোহো শাখা-ভেদ |
জ্ঞান কৰ্ম্ম ভক্তি প্ৰবৃত্তি নিবৃত্তি
দিলো সবে পৰিচ্ছেদ ||
বেদৰ ৰহস্য ভাগৱত ধৰ্ম্ম
নিবন্ধিয়া থৈলো পুনু |
মূৰ্খতো অধিক কৰি আবে তুমি
মোক বোলা জড় কানু ||
অসুৰৰ ভয়ে পূৰ্ব্বে দেৱগণে
চিন্তিলে গৈয়া আমাক |
চতুৰ্ভূজ ৰূপে আসি তাৱক্ষণে
দেখা দিলো তাসম্বাক ||
মোৰ ৰূপ দেখি চমক লাগিল
ত্ৰিদশে পৰিল ঢলি |
আবে তুমি মোক বিগুটিয়া মাতা
কলিয়া কলিয়া বুলি ||
মোহিনী স্বৰূপে সাগৰ মথিলো
আসিল লক্ষ্মী বজাই |
ব্ৰহ্মাদিক ত্যাজি মোক ভজিলেক
হৃদয়ত দিলো ঠাই ||
হেন লক্ষ্মীপতি আসি তোৰঘৰে
কাল গুণি আছো ৰই |
ধান্য মুঠি দিয়া ফল কিনি খাওঁ
তাহাত মৰিলি ডেই ||
তাত অনন্তৰে ধন্বন্তৰী ৰূপে
অমৃতৰ ঘঁট ধৰি |
সাগৰৰ হন্তে বাজ ভৈলো মইড
জগত প্ৰখ্যাত কৰি ||
মোহিনী স্বৰূপে অমৃত পিয়াইলো
সাধিলো দেৱৰ কাম |
তোৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধি চোৰ নাম ||
কপিল স্বৰূপে কৰ্দ্দমৰ ঘৰে
হুয়া মইব অৱতাৰ |
দেৱহুতি নামে মাতৃক তাৰিলো
কহিয়া তত্ত্ব বিচাৰ ||
আবে আসে মই্ তযু ঘৰে আছোঁ
দেহাক কৰি স্বচ্ছন্দ |
আছোক আমাত জ্ঞান সুৰি লৈবা
দিনে ৰাতি কৰা দ্বন্দ্ব ||
বামন স্বৰূপে বলিক ছলিলো
বিশ্বৰূপ দৰশাইলো |
চৰণৰ নখে কটাহ ফুটাইলো
গঙ্গাক আনি নমাইলো ||
সেহি পদ জল শিৰত ধৰিল
মহেশে বাটত পাই |
আবে তুমি মোক বিগুটিয়া মাতা
দিয়া মাটি খোৱা দায় ||
হৰি অৱতাৰে গজেন্দ্ৰক মই
মুকুতি পদক দিলো |
যজ্ঞ ৰূপে মইি স্বৰ্গক চলিয়া
আপুনি উপেন্দ্ৰ ভৈলো ||
পৃথু অৱতাৰে সাত পৃথিৱীৰ
ভৈলোহো এক নৃপতি |
বাপেৰ কালৰ পুত্ৰ পাইলি মোক
মাতস তইি বিগুটি ||
দুষ্কৰ তপক আচৰিলো মইো
ঋষভ স্বৰূপ হুই |
দত্তাত্ৰেয় নামে যদু নৃপতিক
নিস্তাৰিলো জ্ঞান কই ||
জীৱন্তে ধ্ৰুবক থাপিলো স্বৰ্গত
এক দিৱ্য ৰূপ ধৰি |
গোৱালৰ জীয় হুয়া তুমি মোক
কৰাহা এত চাতুৰী ||
নাৰায়ণ ৰূপে ভাগৱত ধৰ্ম
কৰিলো মইূ বিদিত |
নৰ নাৰায়ণ ৰূপে তপ কৰি
জগতৰে চিন্তো হিত ||
আনো যত মোৰ মহিমা আছয়
কহিবাক লাগে কিক |
মইি হেন পুত্ৰৰ মাৱ বোলাইবাক
তোমাৰ আছোক ধিক ||
কিছু কিছু কৰি দেখিয়া আছাহা
তথাপি কৰা আক্ৰোশ |
এক ক্ষণিতেকে সুৰুতি উৰাইবো
নথাকোক মোৰ দোষ ||
কাঠ বাঁজী বুলি জগতে হাসয়
দেখিয়ো সুঁমৰে হৰি |
মইখ আসি তোৰ ঘৰে পুত্ৰ ভৈলো,
সিটো দুঃখ দূৰ কৰি ||
তথাপি আমাৰ স্নেহ নজানস
নকৰ মোত বিশ্বাস |
আগে যে আছিলি তেনয় কৰিবো
দিন চাৰি বাট চাস ||
মোহোৰ মুখত লাজ লাগে বড়
তোমাৰ গুণ কহন্তে |
দুই ওষ্ঠ ফাটি তেজ বৈ যায়
বাঁশৰ বাংশী বজান্তে ||
ছৰতি সোণাৰে বাংশী গঢ়াই
নেদা
ৰাজ পটেশ্বৰী হুই |
গাঁতত পোটন্তে পেটাৰি বান্ধন্তে
ধনত লাগিবে জুই ||
গৰু ঝাকক লাগি অন্ন দি পঠাস
সিয়ো হোৱে এক মুণ্ঠি |
এক গ্ৰাস খাইলে আউৰ গ্ৰাস নাটে
যাওঁ আধা পেটী উঠি ||
গৰু আগুৰন্তে ধাতু যায় মোৰ
কণ্টক বনৰ সান্ধি |
চৌপৰ দিনটো লৱড়িয়া ফুৰো
নটুৱা-টনাক পিন্ধি ||
কুটকুৰা চুলি পৰে গৰু ধূলি
কুকুহা পড়িয়া যাই |
গোটা গুটি কৰি জণ্টা বান্ধিলেক
তৈলে মাথা দেখা নাই ||
কথাক কহন্তে ক্ৰন্দন আসয়
যত অপমান পাওঁ |
যেবে হওঁ মই সি বাপৰ পুত্ৰ
তোক তেৱে কন্দুৱাওঁ ||
কংস মামা মোৰ সাৰথি আছয়
আমাক নিব মতাই |
ইটো অপমান সকলে শুজিবো
মথুৰা পুৰীক যাই ||
দৈৱকী আইত মোৰ বৰ বুলি
থাকিবো তাহান পাশ |
আমাক দেখিবে লাগিয়া তোমাৰ
হৈবে বৰ হাবিয়াস ||
কৃষ্ণৰ বচন শুনিয়ো যশোদা
পুনু মাতে পাশ চাপি |
এত হাবিয়াস মোৰ মাথা খাস
নাকান্দিবা মোৰ বাপী ||
মইক অভাগীৰ ইবাৰ দোষক
মৰশিয়ো বনমালী |
আন কাল যদি দোষ দেখা মোৰ
পাৰিবাহা মোক গালি ||
মাৱৰ কাৰুণ্য বচন শুনিয়া
সন্তোষিত ভৈল মন |
এক ডেৱে গৈয়া কোলাত চড়িয়া
পিবাক লাগিয়া স্তন ||
পৰম আনন্দে থাকিলন্ত কৃষ্ণ
চাৰু দন্ত দৰশাই |
ব্ৰহ্মাণ্ডৰ সুখে থাকিল যশোদা
কৃষ্ণৰ বন্দন চাই ||
শুনা সভাসদ হুয়া নিশৱদ
শিশু গোবিন্দৰ কেলি |
কৃষ্ণৰ অৰুণ চৰণ পঙ্কজ
কৰিবা মনে সেৱলি ||
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি
কৃষ্ণৰ ভকতি কাম |
গুচোক দুৰ্গতি মিলোক মুকুতি
পূৰ্ণ হৌক মনস্কাম ||
কৃষ্ণৰ চৰিত্ৰ সাক্ষাতে অমৃত
পিয়ো আক কৰ্ণ ভৰি |
খণ্ডিবে আপদ মিলিবে সম্পদ
ডাকি বোলা হৰি হৰি ||
|| সমাপ্ত ||
-------------------------------
কাণখোৱা
(ড০ বাণীকান্ত কাকতি)
কাণখোৱা পুথি সকলোৰে মাজত
জনাজাত। ওপৰে ওপৰে চালে ইয়াক
সাধাৰণ ল'ৰা নিচুকোৱা গীত যেন
লাগে আৰু বাস্তৱিকতে ইয়াক
নিচুকনি গীতৰ ঠাচত লিখা হৈছে।
কিন্তু ই বৈষ্ণৱ কবিৰ অন্তৰ্মুখী কল্পনাৰ
মনোৰম ৰচনা। ই অতিশয় মনমোহা, সৰল
অথচ নিৰুপম কৌশলপূৰ্ণ। এপিনে ইয়াত
শিশু-জীৱনৰ নিকপটীয়া প্ৰাণৰ
প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত
ভক্তি-ভাৱ পূৰ্ণচন্দ্ৰৰ
নিচিনাকৈ বিৰাজ কৰিছে।
কাণখোৱা কবিতা হৈছে বৈষ্ণৱ
কবি শ্ৰীধৰ কন্দলি বিৰচিত। এওঁ
শংকৰদেৱৰ সমসাময়িক আৰু তেওঁৰ
প্ৰিয়পাত্ৰ আছিল। 'ঘুনুচা-যাত্ৰা'
শ্ৰীধৰ কন্দলিৰ ৰচিত। শংকৰদেৱৰ
প্ৰিয়জনৰ ৰচনা বুলি 'ঘুনুচা-যাত্ৰা'ক
কীৰ্তনৰ অন্তৰ্গত কৰি লোৱা হৈছে।
তাত বাজেও মহাভাৰতৰ অশ্বমেধ-পৰ্ব
এওঁৰেই ভাঙনি।
কাণখোৱা কবিতাটো শিশু-জীৱনৰ
মনোৰম ঘটনা এটি লৈ লিখা।
সকলো দেশতে সকলো সময়তে ল'ৰাক
শুৱাবলৈ নিচুকনি গীত গোৱাৰ
ৰীতি আছে। কান্দুৰা ল'ৰাক ভয়
খুৱাবলৈ ঠাই আৰু সময়-বিশেষে বাস্তৱ
বা কাল্পনিক ভয়াবহ জীৱ-জন্তুৰ নাম
লোৱা হয়। সেই অনুসাৰে যশোদা-
দেৱীয়ে এদিনাখন শিশু কৃষ্ণক
টোপনি যোৱাবলৈ কাণ-খোৱা
আহিব
লাগিছে বুলি গীত জুৰিলে,
ঘুমতি যায়োৰে অৰে কানাই
হুৰে কাণ-খোৱা আসে।
সকল শিশুৰে কাণ খাই খাই
আসয় তোমাৰ পাশে।।
বিষয়বস্তু এইখিনিয়েই। ভাগৱত,
হৰিবংশ
আদি মূল গ্ৰন্থত অনুৰূপ কোনো ঘটনাৰ
উল্লেখ নাই। সেই
হিচাপে কবিতাটো নিতান্তই
মৌলিক। কিন্তু বৈষ্ণৱ
কবিয়ে যি নিপুণতাৰে সাধাৰণ
ঘটনাত অসাধাৰণ ভাবৰ
ব্যঞ্জনা কৰিছে, সি অতি বিস্ময়কৰ।
কাণ-খোৱা নাম শুনি কৃষ্ণই ভয়
খালে কিন্তু মাক ওচৰত
আছে বুলি কৌতুকপূৰ্ণ
হাঁহি এটি মাৰি মাকৰ ওচৰ
চাপি আহি ভীতি-বিহ্বল-
ভাৱে সুধিলে,
মাৱৰ বচন শুনি পাশ চাপি
হাসিয়া বোলে কানাই।
কেনেকুৱা গোটে কাণ খাই ফুৰে
চিনোৱা হাৰলী আই।।
তাৰ নাম শুনি ঘুমটি নাসয়
ডৰে কাম্পে মোৰ বুক
দেখিলে লৱৰি পলাইবাক পাৰি
সত্তৰে চিনোৱা মোক।।
ইয়াৰ পিছতেই ভক্ত কবিৰ সমস্যা বৰ
জটিল হৈ পৰিল। এপিনে শ্ৰীকৃষ্ণ
অখণ্ড-
জ্ঞান-স্বৰূপ পূৰ্ণব্ৰহ্ম,
আনপিনে অন্ততঃ লৌকিক দৃষ্টিত
একান্ত মায়াবদ্ধ মানৱ-শিশু। বাল্য-
জীৱনৰ ভয়, কাৰুণ্য, কৌতুহল সকলো তেওঁৰ
প্ৰাণত বৰ্তমান। কৃষ্ণক
সৰ্বতোভাৱে জ্ঞানৰ স্বৰূপ ঈশ্বৰ
বুলি ধৰি ল'লে কাণ-খোৱাৰ কল্পনাত
কোনো অৰ্থই নাথাকে, অথচ নিতান্ত
শিশু বুলি ধৰি ল'লেও, ল'ৰাই ভয়
পালতেই কবিতাৰ উদ্দেশ্য শেষ
হোৱা যেন হয়।
এই দুয়োটা ফালৰ সামঞ্জস্য
কবিয়ে যি অতুলনীয়
কৌশলেৰে কৰিছে, সি অতি নিৰুপম।
পৰমাৰ্থ-হিচাপে বিচাৰ
কৰি চালে শ্ৰীকৃষ্ণ পূৰ্ণব্ৰহ্ম, অথচ
মায়াত
অৱৰ্তীৰ্ণ। সেই দেখি পূৰ্ণজ্ঞান
থাকিলেও মায়াত অৱৰুদ্ধ বুলি তেওঁৰ
মনুষ্য-সুলভ ভয় আছে। নিৰ্মুক্ত পূৰ্ণব্ৰহ্ম
বুলি জ্ঞানৰ বিচাৰ আছে, কিন্তু
মায়াৰ গুণৰ ভয়ত সুৰ বিকম্পিত হৈ উঠে।
অনাদি-স্বৰূপে জগত স্ৰজিলো
চৰাচৰ ভেদ কৰি।
সমস্ত জগত প্ৰতিপাল কৰি
আত্মা ৰূপে আছো ধৰি।।
ব্ৰহ্মা মহেশ্বৰ আদি কৰি যত
সমস্তে মোৰ স্ৰজনা।
মই নজানিলো সিটো কাণখোৱা
স্ৰজিলেক কোনজনা।।
এইদৰে বিষ্ণুৰূপী নিজৰ যিমান অৱতাৰ
হৈছিল, শিশু-কৃষ্ণই সকলোবোৰকেই মনত
সুঁৱৰিব ধৰিলে। তেওঁৰ নানান অৱতাৰত
নানান দৈত্য-দানৱ আদিৰ লগত সংঘৰ্ষ
হৈছে, কিন্তু কাণ-খোৱা বীৰৰ
কথা কেতিয়াও শুনা নাই।
সকলো অৱতাৰৰ বৃ্ত্তান্তবোৰ
এটি এটিকৈ আহি স্মৃতিৰ কৰুণ পটত
পৰিল, কিন্তু কাণ-খোৱা বীৰৰ
কথাতো মনত নপৰে ! মায়া-
দেৱীয়ে আকৌ আশংকা উদগাই
দিলে,
হলিৰাম-ৰূপে লাঙ্গল ধৰিলো
সম কৰি খাল বাম।
সমস্তে পৃথিৱী বাই-বটি থৈলো
লৈলো হলধৰ নাম।।
সিওকালে মই লাগ নাপাইলোহো
আৱে মনে মণে গুণো।
কাণ-খোৱা নামে বীৰগোট আছে
আজি তযু মুখে শুনো।।
ভাবি-চিন্তি শিশু-কৃষ্ণই একো থিৰ
কৰিব নোৱাৰিলে। জানোচা কাণ-
খোৱা ভুলে-চুকে ক'ৰবাত ৰৈ গ'ল।
শিশুৰ
মনত নৈৰাশ্য আহি দেখা দিলে।
মায়া-দেৱীৰেই খন্তেক ভয় হ'ল।
অতি কৰুণ সুৰে কৃষ্ণই মাকক সুধিব ধৰিলে,
আসিয়া ইবাৰ কৃষ্ণ অবতাৰ
হুয়া আছো তযু ঘৰে।
কাণ-খোৱা নাম শুনি মোৰ গাৱ
তৰতৰি কাম্পে ডৰে।।
ঘুমতিৰ ছলে নিচুকিয়া মই
চকু মেলি থাকোঁ চাই।
কেনেকুৱা গোটে কাণ খাই ফুৰে
চিনায়োক মোক আই।।
যশোদা দেৱীয়ে কৃষ্ণৰ মনত সন্দেহ,
বিষাদ,
আশংকা দেখি তধা লাগি চাই
আছে।
শেহত সন্তান-প্ৰেমত বিকল
হৈ 'মিছাসে বুলিয়া মুখে স্তন
দিয়া কৃষ্ণক সাবটি ধৰে।'
কবিতা হিচাপে আগৰ অৱতাৰবোৰৰ
সোঁৱৰণি অতুলনীয়-সৌন্দৰ্য-প্ৰকাশক।
বেলেগ বেলেগ যুগত বিষ্ণুৰ বেলেগ
বেলেগ অৱতাৰবোৰৰ মাজত শিশু-কৃষ্ণৰ
জীৱনৰ এক মুহূৰ্তৰ ভিতৰেদি সামঞ্জস্য
স্থাপন কৰি লোৱা হৈছে। গোটেই
কবিতাটোৰ ভাৱৰ ঐক্য-সূত্ৰ হৈছে এই
পদফাকি-
সিওকালে মই লাগ নাপাইলোহো
কাণখোৱা কেনেকুৱা।
সকলো অৱতাৰৰেই ক্ষুদ্ৰাতিক্ষুদ্ৰ
সকলোবোৰ ঘটনা মনত পৰে, কিন্তু
কাণ-খোৱা নামে বীৰগোট আছে
নুশুনিলো সিওকালে।
বৈষ্ণৱ কবিৰ ৰচনাকৌশল কেনে চমক
লগোৱা। ভক্ত কবিয়ে বিষ্ণুৰ নানান
অৱতাৰৰ গুণ-গৰিমাত ভক্তিত আপ্লুত
হৈ সেইবোৰৰ ধ্যান কৰিবৰ
ছলেৰে কবিতাটো লিখিছে। কিন্তু
মানৱ-হিয়াৰ স্বাভাৱিক
স্নেহেৰে উপলব্ধি কৰিব
পৰা নিঃসহায় বাল্য-ভাৱ উপাস্য
দেৱতাত আৰোপ কৰি বাৎসল্যৰসৰ
ভিতৰেদি প্ৰাণৰ একান্তিকা গভীৰ
ভক্তি সেই আটাইবোৰলৈ নিৱেদন
কৰিছে।
No comments:
Post a Comment