দেশজুৰি পালন হ’ল দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯সংখ্যক জন্মদিন। দেশৰ প্রধান মন্ত্ৰীগৰাকীৰ জন্মদিন আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বনিন্দ সোণোৱালে ১৫ হাজাৰ লোকৰ উপস্থিতিত
ডিমৌত ৰাজহুৱাভাৱে পালন কৰে। যোৰহাট সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা,থাওৰাৰ বিধায়ক কুশল দুৱৰী, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে কেইবাশ ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ অধ্যক্ষ,দলীয় কৰ্মীৰ উপস্থিতিত আজি মুখ্য মন্ত্ৰীয়ে ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত ২০ কেজি ওজনৰ কে’ক কাটি ২০ কেজি ওজনৰ কে’ক কাটি প্রধান মন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কে'ক কটাৰ লগে লগে দুই সাংসদ আৰু বিধায়কে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কে'ক বিতৰণ কৰে। আজি মুখ্য মন্ত্ৰীগৰাকীয়ে ভালেকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জন্মদিনৰ শুভেচ্ছা
জ্ঞাপন কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বমেতা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া ভাৰত ৰাষ্টই বিশ্বৰ অন্যতম শক্তিশালী দেশ হ’বলৈ আগবাঢ়িছে। মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া মোদীৰ সুচিন্তা আৰু
বলিষ্ঠ নেতৃত্বত দেশৰ উন্নয়নৰ ধাৰাই গতি লাভ কৰিছে। তেওঁ প্ৰধান মন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আজি মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি ডিমৌ মহাবিদ্যালয়, পাটসীকৌো, নিতাইপুখুৰী, ডিমৌ কনিষ্ঠ, পানীদিহিং, ৰজাবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ গ্ৰন্থৰ টোপোলা প্রদান কৰে।
মহাবিদ্যালয়কেইখনৰ অধ্যক্ষসকলৰ হাতত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰন্থৰ টোপোলাসমূহ তুলি দিয়ে। থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ পৃষ্ঠপোষকতাত আয়োজিত তৃতীয় বাৰ্ষিক আন্তঃগা|ও পঞ্চায়ত প্রাইজমানী ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেল উপভোগ কৰিবলৈ আহি মুখ্য মন্ত্ৰীগৰাকীয়ে দৰ্শকক উদ্দেশ্যি কয় যে শেহতীয়াকৈ ৰাজ্যত এক সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ গঢ়ি উঠিছে আৰু
হৰ, বাগিচা আৰু গ্ৰামাঞ্চলত ক্রীড়া প্ৰতিভা বিকাশৰ উদ্দেশ্যে পাঁচশখন খেলপথাৰ পুনৰ্নিৰ্মাণ আৰু মেৰামতি কৰা বুলি কয়। তেওঁ লগতে কয় যে প্রতিযোগিতাত তিষ্ঠি থাকিবলৈ সুস্বাস্থ্যৰ অধিকাৰী হ’ব
লাগিব আৰু যি জিকিব তেৱেঁই পৰম আনন্দৰ সৌভাগ্য লাভ কৰিব। মুখ্য মন্ত্ৰীগৰাকীয়ে আজি চূড়ান্ত খেলত অংশগ্ৰহণ কৰা গোহাঁইপুখুৰী আৰু চ’ৰগুৱা গাও পঞ্চায়ত ফুটবল দলৰ খেলুৱৈসকলৰ সৈতে
পৰিচয় হয়। আন্তঃগগীও পঞ্চায়ত ফুটবল পৰিচালনা সমিতিৰ সভাপতি
নবৱঞ্জন মহনে আঁত ধৰা অনুষ্ঠানত ডিমৌ সংগীত কলা কেন্দ্ৰৰ শিল্পীসকলে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ‘এই পৃথিৱী এক ক্ৰীড়াংগন, ক্রীড়া হ’ল শান্তিৰ প্ৰাংগন’ শীৰ্ষক গীত গাই খেলৰ শুভাৰম্ভ কৰে। আজি চূড়ান্ত খেল উপভোগ কৰিবলৈ ৰাইচাইত উপস্থিত হয়
শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ লক্ষ্মণি এছ, আৰক্ষী অধীক্ষক অমিতাভ সিন্হা, জিলা বন বিষয়া জয়ত্ৰী নাইদিং, বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ কোষাধ্যক্ষ দীপিকা কাকতি দুৱৰী, ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা নৱনীতা সন্দিকৈ, সাংগঠনিক সম্পাদক সিদ্ধাৰ্থ গোস্বামী, কাৰ্যনিবাহক ভৱেন্দ্ৰ মহন,শিৱসাগৰ জিলাৰ বিজেপি সভানেত্ৰী সুৰভি ৰাজকুমাৰী, শিৱসাগৰ জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, ডিমৌ ক্ৰীড়া সন্থাৰ সভাপতি অৰূপ কুমাৰ দত্তৰ লগতে
ভালেকেইগৰাকী ক্ৰীড়া সংগঠক।
চৰ'গুৱাৰ খিতাপ দখল ঃ আজি অনুষ্ঠিত তীব্ৰ প্রত্দ্বন্দ্বিতমূলক চূড়ান্ত খেলখনত চ’ৰগুৱা গাঁও পঞ্চায়ত দলে গোহীইপুখুৰী গাঁও পঞ্চায়ত ফুটবল দলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ ৭খল কৰে। প্রথমাৰ্ধত গোহীইপুখুৰী দলে এক গ’লত আগবাঢ়ি আছিল যদিও দ্বিতীয়াৰ্ধত চৰ'গুৱা দলে দুই গ’ল স্ক'ৰ কৰি নিজৰ বিজয়
নিশ্চিত কৰে। বিজয়ী দলক থাওৰাৰ বিধায়ক কুশল দুৱৰীয়ে নগদ ৩০ হাজাৰ টকা, ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰে। ইফালে ৰানাৰ্ছ আপ ৭লটোক ২০ হাজাৰ টকা, ট্ৰফী আৰু মানপত্ৰ প্রদান কৰে শিৱসাগৰ উপ-আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্রল্লজ্যোতি মাউতে ৷ এইবাৰৰ প্রতিযোগিতাত চৰ'গুৱা গাঁও পঞ্চায়ত দলৰ ৰাজেশ টায়ে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চৰ'গুৱা দলৰ আদিত্য
নাওহলীয়াই, শ্ৰেষ্ঠ গ’'লকীপাৰ পুৰস্কাৰ লাভ কৰে গোহাঁইপুখুৰী গীও পঞ্চায়তৰ অমৃত জালানে। আজিৰ খেলখন পৰিচালনা কৰে ৰেফাৰী ৰিপুনাথ গগৈয়ে । তেওঁক সহায় কৰে লাকীৰঞ্জন বৰুৱা, ৰাজু গগৈ আৰু শান্তনু গগৈ আৰু দীপক চুতীয়াই।