১০ নৱেম্বৰলৈ পিচুৱালে দিব্যাংগৰ বাবে ২৭ ছেপ্টেম্বৰলৈ অনলাইন আবেদনৰ সময় বৃদ্ধি

১০ নৱেম্বৰলৈ
পিচুৱালে
দিব্যাংগৰ বাবে ২৭
ছেপ্টেম্বৰলৈ অনলাইন
আবেদনৰ সময় বৃদ্ধি



 শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষা চমুকৈ টেটৰ দিন সলনি কৰিছে শিক্ষা বিভাগে। অসম চৰকাৰৰ প্রাথমিক  টেট এমপাৱাৰ সমিতিয়ে এক জাননীযোগে পূৰ্বৰ ২০ অক্টোবৰৰ পৰিবৰ্তে অহা
১০ নৱেম্বৰত টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে | তদুপৰি টেটত
অৱতীৰ্ণ হ’ব খোজা প্ৰাৰ্থীসকলৰ বাবে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি
কৰিছে এমপাৱাৰ সমিতিয়ে ৷ এনে নতুন নিৰ্দেশনা অনুসৰি দিব্যাংগ প্ৰাৰ্থীসকলৰ
বাবে অনলাইন আবেদনৰ সময়সীমা আজিৰে পৰা ২৭ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা
হৈছে। তদুপৰি ইতিমধ্যে যিসকল দিব্যাংগ প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিছে
তেওঁলোকে প্রয়োজনবশতঃ তেওঁলোকৰ আবেদন নতুনকৈ সম্পাদিত (এডিট)
কৰাৰো সুবিধা দিয়া হৈছে। উল্লেখ্য যে বি এড আৰু ডি এল এড পাঠ্যক্ৰমত
অধ্যয়ন কৰি থকা প্ৰার্থীসকলকো টেটত অৱতীৰ্ণ হোৱাৰ সুযোগ দিছিল
চৰকাৰে। এইক্ষেত্ৰতো টেট এমপাৱাৰ সমিতিয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি
বি এড, ডি এল এড পাঠ্যক্ৰমত নামভৰ্তি কৰি অধ্যয়ন কৰি থকা প্রাৰ্থীসকলে
আজিৰে পৰা ২৭ ছেপ্টেম্বৰৰলৈ অনলাইন আবেদনৰ সৈতে বি এড, ডি এল
 
এডত নামভৰ্তি কৰা ৰচিদ আপলোড কৰিব লাগিব। নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে বি এড, ডি এল এড পাঠ্যক্ৰমত (বৃত্তিমুখী) নামভৰ্তি কৰাৰ
তাৰিখ, অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠানখনৰ নাম, নিয়মীয়া পাঠ্যক্ৰম নে
দূৰশিক্ষা ব্যৱস্থাত অধ্যয়ন কৰি আছে, সেই তথ্যৰ লগতে বি এড, ডি এল
এডৰ নামভৰ্তিৰ স্ব-প্রত্যায়িত ৰচিদ আপলোড কৰিব লাগিব। যিসকল প্ৰাৰ্থীয়ে
টেটৰ অনলাইন আবেদনত বৃত্তিমুখী পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা বুলি
উল্লেখ কৰিছে তেওঁলোকে উপৰোক্ত নথি আপলোড কৰিব লাগিব। যিসকল
প্ৰাৰ্থীয়ে ওপৰোক্ত তথ্য আৰু নথি আপলোড কৰাত ব্যৰ্থ হয় তেওঁলোকৰ
আবেদন নাকচ হ’ব যদিও নিৰ্ধাৰিত সময়ত ঘূৰাই দিয়া হ’ব বুলি
নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। জানিব পৰামতে বি এড, ডি এল এড নথকা
বা অধ্যয়ন কৰি নথকা বহুসংখ্যক স্নাতক উত্তীৰ্ণ প্রাৰ্থীয়েও টেটৰ বাবে
অনলাইন আবেদন কৰে। শেহতীয়াভাৱে শিক্ষা বিভাগৰ এই বিষয়টো দৃষ্টিগোচৰ
হোৱাত লগে লগে নথি, তথ্য-পাতি আপলোড কৰাৰ নিৰ্দেশনা জাৰি কৰে টেট এমপাৱাৰ সমিতিয়ে।

১২ ঘণ্টিয়া অসম বন্ধ

১২ ঘণ্টিয়া অসম বন্ধ




NRC বিৰুদ্ধে AKRSUৰ ১২ ঘণ্টিয়া অসম বন্ধ । NRCত বাদ পৰা কোচ ৰাজবংশী সকলৰ নাম বিনাচৰ্তে অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ অসম বন্ধৰ আহ্বান । টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধ সমৰ্থকসকলে ।

 

২০ কেজি ওজনৰ কে’ক কাটি মুখ্য মন্তীয়ে পালন কৰিলে মোদীৰ জন্মদিন



দেশজুৰি পালন হ’ল দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯সংখ্যক জন্মদিন। দেশৰ প্রধান মন্ত্ৰীগৰাকীৰ জন্মদিন আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বনিন্দ সোণোৱালে ১৫ হাজাৰ লোকৰ উপস্থিতিত
ডিমৌত ৰাজহুৱাভাৱে পালন কৰে। যোৰহাট সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা,থাওৰাৰ বিধায়ক কুশল দুৱৰী, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে কেইবাশ ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ অধ্যক্ষ,দলীয় কৰ্মীৰ উপস্থিতিত আজি মুখ্য মন্ত্ৰীয়ে ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত  ২০ কেজি ওজনৰ কে’ক কাটি ২০ কেজি ওজনৰ কে’ক কাটি প্রধান মন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কে'ক কটাৰ লগে লগে দুই সাংসদ আৰু বিধায়কে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কে'ক বিতৰণ কৰে। আজি মুখ্য মন্ত্ৰীগৰাকীয়ে ভালেকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জন্মদিনৰ শুভেচ্ছা
জ্ঞাপন কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বমেতা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া ভাৰত ৰাষ্টই বিশ্বৰ অন্যতম শক্তিশালী দেশ হ’বলৈ আগবাঢ়িছে। মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া মোদীৰ সুচিন্তা আৰু
বলিষ্ঠ নেতৃত্বত দেশৰ উন্নয়নৰ ধাৰাই গতি লাভ কৰিছে। তেওঁ প্ৰধান মন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আজি মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি ডিমৌ মহাবিদ্যালয়, পাটসীকৌো, নিতাইপুখুৰী, ডিমৌ কনিষ্ঠ, পানীদিহিং, ৰজাবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ গ্ৰন্থৰ টোপোলা প্রদান কৰে।

মহাবিদ্যালয়কেইখনৰ অধ্যক্ষসকলৰ হাতত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰন্থৰ টোপোলাসমূহ তুলি দিয়ে। থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ পৃষ্ঠপোষকতাত আয়োজিত তৃতীয় বাৰ্ষিক আন্তঃগা|ও পঞ্চায়ত প্রাইজমানী ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেল উপভোগ কৰিবলৈ আহি মুখ্য মন্ত্ৰীগৰাকীয়ে দৰ্শকক উদ্দেশ্যি কয় যে শেহতীয়াকৈ ৰাজ্যত এক সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ গঢ়ি উঠিছে আৰু
হৰ, বাগিচা আৰু গ্ৰামাঞ্চলত ক্রীড়া প্ৰতিভা বিকাশৰ উদ্দেশ্যে পাঁচশখন খেলপথাৰ পুনৰ্নিৰ্মাণ আৰু মেৰামতি কৰা বুলি কয়। তেওঁ লগতে কয় যে প্রতিযোগিতাত তিষ্ঠি থাকিবলৈ সুস্বাস্থ্যৰ অধিকাৰী হ’ব
লাগিব আৰু যি জিকিব তেৱেঁই পৰম আনন্দৰ সৌভাগ্য লাভ কৰিব। মুখ্য মন্ত্ৰীগৰাকীয়ে আজি চূড়ান্ত খেলত অংশগ্ৰহণ কৰা গোহাঁইপুখুৰী আৰু চ’ৰগুৱা গাও পঞ্চায়ত ফুটবল দলৰ খেলুৱৈসকলৰ সৈতে
পৰিচয় হয়। আন্তঃগগীও পঞ্চায়ত ফুটবল পৰিচালনা সমিতিৰ সভাপতি
নবৱঞ্জন মহনে আঁত ধৰা অনুষ্ঠানত ডিমৌ সংগীত কলা কেন্দ্ৰৰ শিল্পীসকলে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ‘এই পৃথিৱী এক ক্ৰীড়াংগন, ক্রীড়া হ’ল শান্তিৰ প্ৰাংগন’ শীৰ্ষক গীত গাই খেলৰ শুভাৰম্ভ কৰে। আজি চূড়ান্ত খেল উপভোগ কৰিবলৈ ৰাইচাইত উপস্থিত হয়
শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ লক্ষ্মণি এছ, আৰক্ষী অধীক্ষক অমিতাভ সিন্হা, জিলা বন বিষয়া জয়ত্ৰী নাইদিং, বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ কোষাধ্যক্ষ দীপিকা কাকতি দুৱৰী, ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা নৱনীতা সন্দিকৈ, সাংগঠনিক সম্পাদক সিদ্ধাৰ্থ গোস্বামী, কাৰ্যনিবাহক ভৱেন্দ্ৰ মহন,শিৱসাগৰ জিলাৰ বিজেপি সভানেত্ৰী সুৰভি ৰাজকুমাৰী, শিৱসাগৰ জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, ডিমৌ ক্ৰীড়া সন্থাৰ সভাপতি অৰূপ কুমাৰ দত্তৰ লগতে
ভালেকেইগৰাকী ক্ৰীড়া সংগঠক।

চৰ'গুৱাৰ খিতাপ দখল ঃ আজি অনুষ্ঠিত তীব্ৰ প্রত্দ্বন্দ্বিতমূলক চূড়ান্ত খেলখনত চ’ৰগুৱা গাঁও পঞ্চায়ত দলে গোহীইপুখুৰী গাঁও পঞ্চায়ত ফুটবল দলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ ৭খল কৰে। প্রথমাৰ্ধত গোহীইপুখুৰী দলে এক গ’লত আগবাঢ়ি আছিল যদিও দ্বিতীয়াৰ্ধত চৰ'গুৱা দলে দুই গ’ল স্ক'ৰ কৰি নিজৰ বিজয়
নিশ্চিত কৰে। বিজয়ী দলক থাওৰাৰ বিধায়ক কুশল দুৱৰীয়ে নগদ ৩০ হাজাৰ টকা, ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰে। ইফালে ৰানাৰ্ছ আপ ৭লটোক ২০ হাজাৰ টকা, ট্ৰফী আৰু মানপত্ৰ প্রদান কৰে শিৱসাগৰ উপ-আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্রল্লজ্যোতি মাউতে ৷ এইবাৰৰ প্রতিযোগিতাত চৰ'গুৱা গাঁও পঞ্চায়ত দলৰ ৰাজেশ টায়ে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চৰ'গুৱা দলৰ আদিত্য
নাওহলীয়াই, শ্ৰেষ্ঠ গ’'লকীপাৰ পুৰস্কাৰ লাভ কৰে গোহাঁইপুখুৰী গীও পঞ্চায়তৰ অমৃত জালানে। আজিৰ খেলখন পৰিচালনা কৰে ৰেফাৰী ৰিপুনাথ গগৈয়ে । তেওঁক সহায় কৰে লাকীৰঞ্জন বৰুৱা, ৰাজু গগৈ আৰু শান্তনু গগৈ আৰু দীপক চুতীয়াই।


এসপ্তাহত ভাৰতত ইন্ধনৰ ৬ টকালৈকে বিমানৰ ভাৰা বৃদ্ধি পাব ১৫ শতাংশ

ছৌদি আৰৱত তেল সংকট  
এসপ্তাহত
ভাৰতত ইন্ধনৰ
৬ টকালৈকে
বিমানৰ ভাৰা
বৃদ্ধি পাব ১৫ শতাংশ

বিশ্বৰ বৃহত্তম তেল সংসাধন কোম্পানী ছৌদি আৰবৰ
আৰামকোত সন্ত্ৰাসবাদীয়ে ড্ৰোন আৰত্ৰযমণ চলোৱাৰ পিছতে
বিশ্বজুৰি ইন্ধনৰ মূল্যবৃদ্ধি ইতিমধ্যে আৰম্ভ হৈছে। ড্ৰোন আক্ৰমণৰ তিনি দিন পিছতে বিশ্বৰ আন প্ৰান্তৰ লগতে ভাৰততো  ইন্ধনৰ মূল্যবৃদ্ধি এসপ্তাহত ভাৰতত ইন্ধনৰ দাম বাঢ়িব ৬ টকালৈকে
 হৈছে। আজি পেট্ৰ’লৰ দাম ১৮ পইচা বৃদ্ধি পোৱাৰ সমাম্ভৰালকৈ ডিজেলৰ দাম ৩৩ পইচা বৃদ্ধি পাইছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি ছৌদি আৰবৰ তেল সংকটে ভাৰতত প্রভাৱ নেপেলায় বুলি ঘোষণা কৰিছিল যদিও আজি ইন্ধনৰ মূল্যবৃদ্ধিয়ে বিপৰীত ছবি এখন প্ৰতিফলিত কৰিছে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সপ্তাহৰ ভিতৰতে ভাৰতত প্ৰতিলিটাৰ পেট্র’ল-ডিজেলত ৬ টকাকৈ বৃদ্ধি পোৱাটো নিশ্চিত বুলি ৰাজহুৱা খণ্ডৰ
তেল কোম্পানীৰ সূত্ৰত প্রকাশ।

 ছৌদি আৰবৰ আৰামকো কোম্পানীত ড্ৰোন আক্ৰমণৰ পিছত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য ২০ শতাংশ বৃদ্ধি হৈ প্রতি বেৰেলত ৭১ মাৰ্কিন ডলাৰ হৈছে। ইপিনে, উৎসৱৰ সময়ছোৱাতে ভাৰতৰ বিমান সেৱাৰ টিকটত ১৫ শতাংশ বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত হৈছে। ছৌদি আৰবত চলি থকা সংকটৰ বাবে দেশত বিমানৰ ভাৰা বৃদ্ধি পাব। চলিত ভাৰাতকৈ অক্টোবৰ-নৱেম্বৰত এই ভাৰা অতিকমেও ১০-১৫ শতাংশলৈ বুদ্ধি পাব। বিজিনেছ ষ্টেণ্ডাৰ্ডৰ সৈতে হোৱা কথোপকথনত ব্যক্তিগত বিমানসেৱাৰ শীৰ্ষ বিষয়া এগৰাকীয়ে প্ৰকাশ কৰা মতে, ছেপ্টেম্বৰৰ শেষৰ সপ্তাহৰ পৰাই বিমানৰ ভাৰা বৃদ্ধি পাব।



ইপিনে, দেশৰ আৰ্থিক মন্দাৱস্থাৰ বাবেই ষ্টক মাৰ্কেট বৃহৎ লোকচানৰ সন্মুখীন হৈ আছে। আজিও ষ্টক মাৰ্কেট বৃহৎ লোকচানৰ সন্মুখীন হয়। বজাৰ সামৰণি পৰালৈকে বি এছ ই ছেনছেক্স ৬৪২ পইণ্ট তথা৷ ১.৭ শতাংশ নিম্নগামী হৈ ৩৬,৪৮১ হৈছে। তেনেদৰে নিফটিৰ সৃূচাংকও ১৮৬ পইণ্ট তথা ১.৭ শতাংশ নিম্নগামী হৈ ১০,৮১৮ত বজাৰ সামৰণি পৰে। ছোদি আৰবৰ তেল কোম্পানীত দড্ৰোন আক্ৰমণৰ বাবে ভাৰতৰ ষ্টক মাৰ্কেটত লোকচান হৈছে। লক্ষণীয় যে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে বিনিয়োগকাৰীৰ মাজত দেখা দিয়া শংকাৰ বাবেই প্ৰতি মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য নিম্নগামী হৈছে।
আজি প্ৰতি মাৰ্কিন ডলাৰৰ বিপৰীতে ৬৮ পইচা নিম্নগামী হৈ ভাৰতীয় টকাৰ মূল্য হৈছে ৭১.৬০। তথ্য মতে, আজি বজাৰ মুকলি হোৱাৰ সময়ত প্ৰতি মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৭০.৯২ত আৰম্ভ হৈ প্ৰথম ঘণ্টাত ৭১.৫৪লৈ উন্নীত হয় যদিও পিছলৈ ৬৮ পইচা নিম্নগামী হৈ প্রতি মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৭১.৬০ত বজাৰ সামৰণি পৰে ।




 

চূড়ান্ত এনআৰচি : ১০০%

চূড়ান্ত এনআৰচি :  ১০০%


 নতুন দিল্লীৰ প্ৰেছ ক্লাব অৱ
ইণ্ডিয়াত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ক লৈ আজি দুখন
বিপৰীতমুখী সংবাদ মেল অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ত এনআৰচিৰ
সংক্ৰান্তত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ মূল গুচৰীয়া আছাম পাব্লিক



ৱৰ্কছ (এপিডর্লিউ)-এ এনআৰচিৰ চড়ান্ত তালিকাত  লাখ লাখ অবৈধ বাংলাদেশীৰ নাম সোমাই পৰা বুলি অভিযোগ উত্থাপন কৰি ইয়াৰ পুনৰীক্ষণৰ বাবে পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ
হুংকাৰ দিয়াৰ সমাসন্তৰালকৈ ‘ইউনাইটেড এগেইনষ্ট হেট’ নামৰ আন
এক বেচৰকাৰী সংগঠনে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত কেতবোৰ
অমানৱীয় দিশ থকাৰ দাবী কৰি সৰৱ হৈ পৰে। লক্ষণীয়ভাৱে চূড়াস্ত
এনআৰচিত এতিয়ালৈকে কমেও ৮০ হাজাৰ সন্দেহযুক্ত অবৈধ বিদেশীৰ
নাম সোমাই পৰাৰ তথ্য প্ৰমাণাদি লাভ কৰা বুলি এপিডব্লিউৰ মুৰববী
অভিজিৎ শৰ্মাই সংবাদ মেলত দাবী কৰে।
 
 যিসময়ত কলকাতাত অসমৰ
জেহাদী আৰক্ষীৰ জালত পৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে,
সেই সময়ত এনআৰচিত যে বাংলাদেশী মূলৰ জেহাদীৰ নাম সোমাই
যোৱা নাই, সেয়া কোনেও নুই কৰিব নোৱাৰে বুলি শৰ্মাই আশংকা
ব্যক্ত কৰে। এনে পৰিস্থিতিত অসমৰ এনআৰচিয়ে সমগ্র দেশৰ
আভ্যস্তৰীণ নিৰাপল্তাৰ বাবেই ভাবুকি লৈ পৰিছে বুলি তেওঁ মত প্ৰকাশ
কৰে। মন কৰিবলগীয়া যে এনআৰচিত অবৈধ বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত
হোৱাৰ তথ্যসহকাৰে কাইলৈ এপিডব্লিউৱে উচ্চতম ন্যায়ালয়ত এখন
শপতনাম৷ দাখিল কৰিব। শপতনামাযোগে সদ্যপ্ৰকাশিত এনআৰচিৰ
চূড়ান্ত তালিকাখনৰ এশ শতাংশ পুনৰীক্ষণৰ আবেদনো জনোৱা হ’ব।
আনহাতে এই পুনৰীক্ষণৰ কাৰ্যত এনআৰচি কৰ্তৃপক্ষ আৰু উচ্চতম
বালকৰ মহিলা ত মসমরৱজ্ণল মান এৌতনানলাভাাৰি  এখ!
ন্যায়িক কমিটী গঠন কৰাৰো আবেদন জনাব। পূৰ্বতেও সংগঠনটোৰ
তৰফৰ পৰা ন্যায়ালয়ৰ মজিয়াত অনুৰূপ আবেদন জনোৱা হৈছিল
যদিও ন্যায়ালয়ে তেওঁলোকৰ আবেদনৰ ক্ষেত্ৰত কোনো গুৰুত্বই আৰোপ
কৰা নাছিল বুলি শৰ্মাই সংবাদ মেলত ক্ষোভ বাক্ত কৰি কয় যে
এনআৰমচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ক বহু সময়তেই
বিপথে পৰিচালিত কৰিছে। ন্যায়ালয় আৰু এনআৰচি কৰ্তৃপক্ষৰ মাজত
(কোনো ধৰণৰ সমন্বয় নথকাৰ বাবেই আজি অসমৰ ৰাইজে এনে এখন
এনআৰচি লাভ কৰিলে, যি এতিয়া অতি বিপজ্জনক হৈ পৰিছে।
এপিডবরিউৱে কাইলৈ প্ৰথমতে পুনৰীক্ষণৰ বাবে শপতনামা দাখিল
কৰিব। ইয়াৰ পিছত পৰৱৰ্তী সময়ত আন এখন শপতনামাও দাখিল
কৰিব বুলি সংগঠনটোৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে
সংবাদ মেলত জানিবলৈ দিয়ে। লক্ষণীয়ভাৱে বিসংগতিপূৰ্ণ এনআৰচিৰ
বাবে এপিডর্লিউৱে আজি পোনপটীয়াকৈ নাগৰিকপঞ্জী উন্নীতকৰণ কাৰ্যত
ব্যৱহৃত ছফ্‌টৱেৰকহে দায়ী কৰিছে।
দ্বিতীয়খন শপতনামাত
সংগঠনটোৰ উক্ত ছফ্টৱেৰটো চালি-জাৰি চোৱাৰ বাবে এক উচ্চ
পৰ্যায়ৰ ‘আই টি’ (তথ্য-প্ৰযুক্তি) অডিটৰ আবেদন জনাব। আন্তৰ্জাতিক
খ্যাতিসম্পন্ন এটা সংস্থাৰ জৰিয়তে অডিট কৰাৰো এপিডর্লিউৱে আজি
দাবী জনাইছে। অনুৰূপভাৱে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত ব্যয়
হোৱা প্ৰায় ১,৬০০ কোটি টকা ক’ত কেতিয়া ব্যয় কৰা হ’ল, তাৰো
এক তদন্তৰ দাবী জনাইছে এপিডব্লিউৱে ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক
তালুকদাৰৰ মতে ‘ই ডি’ৰ জৰিয়তে এনআৰচিৰ বিভ্ীয় খেলিমেলিবোৰ
তদন্ত কৰি চোৱাটো বৰকৈ জৰুৰী হৈ পৰিছে। আনহাতে এনআৰচিত
জেহাদীৰ নামো সোমাই পৰাৰ অৱকাশ থকা হেতু সমগ্ৰ বিষয়টো
ৰাষ্ট্ৰীয় তদস্তকাৰী সংস্থা ‘নিয়া’ৰ জৰিয়তে তদস্ত কৰা উচিত বুলি
তালুকদাৰে মত ব্যক্ত কৰে। আনহাতে সংবাদ মেলত এপিডব্লিউৰ
উপদেষ্টা বিতু তালুকদাৰে নিজৰ ক্ষোভ ব্যক্ত কৰি কয় যে এনআৰচিক
লৈ দেশ-বিদেশৰ বহুতো সংস্থাই মানৱ অধিকাৰ ভংগৰ অভিযোগ
উত্থাপন কৰি আহিছে। পিছে অবৈধ বিদেশীৰ আগ্ৰাসনে যেতিয়া অসমৰ
থলুৱা খিলঞ্জীয়াসকলৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে, তাক লৈ উক্ত
সংস্থাবোৰে কিয় নিমাত ভূমিকা পালন কৰি আহিছে, সেইটোহে প্ৰশ্নৰ
বিষয়।ইফালে, বিতু তালুকদাৰে যেতিয়া এই প্ৰশ্ন উত্থাপন কৰি আছিল,
ঠিক তেতিয়াই প্ৰেছ ক্লাব অৱ ইণ্ডিয়াত ‘ইউনাইটেড এগেইনষ্ট হেট’
নামৰ সংগঠনটোৱে এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত অমানৱীয়
কেতবোৰ দিশ থকাৰ দাবী কৰি আন এখন সংবাদ মেল সম্বোধন কৰি
আছিল। সংবাদ মেলত সংগঠনটোৰ ‘ফেক্‌ট ফাইণ্ডিং টামে’ এনআৰচি
প্ৰকাশ পোৱাৰ পিছত অসম ভ্ৰমণ কৰি যুগুতাই উলিওৱা ‘ডেম’ক্ৰেচি
আণ্ডাৰ ডিটেনচন ঃ হৰৰ্ছ অৱ এনআৰচি ফ্ৰম আছাম’ শীৰ্ষক এখন
প্ৰতিবেদন উন্মোচন কৰা হয়। সংবাদ মেলত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ
অধিবক্তা তথা প্ৰখ্যাত আইনজীৱী সঞ্জয় হেগড়েও উপস্থিত থাকে।
লগতে আছিল বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা ছাউথ এছিয়া হিউমেন
ৰাইটছ ডকুমেণ্টেন চেণ্টাৰৰ কাৰ্যকৰী অধ্যক্ষ ৰবি নায়াৰো। ‘ফেক্‌ট
ফাইণ্ডিং টাম’ৰ অন্যতম সদস্য বিশিষ্ট সাংবাদিক প্ৰশান্ত টেণ্ডনে অসম
ভ্ৰমণৰ কালছোৱাত নিজৰ অভিজ্ঞতাৰ কথা সদৰী কৰি কয় যে আমি
সকলোৱে জানো মাৰ্কিন যুক্তৰাষ্ট্ৰ পিছত বিশ্বৰ সৰ্ববৃহৎ ‘ডিটেনচন
চেণ্টাৰ’ অসমৰ গোৱালপাৰাত নিৰ্মাণ কৰি থকা হৈছে। পিছে উক্ত
ডিটেনচন কেম্পৰ নিৰ্মাণকাৰ্যত নিযুক্ত শ শ শ্রমিকে সম্ভৱতঃ নিজেই
নাজানে যে যিটো ডিটেনচন কেম্প তেওঁলোকে বনাই আছে, সেইটো
কেম্পেই হ’বগৈ এদিন তেওঁলোকৰ ভৱিষ্যতৰ ঠিকনা ৷ ফেক্‌ট ফাইণ্ডিং
টামৰ আন এজন সদস্য নাদীম খানে এই সন্দৰ্ভত কয়--- ডিটেনচন
কেম্পৰ নিৰ্মাণথলী ভ্ৰমণ কৰি আমি চাইছোঁ তাত বনুৱাৰ কাম কৰি
থকা অধিকাংশ লোকৰ নামেই এনআৰচিত অহা নাই। ভয়তে
তেওঁলোকে এই কথা ঠিকাদাৰসকলক ক’ব পৰা নাই। ভয়-_ যদি
কামৰ পৰা উলিয়াই দিয়া হয়। যিসকল ব্যক্তিয়ে ডিটেনচন কেম্প
নিৰ্মাণ কৰি আছে, সেইসকল লোকেই যদি সেই কেম্পৰ বাসিন্দা
হ’বলগীয়া হয়, তেনেহ’লে ইয়াতকৈ আৰু পৰিতাপৰ বিষয় কি হ’ব
পাৰে? আনহাতে এনআৰচিৰ পৰা বাদ পৰা লোকসকলে যি বিদেশী
ন্যায়াধিকৰণত নিজা নিজা নাগৰিকত্ব প্ৰমাণৰ বাবে আপীল কৰিব,
তাৰ সদস্যসকলৰ নিৰপেক্ষতা তথা কৰ্মপন্থাক লৈও সংগঠনটোৱে
আজি প্ৰশ্ন উত্থাপন কৰিছে। সাংবাদিক প্ৰশান্ত টেণ্ডনৰ বক্তব্য-_ বিদেশী
ন্যায়াধিকৰণৰ সদস্যসকলে অধিকাংশ সময়তে চৰকাৰী হেঁচাত যিমান
বেছি লোকক বিদেশী বুলি ৰায় দিব পাৰে, তাৰ ওপৰত গুৰুত্ব প্ৰদান
কৰে। কেৱল ৮০ হাজাৰ টকাৰ দৰমহা আৰু এখন গাড়ীৰ বাবে
ন্যায়াধিকৰণৰ সদস্যসকল যিমান বেছি সম্ভৱ বিদেশী ৰূপে ৰায় দিব বুলি
ফেক্‌ট ফাইণ্ডিং টামটোৱে আশংকা ব্যক্ত কৰিছে। ৰাজ্য চৰকাৰে
১ ৬৮-২:৬১৯৮৯৫০ ৮৯১ 1৫৮৪,৯৯ ৬-০০০৬০৭৷-৭
দাঙি ধৰিছে। যিসকল সদস্যই বিচাৰাধীন লোকসকলৰ ভিতৰত মাত্ৰ
১০ কিম্বা ২০ শতাংশক ‘বিদেশী’ বুলি ঘোষণা কৰিছে, চৰকাৰী মূল্যায়নত
সেইসকল সদস্যক ‘নট ছেটিছফেক্টৰী’ অর্থাৎ সম্ভোষজনক নহয় বুলি
চৰকাৰী নথিত লিপিবদ্ধ হৈছে। আনহাতে যিসকল সদস্যই ৫০ শতাংশৰ
বেছি লোকক ‘বিদেশী’ বুলি ৰায়দান কৰিছে, তেওঁলোকৰ মূল্যায়ন কৰা
হৈছে ‘গুড়’ অৰ্থাৎ ভাল বুলি? অতীতত যি হাৰত বিদেশী
ন্যায়াধিকৰণসমূহে সংশ্লিষ্ট গোচৰত ৰায়দান কৰি আহিছে, সেই হিচাপত
অসমত যদি অতিৰিক্ত ৩০০ বিদেশী ন্যায়াধিকৰণ স্থাপন কৰা হ’লেও
এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ গোচৰ নিষ্পত্তি কৰিবলৈ
প্রায় ১৫৪ বছৰ সময় লাগিব বুলি ‘ইউনাইটেড এগেইনষ্ট হেট’ নামৰ
সংগঠনটোৱে সংবাদ মেলত দাবী কৰে। সংগঠনটোৰ মতে এনআৰচিৰ
পৰা বাদ যোৱা ইমান বৃহৎসংখ্যক লোকক লৈ চৰকাৰে মুঠেই চিন্তিত
নহয়। অসমত বিৰাজমান এই অনিশ্চয়তাক লৈ খ্যাতনামা আইনজীৱী
সঞ্জয় হেগড়েও উদ্বিগ্নতা ব্যক্ত কৰে।

আপোনাৰ আজিৰ দিনটো

 আপোনাৰ আজিৰ দিনটো  

১৮/০৯/২০১৯ | ভাদ্ৰ ৩১


মেষ : পৰহিতাৰ্থে চিন্তাৰ লগতে বাসত্তৱতো ত্যাগ কৰাৰ মন। কিন্তু
আপোনাৰ এই উদাৰতাই বিশেষ স্বীকৃতি নিদিব। নিজৰ বিবেকৰ
নিৰ্দেশক পিচে বেছি গুৰুত্ব দিয়ক। সম্ভৱস্থলত কিবা জৰুৰী
প্রস্তুতেৰ কাৰণে সাজু হ’'ব। শৰীৰ মধ্যম। পঢ়া-শুনাত বাধাৰ
মাজেৰে শুভ। আৰ্থিকত লাভ।

বৃষ :  আত্মবিশ্বাস বাঢ়িব। লগতে কিছু অহমিকাও। উপায় নাপাই যি যি
কয় তাকে নকৰিব। দাম্পত্যত সহযোগ। কিন্তু শৰীৰ উন্নত নহয়।
প্রহিক সংযোগ নিষ্ঠাৰে ৰক্ষা কৰি উপকৃত হ'ব। বিদ্যাত বেয়া নহয়।

মিথুন $ সাহসিকতাৰ অভাৱ নহয়। আনহাতে নিজৰ ভুল সিদ্ধান্তত বিপদতো
পৰিব পাৰে, যদিও উপস্থিত বুদ্ধি আৰু সাহসেৰে উদ্ধাৰ হ’ব।
মাতৃৰ মধ্যম। দাম্পত্যত হঠাৎ শৰীৰে আমনি কৰিব। ভৰিত দুখ
পাবও পাৰে। সম্ভানৰ মধ্যম। পঢ়াত ভালেই।

কৰ্কট :  অৰ্থকৰী দিশত সচেতন। হাতলৈ অহা ধনে পৰিকল্পিত বাজেটত
বিশেষ সহায় নকৰিব পাৰে। বন্ধু-বৰ্গ আনকি আন লোকৰ সৈতে
কৰা ভাব বিনিময় দেখাত উন্নত আৰু দয়া-মায়াও থাকিব।
কৰ্মক্ষেত্ৰত অৱশ্যে নিশ্চিত নহয়। দৃঢ় মতবাদ। দাম্পত্যত মধ্যম।
বিৰক্তিভাব কমাওক।

সিংহ $ শৰীৰ উন্নত নহয়। তদুপৰি আচুতীয়া ব্যক্তা সৌজন্যমূলকহে
হ’ব। লাভৱান নহ'ব। সম্ভানৰ প্রতি নজৰ দিয়ক। কোনো অপৰিচিত
(লোকক সুযোগ নিদিব। ধন-সম্পদ ব্যৱহাৰত বিশেষ সাৱধানে
আগবাঢ়ক। পঢ়াত শুভ।

কন্যা :  মনৰ উচ্চতাৰ লগতে সৃজনীমূলক হাস্য-ব্যংগ উক্তিত বিশেষ
পাৰদৰ্শিতা। কোনো যোগ্য মানুহৰ লগত সাক্ষাৎ। পিচে শৰীৰে
কৰা আমনিৰ পৰা সাধাৰণ সকাহ। বিদ্যাত যতু ল'লে খ্যাতি।
যোগাযোগ পৰিবৰ্তনীয় যদিও আশাপ্রদ। মাতৃৰ মধ্যম।

তুলা :  শিল্প কলাৰ জ্ঞান উন্নত, লগতে এটা কৰ্ম কৰি থকাসকলৰ মান-
সন্মান লাভ। কিন্তু বৈষয়িক, সাংসাৰিক কাৰণত কিছু বাধা।
গভীৰ মানসিকতা। একাধিক জঞ্জালে আমনি কৰিবও পাৰে।
খৰচৰ কথাই নাই। অৱশ্যে পৰহিৰ পৰা কিছু সকাহ।

বৃশ্চিক :  শৰীৰ বৰ উন্নত নহয় যদিও অৰ্থকৰী কিবা কাৰণত চিত্তিত দেখা
যায়। কিছুমান জটিল সমস্যাই আমনি কৰিলে ধৈৰ্যৰে মৌনতা
অৱলম্বন কৰিব। ঘৰুৱা পৰিবেশ বেয়া নহয়। বিশ্বাস-অবিশ্বাসৰ
দোমোজাত দিনটো পাৰ হ’বও পাৰে।

ধনু :  সন্তানৰ ভৱিষ্যৎ চিন্তা। যুৱক সন্তানৰ শৰীৰ বৰ ভালেৰে যোৱা
টান। দাম্পত্যত অনাৱশ্যক দুশ্চিম্তা। পঢ়া-শুনাত ভালেই। মাতৃৰ
উন্নত নহয়। অকাৰণত কাকো সন্দেহ নকৰিব। পঢ়াত শুভ।

মকৰ  :  মন উন্নত। কৰ্মসলতো পৰিবেশ উন্নত। কিন্তু গৃহৰ দুই-এটা কাৰণত
ব্যস্ততাৰ লগতে চিন্তিত। শৰীৰ খুব উন্নত নহয়। বিদ্যাত ভালেই
দেখা যায়। ধৰ্মীয় নিষ্ঠা। কোনো সৎ লোকৰ সৈতে যোগাযোগ।

কুম্ভ :  শৰীৰ মধ্যম। বয়সস্থসকলে বিষ-বেদনাত কন্ট পাব পাৰে। কিন্তু
কৰ্মতৎপৰতাৰ সৈতে যোগাযোগ নহ'ব। কৰ্মসংগীৰ সৈতে স্বকৰ্মত
প্ৰেড়না পাব। হঠাৎ কৰ্মৰ খাটিৰত ভ্ৰমণৰ আৱশ্যক হ’বও পাৰে।
সম্ভানৰ শৰীৰ উন্নত যাতে হয়, চকু ৰাখক। পঢ়াত অলপ বাধা।

মীন :  ৪ মান-মৰ্যাদাৰ কাৰক বৃহস্পতি যদিও নৱম পৰ্বত দূষিত বাবে পূৰ্ণ
ফল দিয়াত অসমৰ্থ ৷ তথাপি উচ্চ শিক্ষাৰ্থীৰ অনুকুল ৷ ৰাজনীতিত
বেয়া নহ’ব। বিচাৰ-বিবেচনাতো ভালেই। দূৰযাত্ৰাৰ প্লেন কৰিলেও বৰ্তমান পাৰিলে স্থগিত ৰাখক ।মাতৃৰ মধ্যম। সন্তানৰ বেয়া নহয়।





এন আৰ চি ১৬০০ কৌটি ব্যয়ৰ তদন্ত ইডিক দিয়াৰ দাবী পাব্লিক

 এন আৰ চি  ১৬০০ কৌটি ব্যয়ৰ তদন্ত ইডিক দিয়াৰ দাবী পাব্লিক
দাখিল কৰিব আছাম পাব্লিক ৱৰ্কচে। এন আৰ চিৰ মূল আবেদনকাৰী এই বেচৰকাৰী সংস্থাটোৱে পৰৱৰ্তী সময়ত এন আৰ চি উন্নীতকৰণত ব্যৱহৃত ছফ্টৱেৰৰ আশ্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্রতিষ্ঠানৰ দ্বাৰা মান পৰীক্ষাৰ কাৰণে আন এক আবেদন দাখিল কৰিব সৰ্বোচ্চ ন্যায়ালয়ত। আজি দিল্লীৰ প্ৰেছ ক্লাবত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে আছাম পাব্লিক ৱৰ্কছে। সংস্থাটোৰ মুৰববী অভিজিত শৰ্মাই যোৱা ৩১ আগষ্টত প্রকাশ পোৱা এন আৰ চিত ৮০ হেজাৰতকৈও অধিক অবৈধ লোকৰ নাম
অন্তৰ্ভুক্ত হোৱাৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি সংবাদমেলত কয় যে আছাম পাব্লিক ৱৰ্কছে পূৰ্বতেও এন আৰ চিৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। কিন্তু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই ন্যায়ালয়ত দাখিল কৰা তথ্যৰ আধাৰত সৰ্বোচ্চ ন্যায়ালয়ে তেওঁলোকৰ আবেদনত গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে এতিয়া এন আৰ চি প্রকাশ পোৱাৰ পিচত উক্ত এন আৰ চিত ৮০ হেজাৰতকৈও অধিক অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য তেওঁলোকে লাভ কৰিছে আৰু কাইলৈ দাখিল কৰিবলগা আবেদনত ইয়াৰে ৩৫ জন লোকৰ উদাহৰণ তেওঁলোকে দাখিল কৰিব। তদুপৰি এন আৰ চি উন্নীতকৰণত যি ছফ্টৱেৰ বাৱহাৰ কৰা হৈছে সেই ছফুটৱেৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংস্থাৰ দ্বাৰা মান পৰীক্ষা হোৱা উচিত বুলি দাবী জনাই তেওঁ কয় যে এই সন্দৰ্ভত তেওঁলোকে আন এখন আবেদন পৃথকে উচ্চতম ন্যায়ালয়ত দাখিল কৰিব। তেওঁ কয় যে অসমৰ এন আৰ চিত অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা কাৰ্যই এন আৰ চিত থকা আসোঁৱাহৰ কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে আৰু এনে লোক যদি ভৱিষ্যতে কোনো কৃটাঘাতত জড়িত হয় তেন্তে তাৰ বাবে কোন জগৰীয়া হ’ব বুলি তেওঁ প্রশ্ন কৰে। তেওঁ কয় যে এন আৰ চিত এনেদৰে অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা কাৰ্যই দেশৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।  অসমত জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিচত এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিব লাগিছিল বুলি উল্লেখ কৰি তেওঁ এন আৰ চিত যদি জেহাদীৰ নাম অন্তৰ্ভুক্ত হয় তেন্তে ইয়াৰ বাবে কোন দায়ী হ'ব বুলি প্ৰশ্ন কৰে। মুঠৰ ওপৰত অসমত প্রস্তুত হোৱা এন আৰ চি অসমৰ জনসাধাৰণৰ আশানুৰূপ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশাৰে তেওঁলোকৰ সংস্থাই ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে। ইফালে এই এন আৰ চিৰ বাবে ব্যয় হোৱা ১,৬০০ কোটি টকাৰ হিচাপ পৰীক্ষা কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ই ডি বা বিধি বলৱত্কাৰী সঞ্চালকালয়ক প্ৰদান কৰাৰ কাৰণে তেওঁ দাবী জনায়। তেওঁ কয় যে অসম চুক্তিৰ দ্বাৰা নাগৰিকত্ব লাভ কৰা একাংশ লোকক এন আৰ চি প্ৰস্তুতিৰ দায়িত্ব প্রদান কৰাৰ পিচত মাথোঁ কেইলাখমান বিদেশী চিনাক্ত হোৱা এই এন আৰ চিৰ কাৰণে ১,৬০০ কোটি টকা ক’ত, কেনেকৈ ব্যয় হ’ল তাৰ হিচাপ পৰীক্ষা হোৱাটো অত্যন্ত জবৰী। সেয়ে কেন্দ্ৰীয় চৰকাৰে ই ডিক এই দায়িত্ব প্রদান কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে এন আৰ চিত জেহাদীৰ নাম কেনেবাকৈ অন্তৰ্ভুক্ত হৈছে নেকি সেই সম্পৰ্কে নিয়াক আৰু সামগ্ৰিকভাৱে এন আৰ চিৰ সমগ্ৰ প্রক্ৰিয়াৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে চি বি আইক অৰ্পণ কৰিব লাগে বুলি দাবী কৰে। ইফালে সংবাদমেলত উপস্থিত থকা৷ আছাম পারিক ৱৰ্কছৰ উপদেষ্টা বিতু তালুকদাৰ আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে এন আৰ চিৰ বিসংগতিৰ বাবে বাৱহাৰ কৰা চফ্টৱেৰ মূলতঃ জগৰীয়া কৰি এইক্ষেত্ৰত আই টি বা তথ্য প্রযুক্তিৰ অভিজ্ঞ বাক্তি বা সংস্থাৰ দ্বাৰা এই পৰীক্ষা চফ্টৱেৰ  কৰাৰ কাৰণে দাবী জনায়।

ভাৰত মহাসাগৰত সাতখন চীনা যুদ্ধ জাহাজৰ প্ৰৱেশ



ভাৰত মহাসাগৰত সাতখন চীনা যুদ্ধ জাহাজৰ প্ৰৱেশ  ভাৰত মহাসাগৰত গোপনে প্রভাৱ বিস্তাৰ কৰিছে চীনে

ধৰা পেলালে ভাৰতীয় নৌবাহিনীৰ চোৰাংচোৱা বিমানে









 চীনা যুদ্ধ জাহাজসমূহৰ উপস্থিতি ধৰা পেলাইছে ভাৰতীয় নৌসেনা বাহিনীৰ মাৰ্কিন পি-৮১ এণ্টিছাবমেৰিন বিমান আৰু আন চোৰাংচোৱা সঁজুলিয়ে। আন্দামানৰ নিচেই কাষেদি অহা-যোৱা কৰিছে চীনা যুদ্ধ জাহাজে । ভাৰতীয় নৌ চোৰাংচোৱাগিৰিৰ তথ্যমতে, ভাৰত মহাসাগৰত বিচৰণ কৰা জাহাজসমূহৰ মাজত আছে এখন ২৭ হেজাৰ টন ওজনৰ এম্ফিবিয়াছ জাহাজ আৰু যুদ্ধ বিমান উঠা-
নমা কৰিব পৰা ৰণতৰী। ইতিমধ্যে শ্ৰীলংকাৰ সমুদ্ৰ এলেকাত প্রৱেশ কৰা বিশাল লেণ্ডিং প্লেটফৰ্ম থকা ৰণতৰীয়ে দীৰ্ঘদিন ধৰি ভাৰত মহাসাগৰত বিচৰণ কৰিছিল। একাংশ সামৰিক বিশেষজ্ঞৰ মতে অডেন সাগৰত জলদস্মু দমনৰ বাবে ব্যৱস্থা লোৱাৰ সুযোগতে চীনে কৌশলেৰে ভাৰত মহাসাগৰত প্রভাৱ বৃদ্ধি কৰিছে। লেণ্ডিং প্লেটফৰ্ম ডক (এল পি ডি) জিয়ান-৩২ জাহাজখনৰ ছবি চোৰাংচোৱা বিমানে সংগ্ৰহ কৰি অনাৰ পিচতে উদ্বিগ্ন হৈ পৰিছে ভাৰত।

 চীনা জাহাজসমূহে বিচৰণ কৰিছে ভাৰতৰ বিশেষ অৰ্থনৈতিক এলেকা আৰু ভাৰতীয় সমুদ্ৰ এলেকাৰ নিচেই কাষতে ইতিপূৰ্বে চীনে প্রকাশ কৰিছিল যে অডেন উপ-সাগৰত জলদসূুযুৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে টাস্ক ফৰ্চ ৩২ আৰু টাস্ক ফ’ৰ্চ ৩৩ক নিযুক্ত কৰা হৈছে। কিন্তু অডেন সাগৰৰ পৰিবৰ্তে চীনা জাহাজসমূহৰ কাৰ্যকলাপ আৰু উপস্থিতি বৃদ্ধি পাইছে ভাৰত মহাসাগৰত। মাল্লাকা প্রণালী হৈ ভাৰত মহাসাগৰ এলেকাৰ ২২ খন দেশক লৈ গঠন হোৱা 'ইণ্ডিয়ান-এছিয়ান ৰিব এছ’চিয়েচন’  (আই এ আৰ এ) ৰ জলসীমাৰ ভিতৰলৈ সোমোৱাৰ সময়তেই চীনা যুদ্ধ জাহাজসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হয়। এতিয়া যিটো এলেকাত চীনা জাহাজৰ উপস্থিতি বাঢ়িছে, সেই এলেকাটো ভূ-ৰাজনৈতিকভাৱে আৰু বাণিজ্যিক দিশৰ পৰা ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ এই এলেকাটোৰ পৰা যদি চীনা জাহাজসমূহ আঁতৰি নাযায়, তেন্তে অদূৰ ভৱিষ্যতে এয়া ভাৰতৰ বাবে হ’ব বিপজ্জনক। দুবছৰ পূৰ্বে পূব আফ্ৰিকাৰ সাগৰত জলদসূু্যুৰ বিৰুদ্ধে চীনে অভিযান চলাবলৈ গৈছিল আৰু তাৰ পিচত জিবুটিত গোজেই গজালি হৈ চীনে গঢ়ি তুলিলে এটা নৌঘাটি। গোপন সূত্ৰৰ খবৰমতে, ইতিমধো সেই ঘাটিত গৈ উপস্থিত হৈছেগৈ চীনৰ পাৰমাণৱিক শক্তিসম্পন্ন ছাবমেৰিন । ভাৰত মহাসাগৰত চীনে নৌঘাটি গঢ়িবলৈ বা প্রভাৱ বিস্তাৰ কৰিবলৈ ২০০৮ চনৰ পৰাই চেষ্টা চলাই আহিছে। এই বছৰ তিনি মাহৰ মূৰে মূৰে বংগোপসাগৰ আৰু আন্দামান সাগৰত ভাৰতীয় চোৰাংচোৱাগিৰিত ধৰা পৰিছে চীনা জাহাজৰ উপস্থিতি। ফেব্ৰল্বাৰী মাহত আন্দামান আৰু নিকোবৰ দ্বীপৰ মাজেৰে গৈ চীনৰ হৰ্টিনান নৌঘাটিত উপস্থিত হৈছিলগৈ চীনৰ তিনিখন যুদ্ধ জাহাজ। ভাৰত মহাসাগৰত আন্দামানৰ নিচেই কাষত এতিয়া চীনা নৌবাহিনীৰ উপস্থিতিক লৈ চিন্তিত হৈ পৰিছে নতুন দিল্লী।

আপোনাৰ আজিৰ দিনটো ইং ১৭/০৯/২০১৯ | ৩০ ভাদ্ৰ

 আপোনাৰ আজিৰ দিনটো 


মেষ : মধ্যম। কিছু চিন্তা। মাতৃৰ দেহ বৰ উন্নত নহয়। দয়|-মায়া থাকিলেও
কৰ্মত সাৱধানে আগবঢ়াই ভাল। দলগত কৰ্মত ব্যক্ত যদি কাৰোবাৰ
সৈতে ভুল বুজাবুজিও দেখা যায়। শৰীৰ মধ্যম। পঢ়াত যত্ন
লওক।
বৃষ : শৰীৰ, মন উভয়ে বৰ উন্নত নহয়। হঠাৎ খৰচ বাঢ়িব। কিবা
সমস্যাৰ উদ্ভৱ হ'লেও উপস্থিত বুদ্ধি আৰু নিষ্ঠাৰে সমাধান
কৰিব। উন্নত বন্ধুৰ সহায় স্মৰণীয়। বিদ্যাত শুভ। কৰ্তব্যত ভালেই ৷
দাম্পত্যত কিছু গভীৰ চিন্তা।
মিথুন : শুক্ৰ দুপৰীয়াৰ পৰা ৰবিও উপস্থিত। গতিকে প্রতিটো দিশতে
তাীক্ষু নজৰ ৰাখক। বুধক সাৰথি কৰাৰ কাৰণে পঢ়া-শুনাত অগ্ৰগতি।
কৰ্মস্থানো ভালেই দেখা যায়। ব্যৱসায়-বাণিজ্যত আয় সম্ভৱ।
শৰীৰ দুৰ্বল। খংৰাগ বাঢ়িব, দৃঢ়তা কিন্তু থাকিব।
কৰ্কট : কৰ্মস্থানত চন্দ্ৰৰ উপস্থিতি থকাত আপোনাৰ খৰচ-পাতি বাঢ়িব
যদিও ৰাইজৰ কামত ব্যস্ত হৈ থকাৰ ভালেই দেখা যায়। জ্যেষ্ঠ
অথবা বয়সস্থসকলৰ প্রতি ভক্তি থাকিব। জনপ্ৰিয় কামত প্ৰশংসা।
এনেবোৰ কাৰ্যৰ মাজেৰে নিজৰ ভাবমূৰ্তি উন্নত হ’ব। পঢ়াত
মধ্যম।
সিংহ : উন্নত চুক্তিপত্ৰত সন্মতি জ্ঞাপন। দৃঢ়তা। হঠাৎ কোনো কাৰণত
ৰুক্ষ হৈ পৰিব পাৰে। পুৰণি কিবা কামৰ হৰণ-ভগন কৰা মন
হ’ব। মূৰ অঞ্চলত যাতে দুখ নাপায় সাৱধানে চলক। পঢ়াত
মধ্যম। যাৰ ৰাহু মংগল জীৱনত অশুভ কৰ্মত মূৰ পোলোকা
দিয়াৰ চেষ্টা। অৱশ্যে আপোনাৰ বহিৰদুষ্টি উন্নত থাকিব।
কন্যা : বুধ শুক্ৰ ৰাশিত। ৰবিৰো আগমন। আপোনাৰ আগবেলাতকৈ
সন্ধিয়াৰ পৰা কিবা দৃঢ়তাই আৰু আশাবাদে অনুপ্ৰাণিত কৰিব।
প্রায় কথাতে নিশ্চিত ধাৰণাৰ গৰাকী হ'ব। মিছা কোৱা লোকক
ক্ষমা নকৰিব। শৰীৰ মধ্যম। মাতৃৰো বেয়া নহয়। ভাতৃস্থান উন্নত।
সম্ভানৰ চিত্তা।
তুলা : শৰীৰ বৰ উন্নত নহয়। খৰচ-পাতি বৃদ্ধি, নতুন নতুন সমস্যাই
মনক অশান্ত কৰিব। দাম্পত্যত খুব বেয়া নহ’লেও সন্তান-সম্ভতিৰ
কাৰণেও চিন্তা হ’ব। ৰাজনীতিত মধ্যম। সুযোগ বুজি কাম, নিজৰ
বক্তব্য ৰাখিলে শুভ। কামতো তজ্রূপ।
বৃশ্চিক : ধৰ্ম-কৰ্মত নিষ্ঠা। কিন্তু চতুৰ্দিশৰ পৰিবেশ বৰ উন্নত নহয়। দুৰ্ভাৱনাই
অৱশ্যে পীড়া কৰিব যদিও তাক নিয়ন্ত্ৰণৰো চেষ্টা কৰিব। ধৈৰ্য
আৰু সাহসিকতাৰ অভাৱ নহয়। দাম্পত্যত মধ্যম। পঢ়াত ভালেই ।
কন্ট বাঢ়িব যদিও সেইমতে ফল নাপায়।
ধনু :  কিছু অস্থিৰ। আজি আপোনাৰ ৰাশিত থকা বক্ৰী শনি কাইলৈ মার্গী
হ'ব। ফলত দীৰ্ঘসৃত্ৰিতাই আমনি কৰিব। সন্তানৰ কাৰণে চিত্তিত।
দাঁত বা সোঁকাণ বা হাড়ত কিবা অথশ্তৰ। দাম্পত্যত ধৈৰ্য ধৰক।
মকৰ :  মনৰ উৎসাহ থাকিব। শত্ৰুৰ পৰাক্ৰম কিছু কম। কিন্তু আইনৰ
জগৰীয়া হ'লে দুশ্চিম্তা। শিল্প-কলাত অগ্ৰগতি। সৎ বন্ধুৰ সান্নিধ্যত
সুখী। নতুন কিবা কাৰ্যকৰী চুক্তি। সন্তানৰ মধ্যম।    কুম্ভ : প্ৰিয় বন্ধুৰ সংগ। নিজতকৈ বয়সস্থ বন্ধুৰ লগত গভীৰ আলোচনা
কৰি ভাল পাব। কৰ্মসংগীৰ একতা। কৰ্মৰ মান উচ্চ। মাতৃৰ শৰীৰ
ঠিক নহয়। পত্নীৰো দৈহিক শুভ দেখা নাযায়।
মীন : কিবা হ'বলগা পদ-মৰ্যাদা হোৱা নাছিল যদি যোগাত্মক ইংগিত দেখা
পাব। মান-সন্মানো বাঢ়িব। দূৰ গমনৰ আয়োজন হ'বও পাৰে বা
সুপৰিবৰ্তনৰ আশা। দাম্পত্যত বেয়া নহয়।

ইং ১৭/০৯/২০১৯ | ৩০ ভাদ্ৰ

কেতেকী কাব্য আৰু ইয়াৰ বিষয়বস্তু

জোনাকী যুগত যি কেইজন প্ৰথিতযশা কবিয়ে নিজ নিজ ৰচনাৰে অসমীয়া ৰোমাণ্টিক সাহিত্যিক সমৃদ্ধ কৰিছিল , সেইসকলৰ ভিতৰত ৰঘুনাথ চৌধাৰী অন্যতম ।  বিশ্বসাহিত্যলৈ লক্ষ্য কৰিলে দেখা যায় যে কবি-সাহিত্যিকসকলক তেওঁলোকৰ ৰচনাৰ বৈশিষ্ট্য অনুসৰিহে কোনো এটা বিশেষ উপাধিৰে বিভূষিত কৰা হয় । যিদৰে কালিদাস প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি , ৱৰ্ডছৱৰ্থ প্ৰকৃতিৰ কবি ,ক'লেৰিজ অলৌকিকতাৰ কবি , তেনেদৰে অসমীয়া সাহিত্যত ৰঘুনাথ চৌধাৰী হৈছে বিহগী কবি ।
                    ৰঘুনাথ চৌধাৰীৰ কবিতাত বিভিন্ন ভাৱ আৰু বিষয়বস্তু থাকিলেও চৰাই বিষয়ক কবিতা কেইটিয়েহে পাঠকক বিশেষভাৱে আকৃষ্ট কৰে , সেইবাবে তেওঁ বিহগী কবি ।
   '' কেতেকী '' ৰঘুনাথ চৌধাৰীৰ এখনি অনুপম কাব্য গ্ৰন্থ । পাঁচটি তৰংগ বা খণ্ডত ৰচিত এই কাব্যখনিৰ প্ৰথম খণ্ডৰ বিষয়বস্তু হ'ল অচিন অজান দেশৰপৰা আহি আকুল সুৰেৰে গীত গাই থকা কেতেকী নামৰ চৰাইজনী । কবিৰ বাবে কেতেকী চৰাইটি এটি ৰহস্য । এটি যেন সাঁথৰ । এই চৰাইটি ক'ৰ পৰা আহিল আৰু কলৈ যাব সেই কথা কবিয়ে নেজানে । অবুজ ভাষাৰে কি মাত মাতিছে , কিহৰ আশাত এই সংসাৰত ভ্ৰমি ফুৰিছে , সেইবোৰ কথাও কবিৰ অজ্ঞাত । সেইবাবে সুধিছে -----
"ক'ৰপৰা তই আহিলি সোণাই
কোন দিশে যাৱ উৰি ,
কিয় বা ফুৰিছ দূৰ দূৰণিত
অকল'ই ঘুৰি ঘুৰি । "
                          কেতেকীৰ সম্বন্ধে কবিৰ কল্পনাৰ অন্ত নাই । একো একোটা স্তৱকত বিশেষ একোটা কবি-কল্পনা মূৰ্ত্ত হৈ উঠিছে । কবিৰ ভাৱ  যে কেতেকী চৰাইজনী এনে এখন সুন্দৰ ঠাইত জন্ম লৈছে য'ত শ্ৰদ্ধা , শান্তি , আৰু দয়া বিৰাজমান । সেই দেশত প্ৰলোভন , বিভেষিকাৰ আশংকা নাই । তেনে এখন ঠাই এৰি চৰাইটি কিয়নো এই পৃথিবীলৈ আহিল সেই কথা কবিৰ বাবে এক পৰম বিস্ময় । সেয়েহে আবেগ জৰ্জৰিত কন্ঠৰে প্ৰশ্ন কৰিছে-----
"বাপ মাৱ ভাই সৱাকে এৰিলি
এৰিলি ওপজা ঠাই
গছ-পাতে সজা ঘৰটি এৰিলি
কাৰ কি আহুদি পায় । "
                        কবিয়ে চৰাইজনীক সাৱধান কৰি দি কৈছে যে , যিখন পৃথিৱীলৈ সি আহিছে , সেইখন পৃথিৱীৰ নন্দন কানন বা অমৰাৱতী নহয় , ই মায়া কাননহে । ইয়াত নিঃস্বাৰ্থ মৰম-চেনেহ আৰু অমিয়া সুখ নাই ।  তাৰ পিছত কবিয়ে তাৰ একান্ত লগৰী , সুখ-দুখৰ সমভাগী কোনোবা আছে নে নাই সেই কথা চিন্তা কৰি ব্যথিত হৈছে । ভোক-পিয়াহত আহাৰ যোগাবলৈ , দুখ -ভাগৰত বিচনাত নিকাবলৈ কোনোবা আছে নে নাই কবিয়ে প্ৰশ্ন কৰিছে । এইবোৰ ভাৱ প্ৰকাশ কৰোঁতে কেতেকীৰ লগত কবিৰ এক আত্মীয়তাৰ ভাৱ ফুটি উঠিছে । কবিতাটিৰ আৰাম্ভণি শাৰীটোৰ "সোণাই" সম্বোধনতে এই এই আত্মীয়তা স্পষ্ট হৈ পৰিছে । সেয়ে কবি কেতেকীৰ সমব্যথী ।
                       কবিয়ে চৰাইজনীক সকলো শুভ আৰু মঙ্গলৰ প্ৰতীকৰূপে আদৰি লৈছে । দেখাত যদিও কেতেকী ক্ষুদ্ৰ জীৱ , তথাপি তাৰ মাজেৰেই বিশ্ব-প্ৰেম নিৰৱচ্ছিন্নভাৱে বৈ আছে । বিশ্বৰ মঙ্গল সাধনৰ বাবেই যেন কেতেকীয়ে বিহগী জনম লৈছে আৰু পবিত্র প্ৰেমৰ ডোলেৰে গোটেই জগতখন মেৰাই থৈছে । কবিৰ মতে চৰাইজনীয়ে মিলন বাতৰিকেই কাঢ়িয়াই আনিছে আৰু সেই বাতৰিকেই সুমধুৰ সুৰত গাৱলৈ আহ্বান জনাইছে । তাৰ পিছত কবিয়ে কেতেকীৰ ভুৱন ভুলোৱা মোহিনী কন্ঠৰ মাধুৰ্য্য কীৰ্তন কৰি তাৰ অমৃত বৰষা মাতত কেনেকৈ গোটেই সংসাৰখন ভোল গৈছে সেই কথা বৰ্ণনা কৰিছে । কেতেকীয়ে মৰ্তলৈ আহিয়েই সাগৰ , গছ-গছনি , পৰ্বত-পাহাৰ সকলোকে ভুলাইছে আৰু মৰুভূমি সদৃশ সংসাৰখন অপৰূপ মৰুদ্যান ৰূপে সজাই তুলিছে । সামৰণিৰ চাৰিটা স্তৱকত কবিয়ে কেতেকীক প্ৰেমৰ প্ৰতীক বুলি কল্পনা কৰিছে । কবিৰ ভাষাত -"প্ৰেমৰ সোৱাদ বিলাব আহিছ , দেৱদূত ৰূপ ধৰি । "  কেতেকী চৰাইজনীৰ প্ৰসংগাত পঞ্চমুখ হৈ পৰা এনে বৰ্ণনাৰপৰা কবিতাটিক এটি "বিহগী প্ৰশস্তি কবিতা বুলিও ক'ব পাৰি ।
                 প্ৰকৃতিৰ প্ৰশস্তি , নৈসৰ্গিক প্ৰকৃতিৰ প্ৰতি আকৰ্ষণ , প্ৰকৃতিৰ শোভাত তন্ময় ভাৱ ৰোমাণ্টিক যুগৰ কবিতাৰ অন্যতম বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ ভেটিত ৰঘুনাথ চৌধাৰীৰ "কেতেকী" এটি ৰোমাণ্টিক বৈশিষ্ট্যপূৰ্ণ কবিতা ।
প্ৰসংগ পুথি : অসমীয়া কবিতাৰ বিচাৰ ( ড. বিমল মজুমদাৰ )

ৰঘুনাথ চৌধাৰী 

কৃপাবৰ বৰুৱাৰ দৃষ্টিত কবি আৰু কবিতা

সাহিত্যৰ সকলো বিভাগৰ ভিতৰত কাব্য-
সাহিত্যই এক বিশাল ঠাই আগুৰি আছে ৷
সাহিত্য সৃষ্টিৰো আৰম্ভণি হৈছিল কাব্য
বা কবিতাৰ মাধ্যমেৰেহে ৷ কবিতা হৈছে
এক স্বতঃস্ফূত অনুভূতি৷ কবিৰ অন্তৰৰ পৰা
সেই অনুভূতি শব্দৰ ৰূপত আত্মপ্ৰকাশ লাভ
কৰে৷ কবিয়ে নিজৰ সমস্ত মন, আত্মা আৰু
অনুভৱক কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে ৷
এই প্ৰকাশত কেতিয়াবা স্পষ্টতা নাথাকে ৷
থাকে ছাঁ-পোহৰৰ এখন খেল৷ কেতিয়াবা
আকৌ বহুতে মনৰ কথাবোৰ সহজে আনৰ
বোধগম্য নোহোৱাকৈ প্ৰকাশ কৰিবলৈ
প্ৰকাশৰ এটা পথ বিচাৰে ৷ সেই মনৰ
কথাবোৰ কিছুমান শব্দ, বাক্য, প্ৰতীক,
চিত্ৰকল্পৰ সহায়ত উপস্থাপন কৰাৰ চেষ্টা
কৰে ৷ এই অনুভৱবোৰেও বহুসময়ত কবিতা
হিচাপে সাহিত্যত আত্মপ্ৰকাশ কৰে ৷
প্ৰকৃততে প্ৰত্যেকজন অনুভূতিশীল মানুহৰ
মনতে এজন কবি লুকাই থাকে আৰু সাহিত্যৰ
লগত জড়িত প্ৰত্যেকজন মানুহেই জীৱনত
এটা হ’লেও কবিতা লিখিবলৈ চেষ্টা
কৰে৷ কিন্তু এই সকলো অনুভৱ, অনুভূতি আৰু
শব্দৰ ছাঁ-পোহৰৰ খেলকে ‘কবিতা’ বুলিব
পাৰিনে? সময়ে সময়ে কবিতাৰো ৰূপ,
লক্ষণ সলনি হৈ আহিছে ৷ ছন্দোবদ্ধ
ৰোমাণ্টিক কবিতাৰ ঠাই আধুনিক কবিতাই
দখল কৰিলে ৷ আধুনিক কবিতাই উত্তৰ
আধুনিকতালৈ গতি কৰিলে ৷ কবিতাক লৈ
নানা পৰীক্ষা-নিৰীক্ষা হ’বলৈ ধৰিলে ৷
কিন্তু সময় আৰু কবিতাৰ আঙ্গিকৰ
পৰিৱৰ্তনে কেতিয়াও কবিতা সৃষ্টিত
প্ৰভাৱ পেলাব পৰা নাই ৷ বৰঞ্চ ক’ব পাৰি
ৰোমাণ্টিক যুগৰ কবিতাৰ ছন্দৰ বান্ধোন যি
দিনাই কবিতাৰ পৰা আঁতৰি গ’ল সেই দিনাৰ
পৰাই কবিতাই অসমীয়া সাহিত্যত অধিক
বিস্তাৰ ৰূপতহে প্ৰকাশ লাভ কৰিলে ৷ আজি
সাহিত্যৰ অন্যান্য দিশত একো নিলিখা
এজন ব্যক্তিয়েও জীৱনত এটা কবিতা
লিখিবলৈ চেষ্টা কৰে বা লিখি তাক
প্ৰকাশ কৰে ৷ মনৰ সকলো অনুভৱ কবিতাৰ
মাধ্যমেৰেই প্ৰকাশৰ চেষ্টা কৰে ৷ কিন্তু
বাস্তৱিকতে প্ৰকৃত কবিতা লিখা ইমান
সহজনে? আমি ওপৰত কোৱাৰ দৰে মনৰ
কথাবোৰ প্ৰকাশ কৰিলেই কবিতা সৃষ্টি হ’ব
পাৰেনে? সাহিত্যৰ আন আন মাধ্যমৰে
দৰে চেষ্টা কৰি, অধ্যয়ন কৰি কবিতা
লিখিব পাৰিনে? নে প্ৰকৃততে
স্বতঃস্ফূতভাৱেই এজন মানুহৰ মনত এটা
কবিতাৰ জন্ম হয়? এই সকলো প্ৰশ্নৰ উত্তৰ
সময়ে সময়ে বিভিন্ন ব্যক্তিয়ে দি
আহিছে যদিও কোনো অনুভূতিশীল
মানুহকে কোনো যুক্তি আৰু সংজ্ঞাই
কবিতা লিখাৰ পৰা আঁতৰাই ৰাখিব পৰা
নাই৷ যি সময়তে মানুহে মনৰ তাগিদা অনুভৱ
কৰিছে তেতিয়াই কবিতাৰ আশ্ৰয় লৈছে
আৰু শব্দৰ মাধ্যমেৰে তাক প্ৰকাশ কৰিছে ৷
এনে বহু কবিতাক প্ৰকৃত কবিতাৰ গুণগত
মানদণ্ডৰে জুখিব নোৱাৰিলেও কবিৰ
আত্মপ্ৰকাশৰ এই তাগিদাক কোনেও বাধা
দিব পৰা নাই বা নোৱাৰে ৷ কিন্তু পানীৰ
বুৰবুৰণিৰ দৰে খন্তেকতে জন্ম হৈ
খন্তেকতে মাৰ যোৱা এনে বহু কবিতাই
অসমীয়া সাহিত্যক প্ৰত্যক্ষভাৱে একো
ক্ষতি নকৰিলেও পৰোক্ষভাৱে বহু ব্যক্তিৰ
শ্ৰম, শক্তি, সামৰ্থ আৰু অৰ্থৰ ক্ষতি নকৰাকৈ
থকা নাই ৷ কাৰণ আৱেগৰ তাগিদাত জন্ম
হোৱা এনে কিমান কবি, কবিতা আৰু
কবিতা-পুথি সময়ৰ অটল গহ্বৰত নিমজ্জিত
হৈছে তাৰ খবৰ সম্ভৱ সাহিত্যৰ
ইতিহাসতো লিপিবদ্ধ হৈ থকা নাই ৷
আধুনিক অসমীয়া কবিতাৰ অন্যতম কবি
হীৰেন ভট্টাচাৰ্যই কৈছিল “কবিতা
স্বতঃস্ফূত নহয় ৷ কবিতা নিৰ্মান কৰিব
লাগে ৷ এই নিৰ্মানৰ আঁৰত হয়তো আছে
একধৰণৰ সংৰচিত স্বতঃস্ফূৰ্ততা (Cultivated
Spontaneity)৷” এই বাবেই হয়তো হীৰেন
ভট্টাচাৰ্যৰ কবিতাই শত-সহস্ৰ পাঠকৰ মনত
সাঁচ বহুৱাব পাৰিছিল ৷ একেখিনি কথাকে
১৯২৪ চনত অসম সাহিত্য সভাৰ অভিভাষণত
অসমীয়া সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী
বেজবৰুৱাই অলপ বহলভাৱে কৈছিল “কবি
প্ৰতিভাৰ ঘাই কথা মৌলিকতা ৷ প্ৰকৃত কবি
গতানুগতিকগামী নহয়৷ সাধাৰণ সোঁতত
তেওঁ উটি নেযায় ৷ বুদ্ধি-কৌশল আৰু
‘কাৰিকৰি’ৰ তেওঁ অপেক্ষা নেৰাখে৷
তেওঁৰ উত্স অন্তৰাত্মাই সহজে অভিনৱতাৰ
সৃষ্টি কৰে৷ তেওঁৰ অন্তৰৰ ভুমুকৰ পৰা একো
একোটি মূল idea উঠে ৷ তাকে তেওঁ সাকাৰ
কৰি জগতত আগত ধৰে ৷ কবি-প্ৰতিভাৰ
ভিতৰত ঐশ্বৰিক শক্তিৰেই খেলা ৷ তেওঁৰ
এই শক্তি কষ্টসাধ্য নহয় ৷ অনায়াসলব্ধ ঈশ্বৰ-
প্ৰসাদত তেওঁ নিত্য সিদ্ধ ৷ সেইদেখি কয়, “A
poet is born and not made” অৰ্থাৎ মেহনত
কৰি কোনো কবি হ’ব নোৱাৰে৷, কবিৰ জন্ম
হয়৷ চেষ্টা কৰি কোনোবাই কোনো কালত
কোনো দেশত নতুন ব্যাস, বাল্মীকি,
ছেক্সপীয়েৰ, কালিদাস নাইবা ছ্যেলি,
কীটছ, ৱৰ্ডছৱৰ্থ, ছাদি, খচৰু, ওমৰখৈয়াম
হোৱাটো কোনোবাই দেখিছে নে
(বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৫)
?” বাস্তৱিকতে কবিতা সম্পৰ্কে
বেজবৰুৱাৰ যুক্তি-যুক্ততা আৰু হীৰেন
ভট্টাচাৰ্যৰ দৃষ্টিত কবিতাৰ ‘সংৰচিত
স্বতঃস্ফূৰ্ততা (Cultivated Spontaneity)’ই
একেই অৰ্থ প্ৰকাশ কৰিছে ৷ কবিতা সৃষ্টিৰ
মূল বস্তু হৈছে কবিৰ স্বতঃস্ফূৰ্ততা ৷ মাথো
কবিয়ে স্বতঃস্ফূৰ্ত নিৰ্মাণৰ পিছত শব্দচয়ন,
প্ৰতীক, চিত্ৰকল্প আদিৰ নতুন সমাহেৰে
কবিতাত বহু সময়ত নিৰ্মাণৰ শাৰীলৈ লৈ
গৈছে আৰু এই ‘সংৰচিত স্বতঃস্ফূৰ্ততা’ই
যি কবিতাত প্ৰকাশিত হৈছে সেই
কবিতাই পাঠকৰ মনত সাঁচ বহুৱাব পাৰিছে ৷
কবি হিচাপে বেজবৰুৱাই নিজকে নিজে
কেতিয়াও স্বীকৃতি নিদিলেও বেজবৰুৱা
আছিল এজন প্ৰকৃত কবি ৷ জেনেৰেল
এছেমব্লি কলেজৰ তৃতীয় বাৰ্ষিকত পঢ়ি
থকাৰ সময়তে বেজবৰুৱাই ‘কবিতাৰ বৰষুণ’ত
পৰাৰ কথা নিজেই উল্লেখ কৰিছে ৷ ‘মোৰ
জীৱন সোঁৱৰণ’ত উল্লেখ কৰিছে, “মোৰ
মনৰ বহল পথাৰখন বাইৰনৰ কবিতাই
কোমলালে, শ্যেলিৰ কবিতাই হাল বালে,
কীটছৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰ
কবিতাই এনে কৰিলে যে তাত লাহী
ধানৰ কঠীয়াৰটো কথাই নাই, বিহমনা,
কোটকোৰা, পথৰুৱা বিহলঙনি আৰু
চোৰাতকে আদি কৰি যিহৰে গুটি হওক
পৰিলেই, সিয়েই ভৰভৰ কৰি গজি ‘মোক চা’
কৈ উঠিব (পৃ.-৯৭)৷” পঢ়ি থকা সময়ৰ পৰাই
বেজবৰুৱাই ‘কবিতা হয় যদি হওক, নহয় যদি
নহওক’ বুলি অনেক কবিতা সৃষ্টি কৰিছিল ৷
শেষত ‘নিজৰ ৰচনাবোৰ মোৰ নিজৰে ভাল
লাগে’ বুলি একেলগ কৰি কবিতাকেইটা
‘কদমকলি’ (১৯১৩ চন) নাম দি প্ৰকাশ কৰে ৷
কদমকলিত মুঠ আঠচল্লিশতা চুটি-দীঘল
কবিতা আছে ৷ ইয়াৰ পিছত ১৯৬৮ চনত
বেজবৰুৱা শতবাৰ্ষিকী উপলক্ষে ‘পদুমকলি’
নামেৰে বেজবৰুৱাৰ অ’ত-ত’ত সিঁচৰতি হৈ
থকা সাতাইশটা কবিতাৰ সংগ্ৰহেৰে
দ্বিতীয়খন কবিতা পুথি ছপা কৰা হয় ৷
বেজবৰুৱাৰ সকলো কবিতাই উচ্চ মানদণ্ডৰ
নহ’লেও ‘বীণ-বৰাগী, ‘কবিতা’, ‘ধনবৰ আৰু
ৰতনী’, ‘ৰতনীৰ বেজাৰ’ আদি মনোৰম
কবিতা অসমীয়া কাব্য সাহিত্যত বিৰল ৷
তেওঁৰ ‘মোৰ দেশ’ আৰু ‘অসম সঙ্গীত’ নামৰ
কবিতা দুটাৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম
সুন্দৰভাৱে প্ৰতিফলিত হৈ উঠিছে ৷
লক্ষ্মীনাথ বেজবৰুৱা আৰু কৃপাবৰ বৰুৱা
একেজন ব্যক্তিৰ এটা সত্তা হ’লেও বহু সময়ত
আমি কৃপাবৰ বৰুৱাক এটা ভিন্ন সত্তাৰ ৰূপত
আৱিষ্কাৰ কৰোঁ ৷ ইয়াৰ কাৰণ হৈছে
কৃপাবৰৰ ৰূপত থকা মুক্ত চিন্তা আৰু প্ৰকাশৰ
অদম্য সাহসিকতাই বেজবৰুৱা মূল
মানুহজনকো কেতিয়াবা অতিক্ৰম কৰি
আগবাঢ়ি গৈছিল ৷ যাৰ কাৰণেই কৃপাবৰৰ
ৰূপত থাকি তেওঁ নিজৰ সাহিত্যকো
সমালোচনা কৰাৰ সাহস দেখুৱাব
পাৰিছিল ৷ অসমীয়া সমাজ জীৱন আৰু মানুহৰ
বিভিন্ন দিশৰ নিৰ্মোহ সমালোচনা আমি
কৃপাবৰী ৰচনাৰ মাজত দেখা পাওঁ ৷
বাস্তৱিকতে ‘কৃপাবৰ বৰুৱা’ৰ ৰূপত
আত্মপ্ৰকাশ কৰা ব্যক্তিজনেই আছিল
বেজবৰুৱাৰ ভিতৰৰ প্ৰকৃত মানুহজন ৷ সেয়ে
তেওঁ কৃপাবৰ বৰুৱাৰ ৰূপতে অসমীয়া সমাজ
জীৱনৰ লগত জড়িত প্ৰত্যেক বিষয়ৰে
নিৰপেক্ষ সমালোচনা আগবঢ়াইছিল ৷ এই
সমালোচনাৰ পৰা অসমীয়া ‘কবি আৰু
কবিতা’ও বাদ পৰা নাছিল ৷ বেজবৰুৱাৰ সময়
আছিল ৰোমাণ্টিক কবিতাৰ সময় আৰু তেওঁ
নিজে আছিল ‘বাঁহী’ কাকতৰ সম্পাদক ৷ সেই
সময়ত ‘বাঁহী’ কাকতলৈ কবিতাৰ নামত অহা
ৰোমাণ্টিক পদ্যৰ অত্যাচাৰৰ প্ৰসঙ্গত তেওঁ
কৈছিল যে “লেখাৰু সকলৰ পৰা কবিতাৰ
নামত চলাব খোজা ইমান পদ্য প্ৰবন্ধ বা
অপ্ৰবন্ধ আহে যে তাক কি কম৷ পুৱা তেওঁ
তেওঁৰ ডাক মেলিলেই এবুৰি-আদবুৰি
তেনে বস্তুক তেওঁ মুলাকাত দিবলগীয়াত
পৰে৷ একো একো দিনা এনে কাৰ্য্যৰ
বঢ়াবঢ়ি ইমান হয় যে বেজাইৰ কথা হৈ
উঠেগৈ (বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়,
পৃ. ১৮৬৪)৷” বেজবৰুৱাই এই কবি আৰু কবিতাৰ
কথাকে কৃপাবৰ বৰুৱাৰ নামত তিনিখন ৰচনাৰ
মাধ্যমেৰে প্ৰকাশ কৰিছে ৷ আমাৰ
আলোচনাৰ বাবে তিনিওখন ৰচনা
বেজবৰুৱা-গ্ৰন্থাৱলীৰ দ্বিতীয় খণ্ডৰ পৰা
লোৱা হৈছে ৷
কৃপাবৰ বৰুৱাই তেওঁৰ ‘কবিতা’ (পৃ. ১২৫৩-৫৬)
নামৰ ৰচনাখনত কবি আৰু কবিতাৰ এক
ব্যঙ্গাত্মক সমালোচনা আগবঢ়াইছে ৷
প্ৰথমেই তেওঁ ভাৰতীয় কাব্য-চিন্তাৰে
‘কাব্যং ৰসাত্মকং বাক্যং অৰ্থাৎ ৰসাত্মকং
বাক্যং কাব্যং’ বুলি কৈ তেওঁৰ নিজৰ
বাক্যও ৰসেৰে পৰিপূৰ্ণ বুলি কৈছে ৷
তেওঁৰ মতে কাব্যৰ ৰস ৯টা নহয় ৷ ১৮টা ৷ মূল
৯টা ৰসৰ উপৰিও ‘পাণৰ ৰস, মাটিকাঁদুৰীৰ ৰস,
নেমুটেঙাৰ ৰস, মৌ ৰস প্ৰভৃতি অন্য ৯টা ৰস
আছে৷ বেজবৰুৱাই এই নতুন ৰসৰ উদাহৰণ দি
কৈছে “কোনো লোকৰ গাত, কোনো
সমাজৰ গাত বা কোনো জাতিৰ গাত যদি
তুমি ঘা দেখিলা, তেন্তে ততালিকে
নেমুটেঙাৰ ৰসত বিদ্ৰূপাত্মক বা ব্যঙ্গসূচক
কবিতা খৰাই তাত চটীয়াই দিব পাৰা ৷”
তেওঁৰ মতে এনে কবিতাৰ ফলত
‘ৰোগীয়ে বৰকৈ চেঙালুটি’ পাৰিব
পাৰে৷ কিন্তু “মৌ-ৰসত মাৰি সকলো ৰকমৰ
কবিতা সকলোকে সেৱন কৰাব পাৰি ৷ ই
সৰ্বঢাক ৷ বাতৰি-কাকত৷ মাহেকীয়া কাকত
যতে ততেই প্ৰাপ্তব্য ৷” অৱশ্যে মৌ
নাপালে গুৰেৰেও কাম চলাব পাৰি বুলি
কৈছে ৷ ইয়াৰ পিছতে বেজবৰুৱাই কবিৰ
প্ৰকাৰৰ কথা কৈছে৷ তেওঁৰ মতে কবি শাক
যত প্ৰকাৰৰ কবিও সিমান প্ৰকাৰৰ৷ এবিধ
বন্ধা-কবি, এবিধ ফুল-কবি আৰু আনবিধ ওল-
কবি৷ বন্ধা-কবিৰ উদাহৰণ দিবলৈ গৈ তেওঁ
বঘাসূৰ বধ, কুলাচলবধ ৰচোঁতা কবিৰ তুলনা
কৰিছে ৷ এই কবিৰ ভিতৰে পাতহে পাত,
মেৰহে মেৰ, তাৰ অন্ত নাই৷ আনহাতে
‘ফুল-কবি’ৰ “আজি এপাহি, কাইলৈ দুপাহি,
অত এপাহি তত দুপাহি, আজি এটি কবিতা,
কাইলৈ দুটি কবিতা, আজি বাতৰি কাকতত
চাৰি ফাকি, কাইলৈ মাহেকীয়া কাকতত
বাৰ ফাকি ৷ গুৰিৰ ফালে যেই কিবা নহওক
ফুলৰ ফালে ঠিকে আছে ৷ ইয়ালৈ ভাবিব
নেলাগে, চিন্তিব নেলাগে, মুঠেই
লেখিবা আৰু ছপাবা৷ বৰবৰুৱাৰ মতে ওল-
কবিৰ শ্ৰেণীৰ কবিৰ “ওপৰফালে চোৱা
যদি একোটোৱেই নাই ৷ কেৱল জুটুলা-
পুতুলা; কিন্তু তল মন কৰাঁ গোট কৰি তাৰ
লাৰুটো ৷ এই বিধৰ বিষয়ে কাকতে-পত্ৰই
এফাঁকি কবিতা লেখা দেখা নেযায়;
কিন্তু ভিতৰি তেওঁ কবিতাৰ কোঁহটো ৷ মস্ত
কবি ৷ ভইব কবি ৷ আকোঁৱালী নোপোৱা
কবি ৷” শেষত এই শ্ৰেণীৰ কবিৰ প্ৰতি
বৰবৰুৱাৰ ‘বৰ ভক্তি, বৰ প্ৰীতি’ থকাৰ কথা
কৈ আওপকীয়াকৈ তেওঁ ওল-কবিৰ দৰে
কবিৰ কবিতাৰ প্ৰশংসা কৰিছে ৷ কৃপাবৰ
বৰুৱাৰ নামত আমি তেওঁৰ ৰচনাৱলীৰ মাজত
বহুকেইটা কবিতা বিচাৰি পাওঁ ৷ এই
কবিতাসমূহ মূল কাব্যৰসৰ ভিতৰত নপৰিলেও
তেওঁ উল্লেখ কৰা ‘মাটিকাঁদুৰীৰ ৰস,
নেমুটেঙাৰ ৰস, মৌ ৰস’ৰ দৰে ৰসাল ৷ যাৰ
গাতেই সেই কবিতাৰ ৰস পৰিছিল
সেইজনেই ‘চেঙালুটি’ নপৰাকৈ থকা
নাছিল ৷ তেওঁ অসমীয়া জাতীৰ মনত
আত্মশুদ্ধিৰ ভাৱ জাগ্ৰত কৰিবলৈ বৰগীত
আৰু কীৰ্ত্তনৰ পদৰ আৰ্হিত এনে বহু কবিতা
ৰচনা কৰিছিল ৷ উদাহৰণ স্বৰূপে-
“উঠা উঠা বাপু কানীয়া হে
ৰাতি পৰভাত ভৈল ৷
উখহা-নয়ন বুলি ঘনে ঘনে
বৰ আয়ে মাতিবে লৈল ৷৷”
(বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১১৮২)৷
এনে ধৰণৰ কবিতা আৰু নতুন ৰসৰ মাধ্যমেৰে
বেজবৰুৱাই খুব সম্ভৱ কবিতাক কেৱল
আৱেগ-অনুভূতি আৰু কাব্যৰসৰ মাজতে আৱদ্ধ
নাৰাখি বাস্তৱ সমাজখনক জাগ্ৰত কৰি
তোলাৰ এক সৱল আৰু সঠিক পদক্ষেপ
হিচাপে ব্যৱহাৰ কৰাৰো ইঙ্গিত দিছিল ৷
বৰবৰুৱাই বিষয়-বস্তুৰ মাজলৈ নগৈ আপোনা
ইচ্ছাৰে নিজকে কবি হিচাপে দম্ভালি
মৰা ব্যক্তিসকলৰ কাম-কাজ দেখি নিজকে
প্ৰশ্ন কৰিছে যে, ‘আজিকালিৰ কবি
আপোনগুণে কবি হয় নে বিষয় গুণে কবি
হয়?’ সেয়ে তেওঁ কৈছে “অসমত এণ্ট্ৰেন্স
পৰীক্ষাৰ লগতে বছৰি বছৰি কবিতাৰ
পৰীক্ষা হওক ৷ ….. এই পৰীক্ষাত যি যি
উত্তীৰ্ণ হয়, তেওঁলোকক যোগ্যতানুসাৰে,
কবি-ঢেঁকী, কবি-চুঙা, কবি-টেমা…
উপাধি দি চিহ্নিত বা ছাব-মৰা কবি পতা
হওক৷ এনে উপাই অৱলম্বন নকৰিলে
ধানপুৰীয়া প্ৰকৃত কবি পাতৰ তলতে লুকাব
আৰু ফুতে-উৰা মেমেৰা কবি ভোটাতৰা
জ্বলাদি জ্বলিব ৷” শেষত বজাৰত কবি আৰু
কবিতা-পুথিৰ ব্যাপক প্ৰচাৰ দেখি তেওঁ
ক’বলৈ বাধ্য হৈছে যে “ বিশেষ সাহিত্য-
বজাৰত যদি কিবা সস্তা শাক-পাচলি আছে,
তেন্তে সি কবিতাৰ বৰবেঙেনা ৷ ভাবিব
নেলাগে, চিন্তিব নেলাগে,
শ্ৰীদামচন্দ্ৰ বৰুৱাৰ পৰা ভোকেন্দ চন্দ্ৰ
কলিতালৈকে সকলো কবিয়ে এপইচা
পেলাই দিলেই এজোকা পাবা ৷”
কৃপাবৰ বৰুৱাৰ কবিতা-চিন্তাৰ আন এক ৰচনা
হ’ল ‘বৰবৰুৱাৰ কবিতা-বেদনা’ (পৃ. ১৩৪১-৪৩)৷
গোটেই ৰচনাখন বৰবৰুৱাৰ কবিতা লিখা
আৰু এটা সপোনক কেন্দ্ৰ কৰি আগবাঢ়িছে ৷
“পুঠি, খলিহা, পোনা, দৰিকণা সকলোৱে
কবিতা লিখে৷’ সেয়ে বৰবৰুৱাইও কবিতা
লিখিবলৈ আৰম্ভ কৰিলে ৷ সেই দিনা
ফুটগধুলিৰে পৰা তেওঁ সকলোৰে সৈতে
কথা বন্ধ কৰি কবিতা ভাবিবলৈ ধৰিলে ৷
ভাবোঁতে ভাবোঁতে বৰবৰুৱাৰ জ্বৰঘামে
ঘামিলে ৷ কিন্তু কবিতা সৃষ্টি নহ’ল ৷ শেষত
ভাত-পানি খাই তেওঁ পুনৰ কবিতাৰ কথা
ভাবি চিন্তিত হ’ল, কিন্তু কবিতাৰ সলনি
তেওঁক টোপনিয়ে হেঁচা মাৰি ধৰিলে ৷
তথাপি তেওঁ টোপনি আহিবলৈ নিদি
শেষত ‘টোপনি’ৰ বিষয়তে এটা কবিতা
লিখিলে ৷ কিন্তু কবিতা লিখি থাকোঁতেই
তেওঁৰ সঁচাকৈয়ে টোপনি আহিল ৷ এবাৰ
সাৰ পাই তেওঁ চকু দুটা মোহাৰি আকৌ
‘কবিতাৰ মাকো’ চলাবলৈ ধৰিলে ৷
কবিতাৰ পিছৰ কেইশাৰীমান লিখাৰ পিছত
আকৌ বৰবৰুৱাৰ চকুত তন্দ্ৰা আহিল আৰু তেওঁ
একেবাৰে শুই পৰিল আৰু সপোন দেখিবলৈ
ধৰিলে ৷ বৰবৰুৱাৰ এই কবিতা-বেদনাৰ পৰা
এটা কথা অনুধাৱন কৰিব পাৰি যে আনে
কবিতা লিখিছে বুলিয়েই চেষ্টা কৰি,
জোৰ কৰি, আনে কবি বোলক এই ভাৱত
কবিতা লিখিব নোৱাৰি ৷ তেনেদৰে
চেষ্টাৰ মাজেৰে লিখা কবিতা বৰবৰুৱাৰ
টোপনিৰ তন্দ্ৰাত হোৱা কবিতাৰ দৰে
আগ-গুৰি নথকা কবিতাৰ সৃষ্টি হ’ব পাৰে ৷
কিন্তু প্ৰকৃত কবিতা হ’ব নোৱাৰে ৷
আনহাতে কবিতা কেৱল অচেতন মনৰ পৰাই
যে সৃষ্টি নহয়, তাৰ বাবে যে এটা সচেতন,
মুক্ত মনৰ প্ৰয়োজন সেই কথাও টোপনিৰ
মাধ্যমেৰে বুজাবৰ চেষ্টা কৰিছে যেন
লাগে ৷
কবি আৰু কবিতাৰ বিষয়ে মানুহৰ মনত প্ৰশ্নৰ
সীমা সংখ্যা নাই ৷ প্ৰকৃত কবিতা আৰু কবিৰ
পৰিচয়ক লৈও সময়ে সময়ে নানান মত-
বিৰোধ হৈ আহিছে ৷ আনহাতে বহু সময়ত
অনেক নতুন কবিৰ অত্যাধিক কবিতা
প্ৰীতিয়ে পাঠকৰ মনত অত্যাচাৰৰো সৃষ্টি
নকৰাকৈ থকা নাই ৷ এনে কিছু কথাকে
খুহুটীয়া ৰূপত বৰবৰুৱাই তেওঁৰ শিষ্য লম্বাই
শৰ্মাৰ লগত কথোপকথন ভঙ্গিত ‘কবি-
বিভ্ৰাটৰ ফুৰফুৰণি’ (পৃ. ১৪৭৮-৮১) নামৰ
ৰচনাখনত উপস্থাপন কৰিছে ৷ আৱগাৰী
দাৰোগা মৌলবী দিলৱাৰ ৱালি
ছাহাবে কবিতা লিখি আপদ ছপালে,
তাতেই কবি-বিভ্ৰাট ঘটিল ৷ এই কথা লম্বাই
শৰ্মাই আহি বৰবৰুৱাক ক’লেহি ৷ বৰবৰুৱাৰ
মতে তেওঁ এজন মাতঃবৰ কবি, ডাঙৰ কবি ৷
গতিকে তেওঁ দাৰোগা আৰু কবি হৈ থকাত
ব্যাঘাট নঘটে ৷ কিন্তু লম্বাই শৰ্মাৰ মতে
“কবিতা লেখাটো তেওঁৰ বায়ু বেমাৰৰ
নিচিনা, … বোলে লেখে লেখক, তাত
কাৰো হানি-বিঘিনি নাই ৷ কিন্তু তেওঁৰ
সেই নৰিয়া নে খোচৰা ব্যাধিটো লোকৰ
গাত তেওঁ লগাবলৈ যায় কিয়? বাটৰ
বাটৰুৱাক ধৰি তেওঁ তেওঁৰ কবিতা
শুনাবলৈ যায় কিয়? এইটো ন্যায়তঃ,
ধৰ্ম্মতঃ লোকৰ ওপৰত বলাত্কাৰ নহয় নে?”
লম্বাই আকৌ বৰবৰুৱাক কৈছে “ডাঙৰীয়াই
জানে দেখি কওঁ যে আজিকালি আমাৰ
দেশত মাহেকীয়া কাকত বঢ়াৰ লগে লগে
কবিতাৰ এপিডেমিকও বাঢ়ি আহিছে ৷
এঙে বোলে মই কবি, বেঙে বোলে মই
কবি, আৰু দেখাক দেখি চেঙেও বোলে
মই বা কবি নহম কেলৈ?” লম্বাইৰ মতে
“কিছুমান কবিৰ কবিতা Still-born হয় অৰ্থাৎ
গৰ্ভতে মৰি ওপজে ৷ কিছুমানৰ আমাৰ
কীৰ্ত্তনত লেখাৰ দৰে দ্বাৰকাত
বিপ্ৰপুত্ৰৰ নিচিনাকৈ “ভূমিক ছুইলেক মাত্ৰ
প্ৰাণ গৈল টুটি” হয় ৷ কিছুমানৰ “যথা পূৰ্ব্বং
তথা পৰং”ৰূপে সেই বিপ্ৰৰ পুত্ৰ বোৰৰ দৰে
৯ বাৰ মৰে আৰু বামুণে তাৰ বাবে কৃষ্ণক
দায়ী কৰাৰ দৰে, তেওঁলোকে সম্পাদকক
দায়ী কৰে৷” অৱশ্যে লম্বাইয়ে এইটো
নমনাকৈ থকা নাই যে “কংসই দৈৱকীৰ
পুত্ৰবোৰৰ ওপৰত কংসাগিৰি কৰাৰ দৰে
কিছুমান সম্পাদকে দুখীয়া কবিৰ কবিতাৰ
ওপৰত সম্পাদকগিৰি কৰে ৷” লম্বাইৰ
দীঘলীয়া কথা শুনাৰ পিছতে আৰু
লম্বাইয়ে ‘কবিতা লেখি লোকক ধৰি
কবিতা শুনোৱাটো এটা ৰোগ’ বুলি
কোৱাত বৰবৰুৱাই কিছু নৰমভাৱে সকলো
প্ৰশ্নৰে উত্তৰ দিছে ৷ বৰবৰুৱাৰ মতে “ৰোগ
নহয়, স্বাভাৱিক-কাণ্ড৷ ফুলগছত ফুল ফুলিলে,
গছে সেই ফুলৰ গোন্ধ নিজেও যেনেকৈ
উপভোগ কৰে, লোককো শুঙাই সুখী হয়৷
ফুলগছৰ কথাকে নকওঁ, ভেদাইলতাও তাৰ
পাতৰ ‘সৌৰভ’ তাৰ কাষেৰে-পাজেৰে
অহা যোৱা কৰাজনক নিদি নেৰে৷ ….
সেইটো স্বভাৱ কবিৰ নিজস্ব ।  … সি
তোমাৰ অনুমতি বা চিৰকতিৰ মুখলৈ চাই
বহি থাকিব নোৱাৰে ৷” বৰবৰুৱাৰ এই
ৰচনাখনত লম্বাই আৰু বৰবৰুৱাৰ মতৰ মাজত
স্ববিৰোধৰ চিন ফূটি উঠিছে ৷ এই স্ববিৰোধ
বৰবৰুৱাৰ স্বাভাৱিক আৰু ইয়াৰ মাজেৰে
বৰবৰুৱাৰ কবি আৰু কবিতাৰ প্ৰতি থকা সন্মান
আৰু শ্ৰদ্ধা ফূটি উঠিছে ৷ বৰবৰুৱাই
যেনেকৈ আগৰ ৰচনাকেইখনত অযথা,
গাম্ভীৰ্যতাহীন কবি আৰু কবিতাক আসৈ
দিয়া নাছিল ৷ তেনেকৈ কোনোবাই কবি
আৰু কবিতাৰ বিৰুদ্ধে অনাহকত আঙুলি
উঠালে বা লেই লেই চেই চেই কৰিলেও
তেওঁ হাত সাৱতি বহি থকা নাছিল ৷ তেওঁ
প্ৰয়োজন হ’লে কবিৰ সমৰ্থনতো থিয়
দিছিল ৷ সেয়ে ৰচনাখনৰ শেষত তেওঁ
কৈছে “কবি কল্কিৰ বৰ ককায়েক (Big
Brother )৷ তোমালোকে এনে কবিক
আজিকালি যে সন্মান নকৰাহঁকেই তাৰ
ওপৰত মকৰ্দমা?” বেজবৰুৱাৰ কবি আৰু
কবিতাৰ প্ৰতি আছিল অসীম শ্ৰদ্ধা ৷ সেয়ে
তেওঁ নিজকো কবিতা সৃষ্টিৰ পৰা আঁতৰাই
ৰাখিব পৰা নাছিল ৷ তেওঁৰ ‘পুথি
সমালোচনা’ বিষয়ক লেখাসমূহৰ মাজত
সমসাময়িক কবিসকলৰ বিভিন্ন কবিতা পুথিৰ
উৎকৃষ্টতম সমালোচনা আগবঢ়াইছে ৷ ভাল
কবিতাৰ প্ৰশংসাৰে তেওঁ কবিসকলক
যেনেদৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ
দিছে সেইদৰে কবিতাৰ শাৰীত নপৰা
ৰচনাবোৰক জ্বলাই দি কাঠ-সংস্কাৰ
কৰিবলৈও আদেশ নিদিয়াকৈ থকা নাই ৷
ওপৰৰ ৰচনা তিনিখনত বেজবৰুৱাই ‘কৃপাবৰ
বৰুৱাৰ’ নামত কবি আৰু কবিতাক সমালোচনা
আৰু ব্যংগৰে ঠকাসৰকা কৰিলেও
কলেজীয়া জীৱনত প্ৰেমৰ কবিতা লিখা
ভূতে যে বেজবৰুৱাকো লম্ভা নাছিল
এনে নহয় ৷ জেনেৰেল এছেমব্লি কলেজত
পঢ়ি থকাৰ সময়ত কবিতাৰ ভূতে বেজবৰুৱাক
এনেকৈ লম্ভিছিল যে তেওঁ ‘শ্ৰীৰঙ্গলাল
চট্টোপাধ্যায়’ ছদ্মনামত দুটা প্ৰেমৰ কবিতা
লিখি এখন বাংলা কাকতলৈ প্ৰেৰণ
কৰিছিল৷ কিন্তু সম্পাদকে ছপা নকৰি
পৰামৰ্শ দিছিল যে “… আপুনি নিশ্চয় স্কুল
কি কলেজৰ ছাত্ৰ ।  কবিতা লিখিবাৰ বৃথা
প্ৰয়াস পৰিত্যাগ কৰিয়া পাঠ্য পুস্তকে
মনোযোগ দিলে বাধিক হ’ব (মোৰ জীৱন
সোঁৱৰণ, পৃ. ১০১)৷’ সম্পাদকৰ চিঠি পাই
বেজবৰুৱা মৰ্মাহত হৈ কবিতা লিখা বাদ
দিলেও স্বীকাৰ কৰিবই লাগিব যে
পিছলৈ তেওঁ বহুকেইটা কবিতাই অসমীয়া
কাব্য-সাহিত্যক চহকী কৰিব পাৰিছিল ৷ এই
অভিজ্ঞতাৰেই বেজবৰুৱাই পিছত তেওঁৰ
‘বাঁহী’ কাকতলৈ অহা ডেকাল’ৰাবিলাকৰ
‘প্ৰেম কবিতা’বিলাকৰ বিষয়ত কৈছিল
“উঠি অহা ‘মন্দকবি যশঃ প্ৰাথী’
ডেকাসকলে কবিতা লিখিবলৈ হেপাহ
কৰিছে লেখক ৷… কিন্তু এনে অনেক বিষয়
আছে, যিবোৰ বিষয়ে তেওঁলোকে
লেখিবলৈ চেষ্টা কৰিলে কিছু দূৰ
কৃতকাৰ্য্য কিজানি হ’বও পাৰে৷ যেনে (১)
অসমৰ অতীত গৌৰৱ কাহিনী, (২) পৰ্ব্বত, বন,
উপত্যকা, ঝৰণা, প্ৰকৃতিৰ সৌন্দৰ্য্য, গাঁও-ভূঁই,
গাঁৱলীয়া উজু জীৱনৰ কাৰ্য্যকলাপ, সূৰ্য্যৰ
উদয়-অস্তৰ অনিৰ্ব্বচনীয় সৌন্দৰ্য্য ইত্যাদি ৷
তাকে নকৰি যদি তেওঁলোকে কাৰ আৰ্হি
লৈ কব নোৱাৰোঁ কোন গাভৰুৱে
তেওঁলোকক নঙলামুখত দেখি বেকাকৈ
চাই গ’ল, কোনে তেওঁলোকৰ জলপানত গুৰ
অকণমান পেলাই দিওঁতে মিচিকিয়াই হাঁহি
মাৰি তেওঁলোকক আধামৰা কৰি থৈ গ’ল,
এইবোৰ বখানি কবিতা বুলি পদ্য লেখি
নিজৰ সময় আৰু শক্তিৰ অপব্যয় কৰি থাকে,
তেন্তে ঠিক কৈছোঁ-ডেকা কালৰ এই
শ্ৰেণীৰ কবিতা মই কাঠ-সংস্কাৰ কৰিলোঁ
(বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৪)৷”
এজন নিৰ্ভীক, স্পষ্টবাদী সমালোচক
হিচাপে বেজবৰুৱাই ‘কৃপাবৰ বৰুৱা’ৰ
ছদ্মনামত কবি আৰু কবিতাৰ বিষয়ে যি কথা
উল্লেখ কৰিছে সেই সকলো কথা সময়ৰ
লেখেৰে আজি বহু বছৰ পাৰ কৰিলে ৷
কিন্তু আজিও প্ৰতি শাৰী কথাই যেন
আখৰে আখৰে প্ৰাসঙ্গিক হৈ আছে ৷
এইয়াই আছিল বেজবৰুৱাৰ সাহিত্যিক
দূৰদৰ্শিতা ৷ বেজবৰুৱাই সদায় বাস্তৱ
সমাজখনক সংস্কাৰ কৰাৰ মানসেৰেই হাতত
কলম তুলি লৈছিল ৷ নিজৰ সকলো সৃষ্টি ঘঁহি-
মাজি ঠিক কৰিবলৈ সময় নাপালেও
সাহিত্যৰ সকলো দিশৰ ক্ষেত্ৰত তেওঁৰ
আছিল অগাধ অধ্যয়ন ৷ সেয়ে তেওঁ নিজে
ভাল কবি নহ’লেও কবিতাৰ সমালোচনা
কৰা প্ৰসঙ্গত স্পষ্টভাৱে ক’ব পাৰিছিল
“লেখিব নেজানিলেও কবিতাৰ সোৱাদ
পোৱাৰ ক্ষমতাফেৰি অলপ অচৰপ মোৰ গাত
আছে বুলি স্বীকাৰ কৰিবলৈ মোৰ সাহ
আছে (বেজবৰুৱা-গ্ৰন্থাৱলী, পৃ. ১৮৬৪)৷
সাহিত্যৰ ক্ষেত্ৰত থকা এই স্পষ্টবাদিতা,
দক্ষতা আৰু নিৰ্ভীকতাই বেজবৰুৱাক
অদ্বিতীয় ৰূপত অসমীয়া সাহিত্যৰ
‘সাহিত্যৰথী’ হিচাপে সৰ্বকালৰ বাবে
সাহিত্যৰ সু-উচ্চ কলচীত অধিস্থিত কৰি
ৰাখিছে৷ এতিয়া আমাৰ কাম মাথো সেই
কলচীটোৰ মান ৰক্ষা কৰি তেওঁৰ চিন্তা-
চেতনাৰ বাটেৰে নিজক আগবঢ়াই নিয়া ৷

প্ৰসঙ্গ পুথি :
(১) বেজবৰুৱা, লক্ষ্মীনাথ (২০০৫), মোৰ
জীৱন সোঁৱৰণ, বাণী মন্দিৰ, হেদায়েৎপুৰ,
গুৱাহাটী-৩
(২) হাজৰিকা, অতুল চন্দ্ৰ (সম্পা) (১৯৭০),
বেজবৰুৱাৰ গ্ৰন্থাৱলী (দ্বিতীয় খণ্ড),
সাহিত্য প্ৰকাশ, গুৱাহাটী-৩