এন আৰ চি ১৬০০ কৌটি ব্যয়ৰ তদন্ত ইডিক দিয়াৰ দাবী পাব্লিক

 এন আৰ চি  ১৬০০ কৌটি ব্যয়ৰ তদন্ত ইডিক দিয়াৰ দাবী পাব্লিক
দাখিল কৰিব আছাম পাব্লিক ৱৰ্কচে। এন আৰ চিৰ মূল আবেদনকাৰী এই বেচৰকাৰী সংস্থাটোৱে পৰৱৰ্তী সময়ত এন আৰ চি উন্নীতকৰণত ব্যৱহৃত ছফ্টৱেৰৰ আশ্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্রতিষ্ঠানৰ দ্বাৰা মান পৰীক্ষাৰ কাৰণে আন এক আবেদন দাখিল কৰিব সৰ্বোচ্চ ন্যায়ালয়ত। আজি দিল্লীৰ প্ৰেছ ক্লাবত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে আছাম পাব্লিক ৱৰ্কছে। সংস্থাটোৰ মুৰববী অভিজিত শৰ্মাই যোৱা ৩১ আগষ্টত প্রকাশ পোৱা এন আৰ চিত ৮০ হেজাৰতকৈও অধিক অবৈধ লোকৰ নাম
অন্তৰ্ভুক্ত হোৱাৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি সংবাদমেলত কয় যে আছাম পাব্লিক ৱৰ্কছে পূৰ্বতেও এন আৰ চিৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। কিন্তু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই ন্যায়ালয়ত দাখিল কৰা তথ্যৰ আধাৰত সৰ্বোচ্চ ন্যায়ালয়ে তেওঁলোকৰ আবেদনত গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে এতিয়া এন আৰ চি প্রকাশ পোৱাৰ পিচত উক্ত এন আৰ চিত ৮০ হেজাৰতকৈও অধিক অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য তেওঁলোকে লাভ কৰিছে আৰু কাইলৈ দাখিল কৰিবলগা আবেদনত ইয়াৰে ৩৫ জন লোকৰ উদাহৰণ তেওঁলোকে দাখিল কৰিব। তদুপৰি এন আৰ চি উন্নীতকৰণত যি ছফ্টৱেৰ বাৱহাৰ কৰা হৈছে সেই ছফুটৱেৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংস্থাৰ দ্বাৰা মান পৰীক্ষা হোৱা উচিত বুলি দাবী জনাই তেওঁ কয় যে এই সন্দৰ্ভত তেওঁলোকে আন এখন আবেদন পৃথকে উচ্চতম ন্যায়ালয়ত দাখিল কৰিব। তেওঁ কয় যে অসমৰ এন আৰ চিত অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা কাৰ্যই এন আৰ চিত থকা আসোঁৱাহৰ কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে আৰু এনে লোক যদি ভৱিষ্যতে কোনো কৃটাঘাতত জড়িত হয় তেন্তে তাৰ বাবে কোন জগৰীয়া হ’ব বুলি তেওঁ প্রশ্ন কৰে। তেওঁ কয় যে এন আৰ চিত এনেদৰে অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা কাৰ্যই দেশৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।  অসমত জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিচত এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিব লাগিছিল বুলি উল্লেখ কৰি তেওঁ এন আৰ চিত যদি জেহাদীৰ নাম অন্তৰ্ভুক্ত হয় তেন্তে ইয়াৰ বাবে কোন দায়ী হ'ব বুলি প্ৰশ্ন কৰে। মুঠৰ ওপৰত অসমত প্রস্তুত হোৱা এন আৰ চি অসমৰ জনসাধাৰণৰ আশানুৰূপ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশাৰে তেওঁলোকৰ সংস্থাই ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে। ইফালে এই এন আৰ চিৰ বাবে ব্যয় হোৱা ১,৬০০ কোটি টকাৰ হিচাপ পৰীক্ষা কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ই ডি বা বিধি বলৱত্কাৰী সঞ্চালকালয়ক প্ৰদান কৰাৰ কাৰণে তেওঁ দাবী জনায়। তেওঁ কয় যে অসম চুক্তিৰ দ্বাৰা নাগৰিকত্ব লাভ কৰা একাংশ লোকক এন আৰ চি প্ৰস্তুতিৰ দায়িত্ব প্রদান কৰাৰ পিচত মাথোঁ কেইলাখমান বিদেশী চিনাক্ত হোৱা এই এন আৰ চিৰ কাৰণে ১,৬০০ কোটি টকা ক’ত, কেনেকৈ ব্যয় হ’ল তাৰ হিচাপ পৰীক্ষা হোৱাটো অত্যন্ত জবৰী। সেয়ে কেন্দ্ৰীয় চৰকাৰে ই ডিক এই দায়িত্ব প্রদান কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে এন আৰ চিত জেহাদীৰ নাম কেনেবাকৈ অন্তৰ্ভুক্ত হৈছে নেকি সেই সম্পৰ্কে নিয়াক আৰু সামগ্ৰিকভাৱে এন আৰ চিৰ সমগ্ৰ প্রক্ৰিয়াৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে চি বি আইক অৰ্পণ কৰিব লাগে বুলি দাবী কৰে। ইফালে সংবাদমেলত উপস্থিত থকা৷ আছাম পারিক ৱৰ্কছৰ উপদেষ্টা বিতু তালুকদাৰ আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে এন আৰ চিৰ বিসংগতিৰ বাবে বাৱহাৰ কৰা চফ্টৱেৰ মূলতঃ জগৰীয়া কৰি এইক্ষেত্ৰত আই টি বা তথ্য প্রযুক্তিৰ অভিজ্ঞ বাক্তি বা সংস্থাৰ দ্বাৰা এই পৰীক্ষা চফ্টৱেৰ  কৰাৰ কাৰণে দাবী জনায়।

No comments:

Post a Comment