মাধৱ কন্দলী (প্ৰাক শংকৰী যুগ)

অসমীয়া সাহিত্য আকাশৰ সুবিমল
শশধৰ
মাধৱ কন্দলীক অসমীয়া সাহিত্যৰ
আদি কবি বুলি ধৰিব পৰা যায়।
তেওঁৰ
পূৰ্বে আমাৰ সাহিত্যত ৰুদ্ৰ
কন্দলী আৰু
হেমচন্দ্ৰ আদি যি দুই-চাৰিজন
কবিৰ নাম
পোৱা যায়, মাধৱ কন্দলীৰ লগত
তেওঁবিলাকৰ
কোনো প্ৰকাৰে তুলনা নহয়।
যেতিয়া অসমীয়া সাহিত্যৰ
অৱস্থা নিচেই কুমলীয়া,
যেতিয়া অসমীয়া ভাষাই ঠুনুক-
ঠানাক
মাতেৰে গাঁৱলীয়া গীত মাথোন
গাবলৈ শিকিছিল,
যেতিয়া আৰ্য্যবিলাকৰ শিক্ষা-
দীক্ষা সকলো সংস্কৃত সাহিত্যত
আবদ্ধ
আছিল আৰু যেতিয়া কেৱল দুজন-এজন
সাহিয়াল ব্ৰাহ্মণ পণ্ডিতে তলৰ
শ্ৰেণীৰ মানুহৰ মাজত
আৰ্যশিক্ষা প্ৰচাৰৰ উদ্দেশ্যে
দুখন এখন সৰু
পুথি অসমীয়া ভাষাত লেখিছিল,
তেতিয়া এইজন মহাপুৰুষে,
অসমীয়া জাতিৰ ভিতৰত আবিৰ্ভুত
হৈ,
বাল্মীকিৰ গোটেইখন ৰামায়ণ
অতি সুললিত অসমীয়া পদ্যত
লিখি অসমীয়া মানুহৰ হাতত দিলে।
এইজন মহা কবিয়ে অসমীয়া ভাষাক
যি সাঁচত লেখিলে সেই সাঁচেই
প্ৰায়
আজিলৈকে চলি আহিছে।
অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগত
মহাপুৰুষ
শঙ্কৰদেৱকে আদি কৰি যিসকল
প্ৰধান
প্ৰধান কবিয়ে জন্ম গ্ৰহণ কৰিছিল,
তেওঁবিলাকৰ অনেকৰ আদৰ্শ মাধৱ
কন্দলীয়েই আছিল।
সঁচা কথা কবলৈ গলে, মাধৱ কন্দলীৰ
পবিত্ৰ আদৰ্শ আগত লৈয়ে তেওঁৰ
পৰৱৰ্তী কবিসকলে এই দেশৰ দেশীয়
সাহিত্যক চহকী কৰে আৰু মানুহৰ
মনত
ধৰ্ম্মভাৱ জাগৰিত কৰে।
শঙ্কৰদেৱে তেওঁৰ আৰ্হি লৈয়ে
যে পদ
লিখিবলৈ ধৰে, তাক তেওঁ
উত্তৰাকাণ্ডৰ ৩২১ পদত এইদৰে
উল্লেখ
কৰিছে :
পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী
আদি
পদে বিৰচিলা পদ কথা।
হাতীৰ দেখিয়া লাদ, শশা যেন
ফাৰে মাৰ্গ
মোৰ ভৈল তেহ্নয় অৱস্থা।
৩২১
মাধৱদেৱৰো যে তেওঁ আদৰ্শ আছিল,
তাক মাধৱদেৱৰ তলত
দিয়া পদকেইফাঁকিৰপৰাই
ভালকৈ বুজিব পাৰি।
মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ডৰ পদ
কৰোঁতে লিখিছে-
ৰামৰ চৰিত্ৰ বিৰচি আছন্ত
মহা মহা কবিজনে।
তাসম্বাক দেখি পদ কৰিবাৰ সাধ
ভৈল
মোৰ মনে।
প্ৰমত্ত হস্তীক সিংহে বিমৰ্দ্দয়,
আপোনাৰ বলে ৰাগী।
দেখি আতিশয়, ক্ষুদ্ৰ মূষকৰ
শ্ৰদ্ধা হোৱে তাক লাগি।।
সিংহ মুষকৰ, যতেক অন্তৰ,
মোৰো সেহি পটন্তৰ।
ইটো মোৰ দোষ, ক্ষেমিবে উচিত,
তুমি সব মহন্তৰ।
৭২৬
ইয়াত মাধৱদেৱে স্পষ্টকৈ মাধৱ
কন্দলীৰ
নাম উল্লেখ নকৰিলেও, তেওঁ
যে শঙ্কৰদেৱেৰ দৰে মাধৱ কন্দলীৰ
আৰ্হিকে স্বীকাৰ কৰিছে তাক
সহজে বুজিব পাৰি। ইয়াত বাজেও
অনন্ত
কন্দলীয়েও যে মাধৱ
কন্দলীয়ে কৰা ৰামায়ণ পঢ়িয়েই
অসমীয়া ৰামায়ণ লিখিবলৈ হাতত হয়,
তাক তেওঁ অযোধ্যা কাণ্ডৰ ১৩ নং
পদত
এইদৰে লিখিছে –
মাধৱ কন্দলী বিৰচিলা ৰামায়ণ
তাক দেখি আমাৰ আকুল বৰ মন।
এইদৰে বহুত লিখকৰ লিখাৰপৰা পদ
তুলি দেখুৱাব
পাৰি যে তেওঁবিলাকে
একবাক্যে মাধৱ
কন্দলীৰ প্ৰাধান্য স্বীকাৰ
কৰিছে।
বাস্তৱিক পক্ষেও ইংৰাজী
সাহিত্যত
মহাকবি চছাৰৰ (Chaucer) যি স্থান,
অসমীয়া সাহিত্যত মাধৱ
কন্দলীৰো সেই স্থানেই। মাধৱ
কন্দলী কিমান উদাৰ মনৰ লোক আছিল
তাক এইটো কথাৰপৰাই ভালকৈ বুজিব
পাৰি, তেওঁ এজন অগাধ সংস্কৃত
পণ্ডিত
হৈয়ো ৰামায়ণৰ নিচিনা এখন বিৰাট
গ্ৰন্থৰ অনুবাদ কৰা গুৰুভাৰ কিয়
ললে।
তেওঁ লংকাকাণ্ডৰ এঠাইত সেই
বিষয়ে এইদৰে কৈছে-
শ্লোক সংস্কৃতত আমি গঢ়িবাক
পাৰিচয়
কৰিলোহো সৰ্ব্বজন বোধে।
তেওঁৰ জ্ঞানৰ যি সোৱাদ পাইছিল,
তাক সকলোকে ভালকৈ বুজাই
দিবলৈ,
সৰ্ব্বজনৰ মাজত তাক বিলাই দিবলৈ,
তেওঁ ব্যাকুল হৈ উঠিছিল।
মহাপুৰুষ
বিলাকৰ স্বভাৱ এনেই।
অনন্ত কন্দলীয়েও ঠিক এই
কথাকে আবৃত্তি কৰি লিখিছে
যদিও
মাধৱ কন্দলীৰ অনেক বছৰৰ পাছত-
শ্লোকে সংস্কৃতে আমি,
লিখিবাক
ভাল জানি
তথাপি কৰিছো পদবন্ধে।
স্ত্ৰীশূদ্ৰ আদি যত, জানোক পৰম
তত্ত্ব
শ্ৰবণত মিলয় আনন্দ।
মাধৱ কন্দলী অসমীয়া সাহিত্যৰ
প্ৰাক
বৈষ্ণৱ যুগৰ কবি হ’লেও তেওঁৰ
লিখাৰ
অনেক ঠাইত শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্মৰ
আৰু
ভগৱতী নাম ধৰ্ম্মৰ
প্ৰশংসা দেখিবলৈ পোৱা যায়।
পৰৱৰ্ত্তী যুগত ধৰ্ম্ম
প্ৰচাৰকসকলে তাক
আৰু বহলাই লোক সমাজত
বেছিকৈ প্ৰচাৰ কৰিলে মাথোন।
মাধৱ কন্দলীয়ে সুন্দৰাকাণ্ডৰ
এঠাইত
ভাগৱতৰ শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম
সন্বন্ধে এইদৰে কৈছে –
শ্ৰীৰামচৰণ সেৱাৰ দেখা বল।
জানি ভজা ৰাঘৱৰ চৰণ কমল।।
পৰম যতনে নিতে সন্তৰ সঙ্গত।
শ্ৰৱণ-কীৰ্ত্তন মাত্ৰ কৰিয়ো সতত।
এতেকে সংসাৰ তাপ তৰিবাহা
সুখে।
পলাউক পাতক ৰাম ৰাম বল মুখে।
তেওঁ লিখা ‘দেৱজিত’ কাব্যৰ
অনেক
ঠাইতো নাম ধৰ্ম্মৰ প্ৰতি মানুহক
উদগোৱা দেখিবলৈ পোৱা যায়।
মাধৱ
কন্দলীয়ে লিখা আমি কেৱল দুখন
গ্ৰন্থহে দেখিছোঁ- সাতকাণ্ড
ৰামায়ণ
আৰু দেৱজিৎ কাব্য। দেৱজিত
প্ৰকাশ
হৈছে, কিন্তু তেওঁ লিখা
সাতকাণ্ড
ৰামায়ণ একেলগে প্ৰকাশিত
হৈ ওলোৱা নাই, ই কম আক্ষেপৰ
কথা নহয়। আমাৰ দেশত অনেক সাহিত্য
সভাৰ আবিৰ্ভাৱ হৈছে।
সেইবিলাকৰ
কোনো সভাই এই
কামটো সমাধা কৰে হলে জাতীয়
সাহিত্যৰ এটা মহৎ উপকাৰ
কৰা হ’লহেঁতেন।
মাধৱ কন্দলীৰ বংশ
সম্বন্ধে আমি এতিয়াও
কোনো কথাকে জানিব পৰা নাই।
তেওঁ নিজৰ লিখাত ক’তো
আত্মপৰিচয়
দিয়া নাই। আহোম
ৰজাবিলাকে যেতিয়া আহোম
কটকী গুচাই ১৪ ঘৰ বামুণ কটকী লয়,
সেই
কেইঘৰৰ ভিতৰত এঘৰৰ নাম আছিল ‘মাধৱ
কন্দলীৰ ঘৰ’। সম্ভৱতঃ এইটোকে
সূত্ৰ
ধৰি অনুসন্ধান
কৰিলে আমি মাধৱকন্দলীৰ বংশ
সম্বন্ধে কোনো কথা জানিব
পাৰিমহঁক।
আমাৰ দেশৰ শিক্ষিত
ডেকাসকলে এইবোৰ অনুসন্ধান হাতত
ল’লে বৰ সুখৰ কথা হব।
তেওঁ নিজৰ বিষয়ে ৰামায়ণৰ
লংকাকাণ্ডত এইখিনি কথা মাথোন
লিখিছে-
কবিৰাজ কন্দলী যে,
আমাকেসে বুলি কয়
মাধৱ কন্দলী আৰো নাম।
সপোনে সচিতে মঞি, জ্ঞান কায়
বাক্য মনে,
অহৰ্নিশে চিন্তো ৰাম ৰাম।
শ্লোক সংস্কৃতত আমি, গঢ়িবাক
পাৰিচয়,
কৰিলোহো সৰ্ব্বজন বোধে।
ৰামায়ণ সুপৱাৰ শ্ৰীমহা মাণিক্য
যে,
বৰাহী ৰজাৰ অনুৰোধে।
সাতকাণ্ড ৰামায়ণ,
পদবন্ধে নিবন্ধিলো,
লম্ভা পৰিহৰি সাৰোদ্ধৃত।
মহা মাণিক্যৰ বোলে, কাব্য ৰস
কিছো দিলো,
দুগ্ধ মথনত যেন ঘৃত।
ইয়াৰপৰা ইমানকে জানিবপৰা গল
যে তেওঁৰ আৰু এটা নাম কবিৰাজ
কন্দলীও আছিল আৰু তেওঁ
সাতকাণ্ড
ৰামায়ণ বৰাহী ৰজা মহামাণিক্যৰ
অনুৰোধত লিখে। এতিয়া, এই
বৰাহীৰজা মহামাণিক্য কোন আৰু
কেতিয়াৰ লোক আছিল তাক জানিব
পাৰিলেই মাধৱ কন্দলীৰ কাল
সম্বন্ধে আমি এটা মত স্থিৰ কৰিব
পাৰোঁ। মহামাণিক্য যে এজন
বৰাহীবিলাকৰ ৰজা আছিল তাক মাধৱ
কন্দলীৰ কথাৰপৰাই জনা গৈছে। এই
দেশলৈ আহোমবিলাক অহাৰ
আগেয়ে উজনিত ছুটীয়া, মৰাণ আৰু
বৰাহী এই তিনিটা জাতিয়ে
ৰাজত্ব
কৰাৰ প্ৰমাণ পোৱা যায়।
অৱশ্যে তেওঁবিলাকৰ ৰাজত্বৰ
সীমা নিৰাকৰণ কৰা নিচেই সহজ নহয়।
১১৫০ শকত চুকাফা ৰজাই অসমত প্ৰৱেশ
কৰে আৰু ১১৬৪ শকত মটকৰ বদৌবা আৰু
বৰাহীৰ থাকুম্থা ৰজাৰ
সৈতে মিত্ৰতা কৰি মিলেৰে
লাহে লাহে সিহঁতৰ
দেশ তলতীয়া কৰি লয়।
আহোমবিলাকে এৰি থৈ যোৱা
বুৰঞ্জীৰপৰা দেখা যায়,
বৰাহী জাতিটো মদাহীৰ
দৰে কছাৰী জাতিৰে এটা ঠেঙুলি
মাথোন।
বৰাহী জাতিৰ আদি বিৱৰণ
বুৰঞ্জীত
এনেদৰে পোৱা যায়।
প্ৰথমতে বীৰহাঁস নামেৰে এজন
পৰাক্ৰমী ৰজা আছিল। বীৰহাঁসে
এদিন
সপোনত দেখিলে যে এজন
সন্ন্যাসী আহি তেওঁক কলে, ‘তোৰ
দেশত যাৰ ঘৰত বাজনাসকল (আপুনি)
বাজে, তাত হন্তে সুখ মিলিব।’
বীৰহাঁস
ৰজাই পাত্ৰ-মন্ত্ৰীৰে আলচ কৰি
দেশৰ
সকলো মানুহৰ
ঘৰে ঘৰে বাজনা থোৱালে।
বীৰহাঁস
ৰজাৰ এটা শুকুলা হাতী আৰু এযোৰ
দেওকুকুৰা আছিল। শুকুলা হাতী,
দেও-
কুকুৰা আৰু বাজনা লগত
লৈ ঘৰে ঘৰে ৰজাৰ মানুহ
ফুৰিবলৈ ধৰিলে।
এইদৰে গৈ এজনী দেওধনীৰ ঘৰ পালত
বাজনাবিলাক আপুনি বাজি উঠিল,
দেও কুকুৰায়ো ডাক দিলে। ৰজাৰ
মানুহে গৈ সেই কথা বীৰহাঁস
ৰজাক
জনালেগৈ। দেওধনীজনী জাতত
কছাৰী আছিল। ৰজা ঘৰৰ মানুহে
সিহঁতক
ৰখীয়া দি থোৱাত কিবা দায়
লাগিছে বুলি, দেওধনী আৰু তাইৰ
গিৰিয়েক দুয়ো ৰখীয়া মানুহক মদ-
ভাত
খুৱাই শুৱাই থৈ ৰাতি পলাই
হাবখোলোং পৰ্ব্বতলৈ গল। সিহঁতৰ
এটা ল’ৰা আছিল।
তাকো লগতে লৈ গ’ল। যাওঁতে বাটত
ভাগৰ লাগিলত, এজোপা বৰগছৰ তলত
জিৰাবলৈ বহিল। দেওধনীৰ বৰ পিয়াহ
লাগিলত জুৰিত পানী খাবলৈ গল
আৰু
ল’ৰাটি গিৰীয়েকৰ কোলাত দি গ’ল।
যাওঁতে বাটত ভাগৰ লাগিলত,
এজোপা বৰগছৰ তলত জিৰাবলৈ বহিল।
দেওধনীৰ বৰ পিয়াহ লাগিলত জুৰিত
পানী খাবলৈ গ’ল আৰু
ল’ৰাটি গিৰীয়েকৰ কোলাত দি গ’ল।
তাই ঘূৰি আহি গিৰীয়েকক
নেদেখিলে,
দেখিলে ল’ৰাটি মাটিতে শুই
আছে।
তাই একো উপায় নেদেখি গছৰ
তলতে থাকিল।
পাছদিনা পুৱা কছাৰণীক ঘৰত
নেদেখি সেই কথা ৰজাক জনালেগৈ।
ৰজাই দেওধনী আৰু তাইৰ ল’ৰাক
বাদ্যভণ্ড
লৈ আগৰদৰে বিচাৰিবলৈ কলে। ৰজাৰ
মানুহে সেইদৰে বিচাৰি বিচাৰি
বৰগছৰ
তলত দেওধনী আৰু তাইৰ ল’ৰাটিক
পালেগৈ। শুকুলা হাতীত
তুলি ল’ৰাটি লৈ গৈ ৰজাক
দিলেগৈ।
ৰজায়ো মান সৎকাৰ কৰি আগবঢ়াই
নিলেহি, আৰু নিজৰ পুত্ৰৰ
নিচিনাকৈ অতি যতনেৰে তুলি
তালি ডাঙৰ
কৰিলে। ল’ৰাটি ডাঙৰ হলত বীৰহাঁস
ৰজাই তেওঁৰ জীয়েকক সেই
ল’ৰাতে বিয়া দিলে আৰু
বিচাৰপতি ফা নাম দি নিজ দেশত
ৰজা পাতি সিংহাসনত বহুৱালে
আৰু
নিজে তেওঁৰ মন্ত্ৰী হৈ থাকিল।
তেতিয়াৰেপৰা এই নিয়ম হ’ল
যে বীৰহাঁসৰ বংশৰ মানুহ মন্ত্ৰী
হ’ব আৰু
বিচাৰপতি ফাৰ বংশৰ মানুহ ৰজা হ’ব।
বিচাৰপতি ফা বৰ বুদ্ধিমান আৰু
পৰাক্ৰমী ৰজা আছিল। তেওঁৰ এক
পুত্ৰ হ’ল
আৰু তেওঁৰ নাম থলে
বিক্ৰমাদিত্য ফা।
বিক্ৰমাদিত্যৰ বাপেক মৰিলত
ৰজা হৈ নামচাঙৰ বৰহাটলৈকে
তেওঁৰ
ৰাজ্যৰ সীমা বহলাই বহুত
দিনলৈকে ৰাজ্য ভোগ কৰিলে।
তেওঁ
সোণৰ দশভূজা মূৰ্ত্তি কৰি
দেৱালয়ত
থাপি, সোণাপুৰত নগৰ পাতিলে। এই
নগৰ সদিয়াৰ উজনিত এতিয়াও
আছে বুলি শুনা যায়। তেৱেঁই
সোণৰ
বাণেশ্বৰৰ মূৰ্ত্তি কৰি বাণপুৰ
নগৰ
পাতি তাত থাপনা কৰিলে।
বিক্ৰমাদিত্যৰ কালক্ৰমত এক ল’ৰা
হয়,
তেওঁৰ নাম থলে মহামাণিক্য ফা।
বিক্ৰমাদিত্যই মহামাণিক্যক
সোণাপুৰত
ৰাখি লক্ষ্মীন্দ্ৰপুৰত (?) ৰজা
হলহি আৰু
তাতে তেওঁ স্বৰ্গী হল। তেওঁৰ
মৃত্যুৰ
পাছত মহামাণিক্য ফাই তেওঁৰ
পুতেক
মাণিক্য ফাক লক্ষ্মীন্দ্ৰপুৰত
ৰজা পাতি থৈ, পাটহেড়ম্বত
ৰজা হ’লহি। এই পাটহেড়ম্বই আজি-
কালিৰ ডিমাপুৰ। এই
বুৰঞ্জীমতে বৰাহী ৰজাসকলৰ
পুৰুষনামা এই –
বিচাৰপতি ফা -> বিক্ৰমাদিত্য
ফা ->
মহামাণিক্য ফা -> মাণিক ফা ->
লাৰ
ফা -> খোড়া ফা -> দেড়চোং ফা
এই দেড়চোং ফাকে গেইট
চাহাবে তেওঁৰ History of Assam-ত
দেতচং বুলি লিখিছে।
চুহুংমুং বা দিহিঙীয়া ৰজাৰ
দিনত
মৰঙিত আহোম কছাৰীৰ যি যুঁজ হয়
সেই
যুঁজত
কছাৰী হাৰি খাচপুৰলৈ ভাগি গ’ল,
আৰু
কাজলি মুখলৈকে আহোমৰ ৰাজত্ব
হ’ল।
এই যুদ্ধৰ সময়ত কছাৰীৰ
ৰজা দেড়চোং ফা বা দেত
চোং আছিল। দিহিঙীয়া ৰজা ১৪১৯
শকত ৰাজপাটত উঠে।
তেনেহলে দেড়চোং ফাও সেইসময়ৰ
ৰজা হ’ব।
তেনেহলে মহামাণিক্য
দেড়চোং ফাৰ পৰা পাঁচপুৰুষ। এক
পুৰুষত
ত্ৰিশ বছৰ ধৰিলেও মহামাণিক্য
দেড়চোং ফাৰপৰা ১৫০ বছৰৰ আগৰ হব।
তেনেহলে মহামাণিক্যৰ
আনুমানিক
কাল প্ৰায় ১৪১৯-১৫০০ অৰ্থাৎ ১২৬৯
শক।
মহামাণিক্যৰ অনুৰোধত যেতিয়া
মাধৱ
কন্দলীয়ে ৰামায়ণ
লেখিছে বুলি কৈছে তেতিয়া
তেওঁও
সেই সময়ৰে অৰ্থাৎ ১২৬৯ শকৰ লোক
আছিল বুলি অনুমান কৰিলে বেছি
ভুল
কৰা নহব। এতিয়া তেওঁৰ ঘৰ ক’ত আছিল
তাক আমাৰ শিক্ষিত
ডেকাসকলে অনুসন্ধান কৰি প্ৰকাশ
কৰিলে এটা বৰ ডাঙৰ কাম কৰা হব।
___________________________
‘বাঁহী’ আলোচনীত প্ৰকাশিত

হেম সৰস্বতী (প্ৰাক শংকৰী যুগ)

প্ৰহ্লাদ চৰিত আৰু হৰ-গৌৰী
সংবাদ নামৰ দুখন কাব্য
পুথি ৰচনা কৰা হেম
সৰস্বতীয়ে কমতাধপিতি দুৰ্লভনাৰ
পৃষ্ঠপোষকতা লাভ কৰিছিল। এওঁৰ
সময়সীমা সম্পৰ্কে সাহিত্যৰ
বুৰঞ্জীকাৰসকলৰ মজত মতভেদ
থকা পৰিলক্ষিত হয়।
খেনোৱে এওঁক ত্ৰয়োদশ শতিকাৰ
শেষ নাইবা চতুৰ্দশশতিকাৰ
প্ৰথমাৰ্ধ (কালিৰাম মেধি ড০
সত্যেন্দ্ৰ নাথ শৰ্মা),
খেনোৱে চৈধ্য শতিকাৰ মাজভাগৰ
(কনকলাল বৰুৱা, দেৱানন্দ
ভঁৰালি আদি) বুলি ঠাৱৰ কৰিব
বিচাৰে। কবিৰ দুয়োখন
কাব্যতে অৱশ্যে নিজৰ পৰিচয়
সম্পৰ্কে ভিন্ন মত প্ৰকাশ
পাইছে। প্ৰহ্লাদ চৰিতত উল্লেখ
থকা মতে-
কমতামণ্ডল দুৰ্লভনাৰায়ণ নপৃবৰ
অনপুাম।
তাহান ৰাজ্যত
ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম।।
তাহান তনয় হেম সৰস্বতী ধ্ৰৱৰ
অনুজ ভাই।
পদবন্ধে তেহো প্ৰচাৰ
কৰিলা বামণ পুৰাণ চাই।।
ইয়াৰ মতে হেম
সৰস্বতী দুৰ্লভনাৰায়ণৰ ৰাজ্য
কমতাপুৰত থকা ৰুদ্ৰ সৰস্বতীৰ
কন্যা দেৱযানীৰ পুত্ৰ আৰু ধ্ৰৱৰ
অনুজ ভাই। সেই হিচাপে ৰুদ্ৰ
সৰস্বতী এওঁৰ ককাক। কিন্তু হৰ-
গৌৰী সম্বাদত
কবিয়ে নিজে উল্লেখ কৰিছে।
ভপূ দুৰ্লভনাৰায়ণ
পাত্ৰপশুপতিসুত
সৰ্ব্বশাস্ত্ৰে পণ্ডিত সুজান।
তাহাৰ তনয় চাৰি ধনঞ্জয়
আদি কৰি ধ্ৰৱ ভৈল কুলত প্ৰধান।
অপৰ হেমনত কবি হৰগৌৰী পদ
সেৱি হেম সৰস্বতী ভৈল নাম।।
এই কবিতা ফাঁকিত
কবিয়ে কৈছে যে পশুপতি পাত্ৰৰ
নাতি চাৰিজন, ধ্ৰৱ তাৰে প্ৰধান
আৰু হেম সৰস্বতীৰ আন এটা নাম
হেমন্ত। দুয়োখন কাব্যৰ
কবি পৰিচয় ফঁহিয়াই
চালে দেখা যায় যে ৰুদ্ৰ
সৰস্বতী আৰু পশুপতি সুতৰ
অৱস্থান সম। সেই বিচাৰত হেম
সৰস্বতীক ৰুদ্ৰ
সৰস্বতী বা পশুপতি পুত্ৰৰ পুত্ৰ
বুলি ধৰি লোৱাত
আপত্তি নাথাকে। মহেশ্বৰ
নেওগে হৰিবৰ বিপ্ৰতকৈ এক পুৰুষৰ
পাছৰ বুলি ক’ব খোজে যদিও আন
পণ্ডিতসকলে এওঁক প্ৰাক্-
শংকৰী যুগৰ আটাইতকৈ প্ৰাচীন
কবি বুলি ক’ব খোজে।
হেম সৰস্বতীয়ে লিখা ‘এশ
চৰণযুক্ত’ সৰু পুথি প্ৰহ্লাদ
চৰিত্ৰ (প্ৰহ্ৰাদ চৰিত্ৰ)
অসমীয়া সাহিত্যৰ এখন
আপুৰুগীয়া গ্ৰন্থ।
অধুনালুপ্ত বামন পুৰাণৰ আধাৰত
এই কাব্যখন কবিজনাই ৰচনা কৰিছিল।
হিৰণ্যকশিপু আৰু ভক্ত প্ৰহ্লাদৰ
তৰ্ক-বিতৰ্কৰ পৰা আৰম্ভ
কৰি হিৰণ্যকশিপু
বধলৈকে বৰ্ণনা থকা এই কাব্যখনত
ঘটনা আৰু পৰিস্থিতিৰ সৰল আৰু
সহজবোধ্য বিৱৰণ আছে; কিন্তু সূ-
কলাবোধ, সুদূৰ প্ৰসাৰী কল্পনা,
চিত্তাকৰ্ষক বৰ্ণনা, ছন্দৰ
ব্যাপকতা ইয়াত প্ৰকাশ
পোৱা নাই। ভাষা আৰু ৰচনাশৈলীও
বৰ উচ্চ খাপৰ আৰু নিমজ নহয়
বুলি সমালোচকসকলে মত পোষণ কৰে।
কথক ৰূপেও কবি বৰ সফল নহয়।
অৱশ্যে ঘৰুৱা জতুৱা ঠাঁচৰ
প্ৰয়োগ, যেনে- আচাৰত ভিন
হৰি বিচাৰত এক; অলংকাৰত
প্ৰয়োগ, যেনে- তালুত
লাগিলা যেন প্ৰচণ্ড অগনি (উপমা),
গিৰিক ভেদিয়া যেন বহি জাই জল।/
হিৰণ্যৰ তেজে বসুমতী গৈলা তল।
(উৎপ্ৰেক্ষা) আদিয়ে কবিৰ
বৰ্ণনাত ঘৰুৱা পৰিৱেশৰ
সষ্টি কৰিছে। উল্লেখযোগ্য
যে তেওঁ অসুৰৰ শাস্ত্ৰক
‘বামনায়’ আখ্যা দিছে আৰু
হস্তী সাধামন্ত্ৰৰ
উল্লেখো কৰিছে। এইখন পুথিত
বৈষ্ণৱ ধৰ্ম আৰু বিষ্ণু ভক্তিৰ
মাহাত্ম্য প্ৰকাশ হোৱালৈ চাই
কালিৰাম মেধি ডাঙৰীয়াই
বৈষ্ণৱ ধৰ্মৰ প্ৰথম
অসমীয়া পুথি বুলি আখ্যা দিছে।
কাব্যখনত বামনায় শাস্ত্ৰৰ
উপাসকসকলৰ বিৰুদ্ধে বৈষ্ণৱ
প্ৰহ্লাদৰ বিজয় কীৰ্তন
কৰা হৈছে।
৮৯৯টা পদ সম্বলিত আৰু
ছটা অধ্যায়ত বিভক্ত হৰ-গৌৰী
সংবাদ কাব্যখন কবি হেম সৰস্বতীৰ
দ্বিতীয় পুথি। কাব্যখনৰ প্ৰথম
অধ্যায়টিত নৃসিংহ পুৰাণৰ
পৰা আহৰিত আৰু নৰসিংহ বিষ্ণুৰ
হাতত হিৰণ্যকশিপু বধৰ
কথা বৰ্ণনা কৰা হৈছে। দ্বিতীয়ৰ
পৰা পঞ্চম অধ্যায়লৈ তাৰকাসুৰৰ
যুদ্ধ, হৰৰ কোপত মদন ভষ্ম, হৰ-গৌৰীৰ
বিবাহ, কাৰ্তিক কুমাৰৰ জন্ম, আৰু
তাড়ক বধৰ কাহিনী বৰ্ণিত হৈছে।
এই অধ্যায় কেইটাৰ বিষয়বস্তু হৰ-
গৌৰী সম্বাদৰ পৰা আহৰণ
কৰা হৈছে বুলি কৈছে যদিও সেইখন
পুথি আজিলৈকে আৱিষ্কৃত
হোৱা নাই। কিন্তু
কালিকা পুৰাণৰ সৈতে আৰু কুমৰ
সম্ভৱত এনে কাহিনী বৰ্ণিত
হোৱাৰ পৰা অনুমান কৰা হয়
যে কবিয়ে হয়তো এইকেইখনৰ পৰাই
বিষয়বস্তু চয়ন কৰিছিল। ষষ্ঠ
অধ্যায়টিত যোগ সাধনাৰ, অৰ্থাৎ
যোগ-কথনম অধ্যায়টিত যোগ
প্ৰক্ৰিয়াৰ
কথা বৰ্ণনা কৰা হৈছে। এই
অধ্যায়টিত বৰ্ণনা কৰিছে-
বায়ু মণ্ডলত বায়ু
কৰিবা স্তম্ভন।
বায়ুৰ আহাৰ বিন্দু
কৰিবা ভোজন।।
বায়ুক ৰাখয় বিন্দুক ৰাখয়
বায়ু।
দুই সমে নৰ হয় চিৰন্তন আয়ু।।
প্ৰণিধানযোগ্য যে হৰ-গৌৰী
সংবাদ পুথিখন এতিয়ালৈকে পাঠ
সমীক্ষিত হৈ প্ৰকাশ হোৱা নাই।
তথাপিও ক’ব লাগিব হেম
সৰস্বতী উচ্চ খাপৰ কবি নহ’লেও ভাব
ভাষাৰ উপস্থাপনত বৈষ্ণৱ
যুগলৈ তেওঁ এক
আৰ্হি দাঙি থৈ গ’ল।

কবিৰত্ন সৰস্বতী (প্ৰাক শংকৰী যুগ)

প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ভিতৰত
স্পষ্টভাৱে নিজৰ পৃষ্ঠপোষক ৰজাৰ
লগতে নিজৰ বংশ পৰিচয়
সম্পৰ্কে কাব্যৰ মাজেদি প্ৰকাশ
কৰি গৈছে কবিৰত্ন সৰস্বতীয়ে। এওঁ
দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ
পৃষ্ঠপোষকতা লাভ কৰিছিল।
এতিয়ালৈ এখন মাত্ৰ কাব্য উদ্ধাৰ
হোৱা এই জনা কবিয়ে কাব্য (জয়দ্ৰথ
বধ) খনত নিজৰ পৰিচয় দিছে এনেদৰে-
নপৃ শিৰোমণি দেৱ
মহামানী দুৰ্লভনাৰায়ণ ৰাজা।
নিতে পুত্ৰৱতে পালিলা সততে পৃথিৱ
যত প্ৰজা।।
তাহান তনয় ভৈল ধৰ্মময় ইন্দ্ৰনাৰায়ণ
ৰাজা।
মহাবীৰ ধীৰ স্বভাৱে গম্ভীৰ
নিতে কৃত হৰি সেৱা।।
নিজ বাহুবলে পাইলা অবিকলে অখণ্ড
মহীমণ্ডলে।
যাত
খাটে নমি সততে প্ৰণামি বপিক্ষ
নপৃসকলে।।
যাত সৰ্বক্ষণ ইন্দ্ৰনাৰায়ণ বৰ দেনত
সদাশিৱ।
হৌক নৰেশ্বৰ পাঞ্চ গৌৰেশ্বৰ
পিতাপুত্ৰ চিৰঞ্জীৱ।।
ছোট শিলা নাম আছে এক গ্ৰাম য’ত
গ্ৰাম মধ্যে সাৰ।
আছিল তথাত জগত প্ৰখ্যাত
চক্ৰপাণি শিকদাৰ।।
পটু নৰবৰ কায়স্থ প্ৰবৰ ধৰ্মবনত মহাযশী।
পণ্ডিত তিলক কুল প্ৰকাশক নিষ্কলংক
যেন শশী।
তাহান তনয় অতি শুভনয় কবিৰত্ন
সৰস্বতী।
দ্ৰোণপৰ্ব পদ জয়দথ বধ
কৌতুহলে নিগদতি।।
কবি গৰাকীৰ ঘৰ বৰপেটা অঞ্চলৰ
ছোটাশিলা গ্ৰামত।
চক্ৰপাণি শিকদাৰ নামৰ এজন
কায়স্থকুলৰ লোক আছিল তেওঁৰ পিতৃ।
ৰাজবিষয়া আৰু চন্দ্ৰমাৰ দৰে নিষ্কলুষ
চক্ৰপাণি শিকদাৰ আছিল বংশৰ মুখ
উজ্বল কৰোঁতা পণ্ডিত। এনে হেন
ব্যক্তিৰ পুত্ৰ কবিৰত্ন
সৰস্বতীয়ে ইন্দ্ৰনাৰায়ণ ৰজাৰ
পৃষ্ঠপোষকতাত মহাভাৰতৰ দ্ৰোণ পৰ্বৰ
অন্তৰ্গত জয়দ্ৰথ বধৰ কাহিনীভাগ
অসমীয়ালৈ অনুবাদ কৰে।
উল্লেখযোগ্য যে এইজন কবিৰত্ন
সৰস্বতীৰে বংশধৰ হ’ল মাধৱদেৱৰ
ভাগিনীয়েক ৰামচৰণ ঠাকুৰ। কবিৰত্ন
সৰস্বতীৰ জয়দ্ৰথ বধ কাব্যখন
সম্পূৰ্ণৰূপে এতিয়ালৈকে উদ্ধাৰ
হোৱা নাই। অসমীয়া সাহিত্যৰ
চানেকিত সন্নিবিষ্ট
হৈছে কবিজনাই ৰচনা কৰা ‘কৈলাশ
বৰ্ণনা’ অংশহে। দুলড়ী ছন্দত ৰচিত
কৈলাশ বৰ্ণনা মুঠ ১৯x২=৩৮
টা ছন্দতে সীমাবদ্ধ। এই কেইটিমান
পদৰ পৰাই কবিজনাৰ কাব্য প্ৰতিভাৰ
উমান পাব পাৰি। কৈলাশৰ ফল-ফুলৰ
শোভা, শিৱৰ অনুচৰবোৰৰ বিকৃত শৰীৰ,
নাগৰিকসকলৰ ৰূপযৌৱন, মদন-চঞ্চল ভাব
আদি বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়
সপোনতে কৈলাশ ভ্ৰমণ কৰাই এই
চিত্ৰবোৰ অংকন কৰি নিজৰ কবিত্ব
শক্তিৰ পৰিচয় দাঙি ধৰিছে।
উল্লেখযোগ্য যে এই বৰ্ণনাত অসমৰ ২০
বিধ ফলৰ গছ ২৪ বিধ ফুল আৰু ৪ প্ৰকাৰৰ
চৰাইৰ নাম সন্নিবিষ্ট হৈছে। কবিৰ
এইবোৰ বৰ্ণনাই আমাৰ
মনলৈ আনে শ্ৰীমন্ত শংকৰদেৱৰ
‘হৰমোহনৰ’ উপবন বৰ্ণনা অংশলৈ।
অৱশ্যে এটা কথা ঠিক যে কবিৰত্ন
সৰস্বতীৰ বৰ্ণনা স্বকল্পিত, সৰল, সৰস।
কবিৰ ‘ফুল ভৰে ভাগে ডাল’, ‘উন্নত
কঠিন ঘন পীন স্তন’, ‘কোকিলে তেজয়
ৰাৱ’ আদি চিত্ৰকল্পময়ী বৰ্ণনাই
পাঠকক এক মনোৰম ৰাজ্যলৈ লৈ যায়।
কবিৰ ৰচনাত জতুৱা ঠাঁচৰ প্ৰয়োগ
সীমিত, ঘৰুৱা উপমাৰ চিত্ৰ সংখ্যাত
তাকৰ যদিও গভীৰ অৰ্থব্যঞ্জক।
কবিজনাই এইখন কাব্যৰ
পূৰ্বতে মহাভাৰতৰে আদি পৰ্বৰ অন্তৰ্গত
শকুন্তলা-উপাখ্যান আৰু যযাতিৰ চৰিত্ৰ
ৰচনা কৰিছিল বুলি উল্লেখ
কৰিছে (ভণিতাত) যদিও
বৰ্তমানলৈকে সেয়া উদ্ধাৰ
হোৱা নাই।

কবিৰত্ন সৰস্বতী (প্ৰাক শংকৰী যুগ)


প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ভিতৰত
স্পষ্টভাৱে নিজৰ পৃষ্ঠপোষক ৰজাৰ
লগতে নিজৰ বংশ পৰিচয়
সম্পৰ্কে কাব্যৰ মাজেদি প্ৰকাশ
কৰি গৈছে কবিৰত্ন সৰস্বতীয়ে। এওঁ
দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ
পৃষ্ঠপোষকতা লাভ কৰিছিল।
এতিয়ালৈ এখন মাত্ৰ কাব্য উদ্ধাৰ
হোৱা এই জনা কবিয়ে কাব্য (জয়দ্ৰথ
বধ) খনত নিজৰ পৰিচয় দিছে এনেদৰে-
নপৃ শিৰোমণি দেৱ
মহামানী দুৰ্লভনাৰায়ণ ৰাজা।
নিতে পুত্ৰৱতে পালিলা সততে পৃথিৱ
যত প্ৰজা।।
তাহান তনয় ভৈল ধৰ্মময় ইন্দ্ৰনাৰায়ণ
ৰাজা।
মহাবীৰ ধীৰ স্বভাৱে গম্ভীৰ
নিতে কৃত হৰি সেৱা।।
নিজ বাহুবলে পাইলা অবিকলে অখণ্ড
মহীমণ্ডলে।
যাত
খাটে নমি সততে প্ৰণামি বপিক্ষ
নপৃসকলে।।
যাত সৰ্বক্ষণ ইন্দ্ৰনাৰায়ণ বৰ দেনত
সদাশিৱ।
হৌক নৰেশ্বৰ পাঞ্চ গৌৰেশ্বৰ
পিতাপুত্ৰ চিৰঞ্জীৱ।।
ছোট শিলা নাম আছে এক গ্ৰাম য’ত
গ্ৰাম মধ্যে সাৰ।
আছিল তথাত জগত প্ৰখ্যাত
চক্ৰপাণি শিকদাৰ।।
পটু নৰবৰ কায়স্থ প্ৰবৰ ধৰ্মবনত মহাযশী।
পণ্ডিত তিলক কুল প্ৰকাশক নিষ্কলংক
যেন শশী।
তাহান তনয় অতি শুভনয় কবিৰত্ন
সৰস্বতী।
দ্ৰোণপৰ্ব পদ জয়দথ বধ
কৌতুহলে নিগদতি।।
কবি গৰাকীৰ ঘৰ বৰপেটা অঞ্চলৰ
ছোটাশিলা গ্ৰামত।
চক্ৰপাণি শিকদাৰ নামৰ এজন
কায়স্থকুলৰ লোক আছিল তেওঁৰ পিতৃ।
ৰাজবিষয়া আৰু চন্দ্ৰমাৰ দৰে নিষ্কলুষ
চক্ৰপাণি শিকদাৰ আছিল বংশৰ মুখ
উজ্বল কৰোঁতা পণ্ডিত। এনে হেন
ব্যক্তিৰ পুত্ৰ কবিৰত্ন
সৰস্বতীয়ে ইন্দ্ৰনাৰায়ণ ৰজাৰ
পৃষ্ঠপোষকতাত মহাভাৰতৰ দ্ৰোণ পৰ্বৰ
অন্তৰ্গত জয়দ্ৰথ বধৰ কাহিনীভাগ
অসমীয়ালৈ অনুবাদ কৰে।
উল্লেখযোগ্য যে এইজন কবিৰত্ন
সৰস্বতীৰে বংশধৰ হ’ল মাধৱদেৱৰ
ভাগিনীয়েক ৰামচৰণ ঠাকুৰ। কবিৰত্ন
সৰস্বতীৰ জয়দ্ৰথ বধ কাব্যখন
সম্পূৰ্ণৰূপে এতিয়ালৈকে উদ্ধাৰ
হোৱা নাই। অসমীয়া সাহিত্যৰ
চানেকিত সন্নিবিষ্ট
হৈছে কবিজনাই ৰচনা কৰা ‘কৈলাশ
বৰ্ণনা’ অংশহে। দুলড়ী ছন্দত ৰচিত
কৈলাশ বৰ্ণনা মুঠ ১৯x২=৩৮
টা ছন্দতে সীমাবদ্ধ। এই কেইটিমান
পদৰ পৰাই কবিজনাৰ কাব্য প্ৰতিভাৰ
উমান পাব পাৰি। কৈলাশৰ ফল-ফুলৰ
শোভা, শিৱৰ অনুচৰবোৰৰ বিকৃত শৰীৰ,
নাগৰিকসকলৰ ৰূপযৌৱন, মদন-চঞ্চল ভাব
আদি বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়
সপোনতে কৈলাশ ভ্ৰমণ কৰাই এই
চিত্ৰবোৰ অংকন কৰি নিজৰ কবিত্ব
শক্তিৰ পৰিচয় দাঙি ধৰিছে।
উল্লেখযোগ্য যে এই বৰ্ণনাত অসমৰ ২০
বিধ ফলৰ গছ ২৪ বিধ ফুল আৰু ৪ প্ৰকাৰৰ
চৰাইৰ নাম সন্নিবিষ্ট হৈছে। কবিৰ
এইবোৰ বৰ্ণনাই আমাৰ
মনলৈ আনে শ্ৰীমন্ত শংকৰদেৱৰ
‘হৰমোহনৰ’ উপবন বৰ্ণনা অংশলৈ।
অৱশ্যে এটা কথা ঠিক যে কবিৰত্ন
সৰস্বতীৰ বৰ্ণনা স্বকল্পিত, সৰল, সৰস।
কবিৰ ‘ফুল ভৰে ভাগে ডাল’, ‘উন্নত
কঠিন ঘন পীন স্তন’, ‘কোকিলে তেজয়
ৰাৱ’ আদি চিত্ৰকল্পময়ী বৰ্ণনাই
পাঠকক এক মনোৰম ৰাজ্যলৈ লৈ যায়।
কবিৰ ৰচনাত জতুৱা ঠাঁচৰ প্ৰয়োগ
সীমিত, ঘৰুৱা উপমাৰ চিত্ৰ সংখ্যাত
তাকৰ যদিও গভীৰ অৰ্থব্যঞ্জক।
কবিজনাই এইখন কাব্যৰ
পূৰ্বতে মহাভাৰতৰে আদি পৰ্বৰ অন্তৰ্গত
শকুন্তলা-উপাখ্যান আৰু যযাতিৰ চৰিত্ৰ
ৰচনা কৰিছিল বুলি উল্লেখ
কৰিছে (ভণিতাত) যদিও
বৰ্তমানলৈকে সেয়া উদ্ধাৰ
হোৱা নাই।

হৰিবৰ বিপ্ৰ (প্ৰাক শংকৰী যুগ)

প্ৰাক্-শংকৰী যুগৰ কবিকুলৰ ভিতৰত
মাধৱ কন্দলিৰ পিছতে হৰিবৰ
বিপ্ৰক ঠাই দিয়া হয়। কাব্যকৃতিৰ
পৰিসৰ, গুৰুত্ব বিচাৰ
কৰি সমালোচকসকলে যুদ্ধ কাব্যৰ
কবি হৰিবৰ বিপ্ৰক এই স্থান দিছে। এওঁৰ
জন্মস্থান, জন্মৰ সময়, বংশ পৰিচয়
পোৱা নাযায় যদিও তেওঁ যে জাতত
ব্ৰাহ্মণ আছিল আৰু কমতাপুৰৰ
ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ
কৰিছিল সেই বিষয়ে তেওঁৰ কাব্যত
ভণিতা হিচাপে উল্লেখ কৰিছে।
‘বব্ৰুবাহনৰ যুদ্ধ’ত তেওঁ
লিখি থৈ গৈছে-
জয় জয় নৃপবৰ দুৰ্লভনাৰায়ণ ৰাজা
কমতাপুৰে ভৈলা বীৰবৰ।
সপুত্ৰবান্ধবে যেবে সুখে ৰাজ্য
কৰতেনাক
জীৱতেনাক সহস্ৰ বৎসৰ।।
তাহান ৰাজ্যত থিত সবৰ্জন মনোনীত
অশ্বমেধ পৰ্ব মধ্যে সাৰ।
বিপ্ৰ হৰিবৰ কবি হৰিৰ (গৌৰীৰ?) চৰণ
সেৱি
পদবন্ধে কৰিলো প্ৰচাৰ।।
বিভিন্ন ইতিহাসবিদ আৰু সাহিত্যৰ
বুৰঞ্জীকাৰসকলৰ মাজত এওঁৰ পৃষ্ঠপোষক
ৰজা দুৰ্লভনাৰায়ণৰ
সময়সীমা সম্পৰ্কে মতবিৰোধ আছে।
তথাপিতো সকলো দিশ চালি-
জাৰি চাই এওঁক চতুৰ্দশ শতিকাৰ
প্ৰথমাৰ্ধত থাপন কৰিব পাৰি।
হৰিবৰ বিপ্ৰই জৈমিনীয় মহাভাৰতৰ
অশ্বমেধ পৰ্বৰ দ্বাদশ অধ্যায়ৰ
পৰা ষটচত্বাবিংশ (১২শ-৪৬শ)
অধ্যায়লৈ বৰ্ণিত
কাহিনীকে বিষয়বস্তু
হিচাপে লৈ তিনিখন কাব্য
ৰচনা কৰিছে। সেইকেইখন হ’ল- ‘লৱ-কুশৰ
যুদ্ধ’, ‘বব্ৰুবাহনৰ যুদ্ধ’ আৰু ‘তাম্ৰধ্বজৰ যুদ্ধ’।
মূল গ্ৰন্থখনত অশ্বমেধ পৰ্বত যজ্ঞৰ
ঘোঁৰা অনুসৰণ কৰি যোৱা অজুৰ্নৰ লগত
বব্ৰুবাহনৰ যুদ্ধৰ বৰ্ণনাৰ মাজতে লৱ কুশৰ
লগত ৰামচন্দ্ৰৰ যুদ্ধৰ কথা তুলনাৰ
ছলেৰে বৰ্ণনা কৰা হৈছে।
জন্মেজয়ে সেই বিষয়ে বহল প্ৰশ্ন কৰাত
জৈমিনী ঋষিয়ে সেই ছলতে ৰাৱণ
বধৰ পিছৰে পৰা ৰামকথা চমুকৈ আৰম্ভ
কৰি ৰাম আৰু কুশৰ যুদ্ধ
কথা বিস্তৃতভাৱে বৰ্ণনা কৰিছে।
হৰিবৰ বিপ্ৰৰ ‘লৱ-কুশৰ যুদ্ধ’ কাব্যত
কবিয়ে ব্যক্ত কৰিছে-
দুয়ো কথা শুনিবাৰ মোৰ মনে লাগে।
তথাপিতো ৰাম-কথা কহিয়োক
আগে।।
আকৌ এঠাইত কৈছে-
অজুৰ্নৰ যুদ্ধ আছোক এখনে
পাছে কহোঁ সিটো কথা।
ইয়াৰ পৰাই প্ৰমাণ হয় যে এইখন
কবিজনাৰ প্ৰথম কাব্য। এইখন কাব্যৰ
বৰ্ণনাত কবিয়ে মূলৰ পৰা বৰ বিশেষ
আঁতৰি যোৱা নাই যদিও ঠাই
বিশেষে বহু কথা সংক্ষেপ কৰিছে।
স্মৰণযোগ্য যে-
কাহাৰো হৰিষ পদে শ্লোক এক গৈল।
কাহাৰো হৰিষ বিশ্ৰিত লম্ভা থৈল।।
সৱাৰো আনিয়া সাৰ বিপ্ৰ হৰিবৰ।
বোলে অশ্বমেধ-যজ্ঞ পদ ৰুচিকৰ।।
জৈমিনীয় মহাভাৰতৰ অশ্বমেধ পৰ্বত
২৫শ-৩৬শ অধ্যায়ত বৰ্ণিত এই
কাহিনী ভাগক আধাৰ
হিচাপে লৈ ৰচনা কৰা ‘লৱ-কুশৰ যুদ্ধ’
কাব্যতো প্ৰায়খিনি কথা মূলৰ
সৈতে একেই ৰাখিছে। ৰামৰ
লংকা বিজয়ৰ পৰা অযোধ্যালৈ গমন,
সীতাৰ অগ্নি পৰীক্ষা, ৰামৰ সপোন,
সীতাৰ পুংসৱন সংস্কাৰ, সীতাক
পৰিত্যাগ, বাল্মীকিৰ আগমন
আশ্ৰমলৈ গমন, লৱ-কুশৰ জন্ম, বাল্মীকিৰ
দ্বাৰা শিক্ষাদান, ৰামৰ অশ্বমেধ
যজ্ঞৰ ঘোঁৰা আশ্ৰমত প্ৰৱেশ, শেষত কুশৰ
সৈতে ৰামৰ যুদ্ধ আৰু পতন, লৱৰ
দ্বাৰা হনুমান আদিক সীতাৰ
ওচৰলৈ আনয়ন, সীতাৰ
দ্বাৰা তেওঁলোকৰ মুক্তি, বাল্মীকিৰ
আগমন আৰু অমৃতময়
জলেৰে সকলোৰে জীৱন দান, ৰাম
আদিৰ অযোধ্যালৈ প্ৰত্যাগমন
আদি কাহিনী এই কাব্যখনত
বৰ্ণনা কৰা হৈছে। অৱশ্যে মূলত
থকা সীতা আৰু লৱ-কুশৰ অযোধ্যাগমন
আৰু ৰামৰ অশ্বমেধ যজ্ঞ সম্পন্ন
কৰাটো কবিয়ে উল্লেখ কৰা নাই।
কবিজনাই এই কাহিনীভাগ
বৰ্ণনা কৰোঁতে সৰু সুৰা কথাৰ সামান্য
সালসলনি ঘটাইছে। যেনে- লৱ-কুশৰ
হাতত ৰাম আদিৰ পতনৰ পাছত
সিহঁতে ৰাম-লক্ষণৰ আ-অলংকাৰ
পৰিধান কৰা কথাটো মূলত নাই। ঠিক
সেইদৰে সীতাৰ পুংসৱন উৎসৱত ‘সুৱণৰ্ৰ
থালে সীতা গভৰ্ক ঢাকিলা।’
আদি কবিৰ নিজস্ব সৃষ্টি।
মুঠতে কবিয়ে অসমীয়া পাঠক-
শ্ৰোতাৰ উপযোগীকৈ কাহিনীভাগ
তুলি ধৰাত সাৰ্থক হৈছে।
একেখন মূল পুথিৰ ১২-১৫শ অধ্যায় আৰু
৩৭-৪০শ অধ্যায়ৰ কথাবস্তুৰে হৰিবৰ
বিপ্ৰই ৰচনা কৰে ‘বব্ৰুবাহনৰ যুদ্ধ’
কাব্যখনি। অৱশ্যে মূলত
নামটো ‘বভ্ৰবাহন’ বুলিহে আছে।
কাহিনী বৰ্ণনা কৰাৰ স্বাৰ্থত গ্ৰহণ
বৰ্জন সংক্ষিপ্তকৰণ আৰু
বিস্তৃতকৰণেৰে কবিয়ে মূল কাহিনীৰ
পৰা সাৰভাগ গ্ৰহণ কৰি এই কাব্যখন
ৰচনা কৰিছে। মুঠ ৬০৫টা পদত ৰচিত এই
কাব্যখনিত যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ
ঘোঁৰা অনুসৰণ কৰি অৰ্জুনৰ মণিপুৰত
প্ৰৱেশ, বব্ৰুবাহনৰ সৈতে যুদ্ধ, যুদ্ধত
অৰ্জুনৰ পৰাজয় আৰু মৃত্যু, মাতৃৰ
কথা মতে পাতালৰ
পৰা সঞ্জীৱনী মণি সংগ্ৰহ
কৰি আনি অৰ্জুন-বৃষকেতুক জীৱন দান-
দিয়া এই প্ৰধান ঘটনাবোৰৰ লগত
বিভিন্ন আনুষংগিক কথা সংযোগ
কৰি গোটেই কাহিনীভাগ
বৰ্ণনা কৰিছে। হৰিবৰ বিপ্ৰৰ কাব্যত
অৰ্জুনে শোকত কাতৰ হোৱা মণিপুৰৰ
বিজয়োৎসৱৰ বৰ্ণনা আদিত কবিজনাৰ
মৌলিক প্ৰতিভাৰ স্বাক্ষৰ
জিলিকি আছে। সেই বাবেই ড°
মহেশ্বৰ নেওগে মন্তব্য কৰিছে যে-
‘অৰ্জুনৰ শোক গাথা ৰচনাত
কবি কৃতকাৰ্য হৈছে।’
কবিজনাৰ তৃতীয়খন কাব্যও একে মূলৰ
পৰা আহৰণ কৰা বিষয়বস্তুৰে ৰচিত এখন
যুদ্ধ কাব্য। মণিপুৰৰ পৰা যজ্ঞৰ
ঘোঁৰা লৈ মাধৱ আৰু অজুৰ্ন ময়ূৰধ্বজ
ৰজাৰ ৰাজ্য বাণপুৰত প্ৰৱেশ কৰে।
তাতে ময়ূৰধ্বজৰ পুত্ৰ
তাম্ৰধ্বজে ঘোঁৰা ধৰে।
ময়ূৰধ্বজে ইতিমধ্যে ছটা অশ্বমেধ যজ্ঞ
শেষ কৰি সপ্তমটোৰ
বাবে ঘোঁৰা মেলিছিল।
ইয়াতে তাম্ৰধ্বজৰ লগত অনিৰুদ্ধ,
বৃষকেতু, সাত্যকি, বব্ৰুবাহন আৰু কৃষ্ণ-
অৰ্জুনৰ যুদ্ধ হয়। যুদ্ধত সকলো পৰাস্ত হয় আৰু
মূৰ্ছা যায়। শেষত কৃষ্ণ অৰ্জুনে ব্ৰাহ্মণ-
শিষ্যৰ বেশ ধৰি ময়ূৰধ্বজ ৰজাৰ পৰা যুদ্ধৰ
ঘোঁৰা মুকলি কৰে।
হৰিবৰ বিপ্ৰৰ তিনিওখন
কাব্যতে তেওঁৰ কবি প্ৰতিভাৰ
স্বাক্ষৰ প্ৰতিভাত হৈ উঠিছে। এওঁৰ
ভাষা আৰু ৰচনাশৈলী সৰস আৰু
প্ৰাঞ্জল তথা সাৱলীল।
কবিয়ে য’তেই সুৰুঙা পাইছে তাতেই
নিজা কথা সংযোগ
কৰি কাব্যকেইখনৰ
ৰমণীয়তা তথা আকৰ্ষণীয়তা বৃদ্ধি
কৰিছ
লিখনি তথা বিষয়বস্তু অধিক প্ৰাঞ্জল
আৰু মনোগ্ৰাহী কৰাৰ
উদ্দেশ্যে বিভিন্ন অলংকাৰ প্ৰয়োগ
কৰিছে। যেনে-
হৃদয়ত পৰি বীৰে দুই হাতে আটে।
বলৱনত নাৰী যেন বেসুৱাৰ বাটে।।
(বব্ৰুবাহনৰ যুদ্ধ)
হস্তীৰ আগত যেন কদলীৰ পখা।
(তাম্রধবজৰ যুদ্ধ)
লোণ নাৱ তল গৈল আঙ্গুলিক চাখা।
(লৱ-কুশৰ যুদ্ধ)
ঠিক
সেইদৰে অসমীয়া ঘৰুৱা জতুৱা ঠাঁচৰ
ব্যৱহাৰে এওঁৰ ভাষা অধিক প্ৰাঞ্জল
কৰি তুলিছে, যেনে-
‘হস্তীৰো পিছলে পাৱ
সুজানে বুডাবে নাৱ।'(বব্ৰুবাহনৰ যুদ্ধ,)
‘উগাৰ চাৰস’ (লৱ-কুশৰ যুদ্ধ), ‘কটকটায়
ঘাৰ’ (বব্ৰুবাহনৰ যুদ্ধ)। অসমীয়া সমাজৰ
লোকাচাৰ, লোকবিশ্বাস
আদিৰো প্ৰয়োগ এই কাব্যকেইখনত
বিদ্যমান। পদ, দুলড়ী, ঝুমুৰী আৰু ছবি ছন্দৰ
সুব্যৱহাৰেৰে এওঁ প্ৰাক্-শংকৰী যুগৰ
এজন শ্ৰেষ্ঠ কবি হিচাপে চিহ্নিত
হৈছে। প্ৰণিধানযোগ্য যে এই
তিনিওখন কাব্যতে তৰুণ তেজৰ
বিজয়ী গাথা ঘোষিত হৈছে।
সেইবাবেই সত্যেন্দ্ৰনাথ শৰ্মাই এই
কাব্য তিনিওখনক ‘তৰুণ প্ৰশস্তিমূলক
কাব্য’ বুলি অভিহিত কৰিছে।
আনহাতে বধ কাব্য শ্ৰেণীৰ পথ প্ৰদৰ্শক
বুলিও এওঁক চিহ্নিত কৰিব পাৰি।

চৰ্যাপদ পুথি

চৰ্যাপদ হৈছে ৮ম-১২শ শতিকামানত
ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ
সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত ।
চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম
লিখিত ৰূপৰ
চানেকি হিচাপে চিহ্নিত
কৰা হৈছে। বতৰ্মান সময়ত বিভিন্ন
গৱেষণাৰ অন্তত চৰ্যাপদসমূহত
অসমীয়া ভাষাৰ উপৰি বঙলা,
উৰিয়া,
হিন্দী,
মৈথেলী আদি ভাষাৰো আদি কালৰ
নিদশৰ্ন ৰক্ষিত
হৈছে বুলি প্ৰমাণিত
হৈছে। এই চৰ্যাপদসমূহ পোন
প্ৰথমবাৰৰ
বাবে লোকচক্ষুৰ আগত তুলি ধৰে
হৰপ্ৰসাদ শাস্ত্ৰীয়ে। চৰ্যাপদৰ
ভাষাক
"সন্ধ্যাভাষা" বা "আলো-
আঁধাৰি ভাষা"
বুলি অভিহিত কৰা হয় । বৰ্তমান ২৩
জন
সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত ৫০
টা চৰ্যা পোৱা যায় ।
উদ্ধাৰ
কলিকতাৰ এচিয়াটিক ছচাইটিৰ
পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ
শাস্ত্ৰী কেইবাবাৰো নেপাললৈ
গৈছিল।
ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ
বাবে নেপাললৈ যাওঁতে তাৰে
ৰাজ
দৰবাৰৰ
গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান
নতুন
পুথি বিচাৰি পায়। সেইকেইখন হ’ল
চৰ্যাচৰ্যবিনিশ্চয়, সৰোজবজ্ৰৰ
দোহাকাষ আৰু কৃষ্ণাচাৰ্যৰ
দোহাকোষ।
এই তিনিখন পুথিৰ লগতে আগৰবাৰ
যাওঁতে সংগ্ৰহ কৰি অনা
ডাকাণৰ্ৱ
নামৰ
পুথিখন একেলগ কৰি ১৯১৬
খ্ৰীষ্টাব্দত
‘হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষাৰ
বৌদ্ধ
গান ও দোহা’
নামেৰে ছপা কৰি উলিয়ায়।
প্ৰকাশক আছিল বঙ্গীয় সাহিত্য
পৰিষদ। উল্লেখ্য যে হৰপ্ৰসাদ
শাস্ত্ৰীযে পোৱা
চৰ্যাচৰ্যবিনিশ্
চয়
পুথিখন মূল পুথি নাছিল। এইখন
আছিল
আচাৰ্য মুনিদত্তই লিখা এখন
টীকা পুথিহে। পুথিখনৰ
কতো চৰ্যাচৰ্যবিনিশ্চয় নামটোত
উল্লেখ নথকাৰ পৰা অনুমান কৰা হয়
যে এই
নামটো শাস্ত্ৰীদেৱে নিজেই
দিছিল। মুনিদত্তই
লিখা টীকা পুথিখনত
অৱশ্যে চযৰ্যানীতিকোষবৃত্তি
নামটো আছো আৰু ইয়াৰ লগতে মূল
চৰ্যাখিনিও সন্নিবিষ্ট আছিল।
উল্লেখ্য
যে চৰ্যাগীতৰ তিববতী অনুবাদৰ
প্ৰথম
সন্ধান লাভ কৰে ড° সুনীতি কুমাৰ
চট্টোপাধ্যায়এ। পৰৱৰ্তীকালত ড°
প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন
আদিযে চৰ্যাপদ
সম্পৰ্কে গৱেষণা কৰি বিভিন্ন
নতুন
নতুন তথ্যৰ সম্ভেদ দিযে। ড° বাগচীৰ
গৱেষণাৰ কালতেই চৰ্যাগীতৰ
সম্পূৰ্ণ
তিববতী অনুবাদটি আৱিষ্কৃত হয়
আৰু
তাৰ পৰাই সংস্কৃত টীকাকাৰৰ নাম
যে মুনিদত্ত আছিল সেয়া গম
পোৱা যায়।
তিববতী অনুবাদৰ পৰা গম পোৱা যায়
যে আচাৰ্য মুনিদত্তই এশটা গানৰ
কোষ-
গ্ৰন্থৰ পৰা একাৱন্নটা গান
বাচি লৈ টীকা ব্যাখ্যা কৰিছিল।
তাৰে এটা টীকা পৰৱৰ্তীকালৰ
কোনো লিপিকাৰৰ হাতত হোৰাল
আৰু
সেইটি বাদ দিযেই মুনিদত্তৰ
টীকাখন
নকল কৰি উলিয়ায়। অৱশ্যে
নেপালত
উদ্ধাৰ হোৱা পুথিখনত
(চৰ্যাগীতিকোষ)ৰ শেষৰ
পাতখিলা আৰু
মাজৰ কেইখিলামান পাত নাই (৬৯ খন
পাত
আছে)। সবৰ্মুঠ তিনিটা সম্পূৰ্ণ
আৰু
এটাৰ আধা অংশৰ মূল পাঠৰ
লগতে টীকা অংশ নাছিল।
ৰচনাশৈলী
হৰপ্ৰসাদ
শাস্ত্ৰীযে চৰ্যাচৰ্যবিনিশ্চয়
পুথিখনৰ গানবোৰক বৌদ্ধ কীতৰ্ন,
বৌদ্ধ সংকীতৰ্ন বুলি অভিহিত
কৰিছো।
অৱশ্যে টীকাকাৰে চৰ্যাৰ
উপৰি "গীত"
আৰু "পদ" শব্দ দুটাও উল্লেখ কৰিছে।
এই গীতসমূহৰ ভাষাৰ লগত নব্য
ভাৰতীয়
আযৰ্ভাষাৰ অন্তগৰ্ত মৈথিলী,
বঙালী
আৰু অসমীয়া ভাষাৰ মিল
দোখা যায়।
সেযে বিভিন্ন ভাষাৰ
পণ্ডিতসকলে নিজৰ
নিজৰ ভাষাৰ সম্পত্তি বুলি এই
চৰ্যাপদসমূহক চিহ্নিত কৰিছে। ড°
বাণীকান্ত কাকতিয়েও ইয়াৰ
ধবনিতাত্ত্বিক আৰু
ৰপতাত্ত্বিক
দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ
লগত
যে মিল আছো সেয়া প্ৰমাণ
কৰি গৈছো।
এই পুথিখনত সবৰ্মুঠ ২৩ জন
সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত গীত
সন্নিবিষ্ট
হৈছে। উল্লেখ্য যে এওঁলোক ৮৪ জন
তান্ত্ৰিক সিদ্ধাচাৰ্যৰ
অন্তৰ্ভুক্ত৷
তেওঁলোকৰ নামসমূহ হল কাহ্নপাদ (১৩
টা চৰ্যা), ভূসুকপাদ (৮টা), সৰহপাদ,
(৪
টা), কুক্কুৰীপাদ, (৩ টা), লুইপাদ,
শৱৰপাদ, শান্তিপাদ (এইসকলৰ দুটা),
বিৰয়াপাদ, গুঞ্জৰীপাদ,
চাটিল্লপাদ,
কম্বলাম্বৰপাদ, ডোম্বীপাদ,
মহীধৰপাদ,
বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ,
দাৰিকপাদ, ভাদেপাদ, তাড়কপাদ,
কংকনপাদ, জয়নন্দীপাদ, ধামপাদ,
তন্ত্ৰীপাদ (তেওঁলোকৰ
এটাকৈ চৰ্যা)।
ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ,
শান্তিপাদ, ডোম্বীপাদ,
ঢেণ্ঢনপাদ,
মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ
সম্পৰ্ক
থকা বুলি পণ্ডিতসকলে ঠাৱৰ
কৰিব খোজো। এওঁলোকৰ বাহিৰেও
চৰ্যাপদ, ইউডীপাদ, মীননাথ, আচাৰ্য
বিনাওক, ধোকৰীপাদ,
বিৰুপাক্ষপাদ,
তিলোপাদ আদি সিদ্ধাচাযৰ্ৰ
নামো টীকাত উল্লেখ আছে।
চৰ্যাপদসমূহ অধিকাংশই দহ
শাৰীয়া,
তাৰে ভিতৰত ১০, ২৮ আৰু ৫০
নং চৰ্যা চৌধ্য শাৰীৰ; ২১ আৰু ২২
বাৰ
শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪
নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ;
২৫
নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত
ছয়টামান
শব্দ আছো আৰু ২৪, ৪৮ নম্বৰ
চৰ্যা দুটি লুপ্ত।
সাধাৰণতে মাত্ৰাবৃত্ত
ছন্দত লিখা চৰ্যাসমূহত
অন্ত্যানুপ্ৰাসৰ
প্ৰযোগ বহুল। এই গীতসমূহ গাবৰ
বাবে নিৰ্ধাৰণ
কৰি দিয়া হৈছো সবৰ্মুঠ
১৭ টি ৰাগ— পটমঞ্জৰী,
গৱড়া (গউড়া),
অৰু, গুঞ্জৰী, দোৱক্ৰী, দোশাখ
(দ্বেশাখ), ভৈৰৱী, কামোদ, ধানসী,
ৰামক্ৰী, বৰাড়ী (বলাড্ডী),
শীৱৰী,
মল্লাৰী, মানসী, গৱুড়া,
কাহ্নগুঞ্জৰী আৰু বঙ্গাল।
ইয়াৰে প্ৰায়বোৰেই
পুৰণি অসমীয়া গীতত
পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো
ভণিতা আছে আৰু প্ৰত্যেক পদৰ
দ্বিতীয়
চৰণটোত ধ্ৰং বা ধ্ৰৱ বুলি
নিদেৰ্শ
কৰা হৈছে।
বিষয়বস্ত
চৰ্যাপদসমূহৰ বিষয়বস্তু
ৰহস্যময়ী।
মূলতঃ নিৰ্বাণ লাভ কৰাৰ
উদ্দেশ্য
আগত ৰাখিয়েই ইয়াক
ৰচনা কৰা হৈছে।
নিৰ্বাণ মানে বাসনাৰ
পৰা নিবৃত্তি লাভ।
পাথিৰ্ৱ পৃথিৱীৰ
অনিত্যতা জ্ঞান লাভ
কৰি, অবিদ্যা-মোহ ধবংস কৰিব
পাৰিলেই
নিৰ্বাণ লাভ হয়। বৌদ্ধ ধমৰ্ৰ
সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ
কাৰণে,
নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ
বাবে বিভিন্ন ধৰণৰ ৰপক, প্ৰতীক,
দ্ব্যাথৰ্ক পাৰিভাষিক শব্দ,
বিবিধ
উপামা আদি ব্যৱহাৰ কৰি এই
চৰ্যাসমূহ
ৰচনা কৰা হৈছো। ইয়াৰ অৰ্থ
শুদ্ধভাৱে অনুধাৱন
কৰিবলৈ হ’লে গুৰুৰ
সহায় লাগিবই। সেইবাবেই প্ৰথম
চৰ্যটিত
কোৱা হৈছে— ‘লুই ভণই গুৰু পুচিছঅ
জান।।’ চৰ্যাবোৰৰ
মাজোদি সহজীয়া ধমৰ্ৰ দাশৰ্নিক
তত্ত্ব সম্বন্ধীয়, যোগ
সম্বন্ধীয়
আৰু
তন্ত্ৰ সম্বন্ধীয় দিশ
প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে।
চৰ্যাপদৰ ভাষা
সাধাৰণতে চৰ্যাপদত ব্যৱহাত
ভাষাৰ
ৰূপটি "পূৰ্বী অৱহটঠ্"।
সিদ্ধাচাৰ্যসকলে দ্ব্যথৰ্ক
পাৰিভাষিক
শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ
কৰি ইয়াৰ ভাষা অধিক
ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ
শাস্ত্ৰীয় ইয়াৰ ভাষাক
"সন্ধ্যা ভাষা"
আখ্যা দি মন্তব্য কৰিছে—
‘সন্ধ্যাভাষা মানে আলো-
আঁধাৰি ভাষা,
কতক আলো, কতক অন্ধকাৰ, খানিক
বুঝা যায়, খানিক বুঝা যায় না।’
প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ
নেওগদেৱেও
‘‘ .... ইচ্ছাকৃত জটিলতা বতৰ্মান,
কাৰণ
সেই ভাষা সাংকেতিক,
যাৰে তাৰে বাবে নহয়,
সি বোবা গুৰুৱে কলা শিষ্যক
(গুৰু
বোব
সে সীস কাল) বুজোৱা কিছুমান
ইংগিত
মাত্ৰ। বৃত্তিকাৰে সেই ভাষাক
সন্ধ্যাভাষা বা সন্ধ্যাবচন,
সন্ধ্যাসংকেত
বা সন্ধ্যা যি ভাষাৰ
অভীষ্ট মৰ্মাৰ্থ
গভীৰভাৱে অনুধ্যান
কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়।"
বুলি মন্তব্য কৰিছে। আচাৰ্য
মুনিদত্তইও ব্যাখ্যা কৰাৰ
প্ৰসংগত
সন্ধ্যাবচন, সন্ধ্যাসংকেত,
সন্ধা এনে শব্দৰে গূঢ়তত্ব
ব্যাখ্যা কৰিছে। গ্ৰন্থৰ
পবিত্ৰতা, সাধন
প্ৰণালীৰ গোপনীয়তা আৰু
গূঢ়তত্বৰ
গুৰুত্ব সন্ধ্যাভাষাত
সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ
ভাষা দ্ব্যথৰ্ক পাৰিভাষিক আৰু
আলংকাৰিক। উল্লেখযোগ্য যে,
সবৰ্সাধাৰণ জনগণে ব্যৱহাৰ
কৰা ভাষাৰ
মাধ্যমেৰেই ইয়াত ধমৰ্ৰ গূঢ়তত্ব
ব্যাখ্যা কৰা হৈছে। আইসন
চৰ্যা কুক্কুৰীপাএঁ গাই উ।
কোডি মাঝে একু হিঅহিঁ সমাইউ।। (২
নং চৰ্যা)
প্ৰধান কথাটি হ’ল এই কথ্য
ভাষাটি আছিল প্ৰাচীন [কামৰূপ]],
মগধ,
উত্কল, গৌড় আদি ঠাইৰ
উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই
সকলো ঠাইৰে আঞ্চলিক ভাষিক
বৈশিষ্ট্য মিহলি হৈ আছে।
সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ
নিজৰ নিজৰ
প্ৰাচীন সম্পত্তি বুলি দাবী
কৰে।
তদুপৰি চৰ্যাবোৰৰ
মাজোদি সমকালীন
সমাজ জীৱনৰ বিভিন্ন চিত্ৰ,
যেনে তুলা বা কপাহ ধুনা কাৰ্য,
শৱৰ,
ডোম প্ৰভৃতি কৰ্মজীৱীৰ
ব্যৱসায়িক
ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি,
নাৱৰীয়া আদিৰ
উল্লেখেৰে ঘৰুৱা চিত্ৰক,
দৈনন্দিক কমৰ্ক ৰূপক
হিচাপে ব্যৱহাৰ
কৰি ধৰ্মতত্ত্বৰ
ব্যাখ্যা আগবঢ়াইছে।
এক কথাত ক’ব পাৰি যে চৰ্যাত
ব্যৱহাৰিক জীৱনত সদায়
দোখি থকা বা উপলব্ধি কৰা চিত্ৰৰ
মাজোদি গভীৰ তাত্বিক
কথা এটি সহজ-
সৰলভাৱে উপস্থাপন
কৰিবলৈ বিচৰা হৈছো।
ড° বাণীকান্ত কাকতিযে চৰ্যাপদৰ
ভাষাৰ
লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ
কথা ধবনিতাত্ত্বিক আৰু
ৰপতাত্ত্বিক
বিশ্লেষণেৰে ফঁহিয়াই
দেখুৱাইছে। তলত
তাৰে কেইটিমান উল্লেখ কৰা হ’ল—
হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ
অবিচাৰিতভাৱে ব্যৱহত,
যেনে চুম্বি,
চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ।
অসমীয়াৰ দৰে চৰ্যাত কৰ্তা, কৰ্ম,
কৰণ আৰু অধিকৰণ কাৰক বাক্যত
বিভক্তিযুক্ত
নোহোৱাকৈ ব্যৱহাৰ হয়,
যেনে— বাঢ়ই সো তৰু সুভাসুভ
পানী (৪৫
নং), কামৰ ণাঅ (২নং)।
অসমীয়াৰ দৰে স্ত্ৰী বিভক্তিৰ
সম্বন্ধ পদৰ চিন ‘-ৰ’ ব্যৱহাৰ, হৰিণাৰ
খুৰ, ডোম্বীৰ সঙ্গে।
স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ
ব্যৱহাৰ,
যেনে— হৰিনী, দোৱী, জোইণি।
পুৰণি অসমীয়াত প্ৰচলিত তত্সম,
অৰ্দ্ধ-তত্সম, তদ্ভৱ আৰু দেশী শব্দৰ
ব্যৱহাৰ। যেনেঃ তত্সম শব্দ- অৱকাশ,
অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক;
অৰ্দ্ধ-তত্সম শব্দ- গৰাহক < গ্ৰাহক,
পৰস < স্পৰ্শ, পহাৰা < প্ৰহৰ; তৎভৱ
শব্দ- সমধৰ < শশধৰ, সোণ < সুৱৰ্ণ,
কামৰু < কামৰূপ; দেশী শব্দ- টাকলি,
ভিডি, খাল, ঘাট ইত্যাদি।
পয়াৰ, অনুষ্টুভ, পাদাকুলক
আদি মাত্ৰাবৃত্ত
ছন্দসজ্জাৰে ৰচিত এই
চৰ্যাবোৰৰ মাজোদি উদ্ভৱ কালৰ
অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ
এটি ৰক্ষিত হৈছে।
প্ৰসংগ পুথি
কটকী, প্ৰফুল্ল (২০০৫); সাহিত্য
সংজ্ঞা কোষ;জ্যোতি প্ৰকাশ,
পাণবজাৰ, গুৱাহাটী-১।
কাকতি, বাণীকান্ত
(১৯৫৮);পুৰণি অসমীয়া সাহিত্য,
লয়াৰ্ছ
বুক ষ্টল, পাণবজাৰ, গুৱাহাটী-১।
গোস্বামী, প্ৰফুল্লদত্ত
(১৯৯৪);অসমীয়া জন-সাহিত্য,
বাণী প্ৰকাশ, প্ৰাইভেট লিমিটেড,
পাণবজাৰ, গুৱাহাটা - ১।
গোস্বামী, যতীন্দ্ৰনাথ (১৯৯৪);
অসমীয়া সাহিত্যৰ চমু-বুৰঞ্জী,
মণি-
মাণিক প্ৰকাশ, পাণবজাৰ,
গুৱাহাটা - ১।
গোস্বামী, হোমচন্দ্ৰ
(১৯২৪);অসমীয়া সাহিত্যৰ চানেকি,
কলিকতা বিশ্ববিদ্যালয়,
কলিকতা।
চক্ৰৱৰ্তী, মঞ্জু; হাজৰিকা,
কৰবী ডেকা (২০০৪); চৰ্যাপদ আৰু
বৰগীত, বনলতা, নতুন বজাৰ,
ডিব্ৰুগড়৷
নেওগ, ডিম্বেশ্বৰ
(১৯৫৮);অসমীয়া সাহিত্যৰ
বুৰঞ্জী,
যোৰহাট।
নেওগ, মহোশ্বৰ
(২০০০);অসমীয়া সাহিত্যৰ ৰপৰেখা,
চন্দ্ৰ প্ৰকাশ, পানবজাৰ,
গুৱাহাটী-১।
শৰ্মা, স্যতেন্দ্ৰনাথ (১৯৯৬);
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক
ইতিবৃত্ত, সৌমাৰ প্ৰকাশ,
ৰিহাবাৰী,
গুৱাহাটী।
হাজৰিকা, পৰীক্ষিত (১৯৮৭);চৰ্যাপদ,
ডালিমী প্ৰকাশ, ফটাশিল, আমবাৰী,
গুৱাহাটী৷
হাজৰিকা, বিশ্বেশ্বৰ (২০০৩);
অসমীয়া সাহিত্যৰ বুৰঞ্জী
(প্ৰথম
খণ্ড), আনন্দৰাম বৰুৱা ভাষা কলা-
সংস্কৃতি সংস্থা, অসম।
বন্দোপাধ্যায়, অসিত কুমাৰ (১৯৭৬)
;
বাংলা সাহিত্যেৰ ইতিবৃত্ত,
কলিকতা।
সেন, সুকুমাৰ (১৯৭৬);
বাঙ্গালা সাহিত্যেৰ ইতিহাস (১ম
খণ্ড),
কলিকতা।